এম এছ ধোনীৰ জাৰ্চি নম্বৰ ৭ হ’ব নেকি ইতিহাস; আই পি এলৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত

এম এছ ধোনীৰ জাৰ্চি নম্বৰ ৭ হ’ব নেকি ইতিহাস;  আই পি এলৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত

আই পি এল ২০২৬ ৰ পূৰ্বে এম এছ ধোনীয়ে নিজৰ আইকনিক জাৰ্চি নম্বৰ ৭ ত্যাগ কৰি ৮ নম্বৰ গ্ৰহণ কৰাৰ ইংগিত দিছে।এই সিদ্ধান্তক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে জাৰ্চি

আই পি এল ২০২৬ ৰ পূৰ্বে এম এছ ধোনীয়ে নিজৰ আইকনিক জাৰ্চি নম্বৰ ৭ ত্যাগ কৰি ৮ নম্বৰ গ্ৰহণ কৰাৰ ইংগিত দিছে।এই সিদ্ধান্তক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে জাৰ্চি নম্বৰ সলনি কৰি ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে । ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ ৭ নম্বৰ জাৰ্চি বিগত দুটা দশকত তেওঁৰ পৰিচয় হৈ পৰিছে।

“থালা ৭” কেৱল এটা সংখ্যা নহয়, লাখ লাখ অনুৰাগীৰ বাবে ই এক আৱেগ।ইয়াৰ মাজতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই অনুৰাগীক স্তম্ভিত কৰি তুলিছে।য’ত ‘ধোনী’ক সৈতে ৮ নম্বৰৰ এটা জাৰ্চিৰ সৈতে দেখা গৈছিল।

ছ’চিয়েল মিডিয়াত এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰি ধোনীয়ে লিখিছে- কিছুমান নম্বৰ আপোনাৰ লগত থাকে…কিন্তু আজি মই ৮ লৈ পৰিৱৰ্তন কৰিছো। ইয়াৰ কাৰণ কি সেই কথা আপোনালোকে শীঘ্ৰেই গম পাব। এই বাৰ্তাই ক্ৰিকেটাৰ গৰাকীৰ অনুৰাগীসকলৰ মাজত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ ৫ গৰাকী বেটছমেন

শেহতীয়া প্ৰৱন্ধসমূহ