ফটকা ফেক্টৰীত ভয়াৱহ বিস্ফোৰণ: ৮ জনৰ মৃত্যু

ফেক্টৰীটোত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় এক কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল

গুজৰাটৰ আহমেদাবাদৰ ৰামোল অঞ্চলত আজি বিয়লি এটা মুকলি ফটকা ফেক্টৰীত এক ভয়াৱহ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰামোল-গতৰাড ৰোডত থকা এই ফেক্টৰীটোত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় এক কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল ।

এই দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন শ্ৰমিকৰ মৃত্যু হৈছে আৰু ১০ জনতকৈও অধিক লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে বুলি বাতৰিত প্ৰকাশ । ঘটনাৰ পিছতে অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰু ১০৮ এম্বুলেন্সৰ জৰিয়তে আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । উদ্ধাৰ কাৰ্য এতিয়াও অব্যাহত আছে । বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষী আৰু বিভাগীয় সংস্থাই তদন্ত আৰম্ভ কৰিছে ।

মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা-

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে ভুক্তভোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত ভৰ্তি সোনম ৱাংচুক; যন্তৰ মন্তৰ খালী কৰিবলৈ নিৰ্দেশ দিল্লী আৰক্ষী

৬.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে

বৃহস্পতিবাৰে এক তীব্ৰ ভূমিপকম্পই কঁপাই যায় নিউজীলেণ্ডৰ চাউথ আইলেণ্ড । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩ । ভূমিকম্পৰ পাছতে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ (Te Anau) চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে । এই অঞ্চলটো ফিয়ৰ্ডলেণ্ডৰ দৰে বিখ্যাত পৰ্যটন থলীৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায় ।

নিউজীলেণ্ডৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই ৰাইজক সাগৰৰ পাৰ আৰু উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । অৱশ্যে প্ৰাৰম্ভিক তথ্য অনুসৰি, এই ভূমিকম্পৰ ফলত কোনো ডাঙৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই ।

আনহাতে, আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থা আৰু জাৰ্মানীৰ জিঅ’চাইন্স ৰিচাৰ্চ চেন্টাৰে এই ভূমিকম্পৰ তীব্ৰতা ৫.৯ বুলি লিপিৱদ্ধ কৰিছে । দুয়োটা সংস্থাৰ মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূগৰ্ভৰ ৫০ কিলোমিটৰতকৈও অধিক গভীৰতাত আছিল ।

গুজৰাটত তিনি মিনিটত দুটাকৈ জোকাৰণি

ইপিনে, ভাৰতৰ গুজৰাটৰ কচ্ছ জিলাতো বৃহস্পতিবাৰে তিনি মিনিটৰ ভিতৰত ভূমিকম্পৰ দুটাকৈ জোকাৰণি অনুভূত হয় ।

গান্ধীনগৰৰ ইনষ্টিটিউট অৱ চিচম’লজিকেল ৰিচাৰ্চৰ মতে প্ৰথমটো জোকাৰণি দুপৰীয়া ২:২০ বজাত অনুভূত হৈছিল আৰু ইয়াৰ প্ৰাবল্য আছিল ৩.৬ । যাৰ কেন্দ্ৰবিন্দু আছিল খাৱড়াৰ পৰা ৩২ কিলোমিটৰ উত্তৰ-পূবে ।

দ্বিতীয়টো জোকাৰণি ইয়াৰ ঠিক তিনি মিনিট পিছত, ২:২৩ বজাত অনুভূত হয় যাৰ প্ৰাবল্য আছিল ৩.২ । ইয়াৰ কেন্দ্ৰবিন্দু ধোলাৱীৰাৰ পৰা ৩২ কিলোমিটৰ পশ্চিম-উত্তৰত আছিল ।

বৰ্তমানলৈকে কচ্ছত ভূমিকম্পৰ বাবে কোনো ধৰণৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ অহা নাই । স্থানীয় প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী বানৰ পিছত এইবাৰ টাইফুন ‘বাভী’ৰ তাণ্ডৱ, ১৭ লাখৰো অধিক লোকক স্থানান্তৰ

পথৰ কাষত ৰৈ থকা তীৰ্থযাত্ৰীক মহতিয়ালে ট্ৰাকে; ৭ জনৰ মৃত্যু

গুজৰাটৰ সুৰেন্দ্ৰনগৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগত অহা এখন ট্ৰাকে মহতিয়াই নিলে তীৰ্থযাত্ৰীক।

গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথৰ দাঁতিৰে খোজ কাঢ়ি গৈ থকা ৭ জন তীৰ্থযাত্ৰীক এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই থৈ যায়। দুৰ্ঘটনাটোৰ ফলত ৭ জন লোক নিহত হাৱোৰ লগতে বহু লোক আহত হৈছে। জানিব পৰা মতে, লক্ষতাৰ-বিৰামগাম ঘাইপথত নিশা প্ৰায় ১.৩০ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়, যেতিয়া তীৰ্থযাত্ৰীৰ এটা দলে ৰাজকোটৰ পৰা বহুচৰাজীৰ এটা মন্দিৰলৈ শোভাযাত্ৰা কৰি গৈ আছিল।

জিলাখনৰ লখতৰ তালুকাৰ ভাস্কৰপুৰা গাঁৱৰ উপকণ্ঠ অঞ্চলত তীব্ৰবেগত অহা  এখন ট্ৰাকে এই ভক্তসকলক মহতিয়াই লৈ যায়। নিহত লোকসকলৰ ভিতৰত ৪ গৰাকী মহিলাও আছে।

আৰক্ষীৰ লোক-সকলে জনোৱা মতে, কিমান জন লোক আহত হৈছে সেই কথা স্পষ্টকৈ জানিব পৰা নাই। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালক গৰাকীয়ে পলায়ন কৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ভক্তসকল ৰাজপথত চিটিকি পৰিছিল।

লগতে পঢ়ক: ‘মহিলাৰ অংশগ্ৰহণে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব’; নাৰী শক্তি বন্দন অভিযানত প্ৰধানমন্ত্ৰী মোদী

মুকলি কৰা হ’ল জিপিএছচি মেডিকেল অফিচ প্ৰিলিমচ পৰীক্ষাৰ সময়সূচী…

জিপিএছচি মেডিকেল অফিচ প্ৰিলিমচ পৰীক্ষাৰ সময়সূচী

গুজৰাট লোকসেৱা আয়োগে আজি অৰ্থাৎ ১ অক্টোবৰ, ২০২৫ তাৰিখে মেডিকেল অফিচাৰ (এম অ’) নিযুক্তি ২০২৫ৰ প্ৰিলিম পৰীক্ষাৰ সময়সূচী gpsc.gujarat.gov.in অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিছে।

এনে পৰিস্থিতিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আবেদন কৰা পৰীক্ষাৰ্থীসকলে, অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ সময়সূচী পৰীক্ষা কৰি ডাউনলোড কৰিব পাৰিব।

জিপিএছচি মেডিকেল অফিচাৰ প্ৰিলিমছ পৰীক্ষা চলিত বৰ্ষৰ ৭ ডিচেম্বৰত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজা লৈকে নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে পৰীক্ষাৰ তাৰিখ ১২ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছিল।যোগ্য প্ৰাৰ্থীক জিপিএছচি মেডিকেল অফিচাৰ নিযুক্তি পৰীক্ষাৰ জৰিয়তে ১০০টা খালী পদত নিযুক্তি দিয়া হ’ব।

জিপিএছচি মেডিকেল অফিচাৰ প্ৰিলিমছ পৰীক্ষা ৩ ঘণ্টাৰ বাবে অনুষ্ঠিত হ’ব।য’ত ২০০ নম্বৰৰ ২০০ টা বহু পছন্দৰ প্ৰশ্ন (MCQ) সোধা হ’ব।

একে সময়তে প্ৰিলিম পৰীক্ষাত সফল হ’ব পৰা পৰীক্ষাৰ্থী,কেৱল সেই সকল লোকক হে সাক্ষাৎকাৰ ৰাউণ্ডৰ বাবে মাতি অনা হ’ব, যি সকলে ১০০ নম্বৰৰ বাবে অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস : জানক এই দিৱসৰ ইতিহাস আৰু গুৰুত্ব

৪ আল কায়দাৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ গুজৰাট ATS ৰ; ভয়ংকৰ আক্ৰমণৰ কৰিছিল পৰিকল্পনা

৪ আল কায়দাৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ ATS ৰ

গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোয়াড অৰ্থাৎ ATS এ এক ডাঙৰ সফলতা লাভ কৰিছে।স্কোয়াডটোৱে এক বৃহৎ অভিযানত আল কায়দাৰ মডিউল AQIS (ভাৰত উপমহাদেশৰ আল কায়দা)ক ধৰা পেলাইছে।

এই অভিযানত ATS এ চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। গুজৰাটৰ ২ জন, দিল্লী আৰু নয়দাৰ পৰা ১ জনকৈ গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা এই ধৃত সন্ত্ৰাসবাদী কেইটাৰ বয়স ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত। তথ্য লাভ কৰা হৈছে যে এই সন্ত্ৰাসবাদীসকলক ভাৰতত ডাঙৰ লক্ষ্য আৰু ডাঙৰ স্থানত আক্ৰমণ কৰাৰ দায়িত্ব দিয়াৰ কথা আছিল।

