সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন গুজৰাটৰ দহোদত প্ৰধানমন্ত্ৰী মোদীয়ে ইঞ্জিন নিৰ্মাণ কাৰখানাকে ধৰি ২৪ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে । অপাৰেচন সিন্দুৰৰ সফলতাৰ পিছত এইটোৱেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গুজৰাট ভ্ৰমণ য’ত তেওঁ নিজৰ ৰাজ্যখনক হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূল প্ৰকল্প উপহাৰ দিয়ে । গুজৰাটত উপস্থিত

প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

গুজৰাটৰ দহোদত প্ৰধানমন্ত্ৰী মোদীয়ে ইঞ্জিন নিৰ্মাণ কাৰখানাকে ধৰি ২৪ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে । অপাৰেচন সিন্দুৰৰ সফলতাৰ পিছত এইটোৱেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গুজৰাট ভ্ৰমণ য’ত তেওঁ নিজৰ ৰাজ্যখনক হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূল প্ৰকল্প উপহাৰ দিয়ে ।

গুজৰাটত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে বদোদৰা আৰু দহোদত ৰোড শ্ব’ অনুষ্ঠিত কৰে, এই ৰোড শ্ব’ত জনসাধাৰণৰ বিপুল ভিৰ পৰিলক্ষিত হয় । তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে দহোদত জনসভা সম্বোধন কৰে । এই সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ কথা উল্লেখ কৰে । তেওঁ কয় যে সেন্দুৰ মচি পেলোৱাসকলৰ ধ্বংস নিশ্চিত । এয়া কেৱল সামৰিক অভিযান নহয়; বৰঞ্চ ই আমাৰ ভাৰতীয়সকলৰ মূল্যবোধ আৰু আৱেগৰ প্ৰকাশ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোদীয়ে তিনিও সেনাক স্বতন্ত্ৰতা দিছিল আৰু আমাৰ সাহসী জোৱানসকলে যি কাম কৰিলে, যিটো কাম বিগত কেইবাটাও দশকত বিশ্বই দেখা নাছিল । আমি সীমান্তৰ সিপাৰে চলি থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান বিচাৰি ওলিয়ালো আৰু ২২ তাৰিখে তেওঁলোকে যি খেল খেলিছিল ৬ তাৰিখে নিশা ২২ মিনিটত সেয়া ধ্বংস কৰা হ’ল । যেতিয়া ভাৰতৰ এই কাৰ্যত পাকিস্তানী সেনাই দিগবিদিক হেৰুৱাই দুঃসাহস দেখুৱালে, তেতিয়া আমাৰ সামৰিক বাহিনীয়ে পাকিস্তানী সেনাকো পৰাস্ত কৰিলে ।

তেওঁ কয় যে বিভাজনৰ পাছত নৱগঠিত দেশখনৰ এটাই লক্ষ্য আছিল– ভাৰতক ঘৃণা কৰি আমাৰ প্ৰগতি ৰোধ কৰিবলৈ চেষ্টা কৰা, কিন্তু আমাৰ এটাই লক্ষ্য আছে- আগবাঢ়ি যোৱা, দৰিদ্ৰতা দূৰ কৰা আৰু এখন উন্নত ভাৰত গঢ়ি তোলা । সঁচা অৰ্থত উন্নত ভাৰত তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আমাৰ সশস্ত্ৰ বাহিনী শক্তিশালী হ’ব আৰু আমাৰ অৰ্থনীতিও শক্তিশালী হ’ব । আমি সম্পূৰ্ণ নিষ্ঠা আৰু দৃঢ়তাৰে সেই দিশত অহৰহ কাম কৰি আছো ।

ইয়াৰ পূৰ্বে ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি ২৬ মে’ । ২০১৪ চনৰ আজিৰ তাৰিখতে মই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো । প্ৰথমে গুজৰাটৰ ৰাইজে আশীৰ্বাদ দিলে, তাৰ পিছত কোটি কোটি ভাৰতীয়ই আশীৰ্বাদ দিলে ।

তেওঁ কয় যে আপোনালোক সকলো গুজৰাটবাসীয়ে মোক প্ৰচুৰ আশীৰ্বাদ দিলে আৰু পিছত দেশৰ কোটি কোটি লোকেও মোক আশীৰ্বাদ দিবলৈ কোনো কাৰ্পণ্য কৰা নাছিল । আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰে মই দিনে নিশাই দেশবাসীৰ সেৱাত নিয়োজিত হৈ থাকিলোঁ । এই বছৰবোৰত দেশে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যিবোৰ কল্পনাও কৰিব নোৱাৰা আৰু অভূতপূৰ্ব । এই বছৰবোৰত দেশখনে দশক পুৰণি বাধা অতিক্ৰম কৰিছে । প্ৰতিটো খণ্ডতে দেশখনে অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক : কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !

শেহতীয়া প্ৰৱন্ধসমূহ