তদন্তত প্ৰকাশ পাইছে যে এই চাৰিজন সন্ত্ৰাসবাদী ছ’চিয়েল মিডিয়া এপৰ জৰিয়তে ইজনে সিজনৰ লগত সংযুক্ত আছিল। ইয়াৰ উপৰিও তেওঁলোকৰ সীমা অতিক্ৰম কৰা সংযোগো পোহৰলৈ আহিছে।

ধৃত সন্ত্ৰাসবাদীকেইটা মহম্মদ ফাৰ্দিন, পিতৃ- মহম্মদ ৰাইছ, ছাইফুল্লাহ কুৰেশ্বি, পিতৃ- মহম্মদ ৰফিক আৰু মহম্মদ ফৈক, পিতৃ- মহম্মদ ৰিজৱান বুলি চিনাক্ত কৰা হৈছে।

এই কথা ATS DIG সুনীল যোশীয়ে নিশ্চিত কৰিছে।তেওঁ কৈছে যে, গুজৰাট এ টি এছে AQIS (ভাৰতীয় উপমহাদেশৰ আল কায়দা)ৰ সৈতে জড়িত চাৰিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।

এ টি এছৰ তথ্য অনুসৰি তেওঁলোকে ভাৰতত বৃহৎ পৰিসৰৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।একে সময়তে এ টি এছৰ ডি আই জি সুনীল যোশীয়ে কয় যে বৰ্তমান সময়ত বিষয়টোৰ গভীৰ তদন্ত চলি আছে।

লগতে পঢ়ক: বৃদ্ধি হ’ল ভাৰতীয় সেনাৰ শক্তি; বয়িঙে ভাৰতক গতালে তিনিখন আপাচি হেলিকপ্টাৰ

দলং ভাগি নদীত পৰিল ৫ খনকৈ বাহন, ৯জনৰ মৃত্যু… প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

গুজৰাটৰ বদোদৰা জিলাত বুধবাৰে পুৱা চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি বহু কেইখন বাহন নদীত বাগৰি পৰে । এই ঘটনাত ৯ জন লোকৰ মৃত্যু হয় । উদ্ধাৰকাৰী দলে আন ৬ জনক উদ্ধাৰ কৰে । বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে । বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ভাঙি পৰে দলংখন । উল্লেখযোগ্য যে ৯০০ মিটাৰ দৈৰ্ঘ্যৰ এই গম্ভীৰা দলংখনে বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰিছে । এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । আনহাতে, দুৰ্ঘটনাটোত নিহতসকলক ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

বদোদৰাৰ জিলা আয়ুক্তই জনোৱা মতে, স্থানীয় সাঁতোৰবিদ, নাও আৰু পৌৰসভাৰ দলসমূহ ঘটনাৰ পিছতে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় । জৰুৰীকালীন সঁহাৰি কেন্দ্ৰ, এন ডি আৰ এফৰ দল আৰু অন্যান্য প্ৰশাসনিক আৰু আৰক্ষীৰ দলসমূহ ঘটনাস্থলীত উপস্থিত হয় । উদ্ধাৰ অভিযান চলি আছে । আমি এই পৰ্যন্ত ৯ টা মৃতদেহ উদ্ধাৰ কৰিছো । ৬ জন আহত হৈছে আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে ।

তেওঁ কয় যে এই দলংখন ১৯৮৫ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম সময়ে সময়ে কৰা হৈছে । এই দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণৰ তদন্ত কৰা হ’ব । মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কাৰিকৰী বিশেষজ্ঞৰ এটা দলক সেই স্থানলৈ প্ৰেৰণ কৰি দলংখন ভাঙি পৰাৰ কাৰণসমূহৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে । প্ৰাথমিক তথ্য অনুসৰি দুখন ট্ৰাক, এখন বলেৰো এছ ইউ ভি আৰু এখন পিকআপ ভানকে ধৰি চাৰিখন বাহন দলংখন পাৰ হোৱা অৱস্থাত হঠাতে ভাঙি মহিসাগৰ নদীত বাগৰি পৰে ।

লগতে পঢ়ক : পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; ১৬৯জন যাত্ৰীৰ হাহাকাৰ

ৰাজ্যিক মৰ্যদাৰে বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন; শ্ৰদ্ধাঞ্জলি জ্ঞাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

ৰাজ্যিক মৰ্যদাৰে বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীক সোমবাৰে ৰাজকোটত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু হৈছিল । ৰাজকোটৰ ৰামনাথপাৰা শ্মশানত শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বহু সংখ্যক লোক সমবেত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় ।

সোমবাৰে পুৱা মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীৰ মৃতদেহ গাৰ্ড অৱ অনাৰসহ পৰিয়ালৰ হাতত অর্পণ কৰা হয় ৷ ৰূপানীৰ মৃতদেহ ইমানেই জ্বলি গৈছিল যে চিনাক্ত কৰিব পৰা নগ’ল, সেয়ে দেওবাৰে তেওঁৰ মৃতদেহ আত্মীয়ৰ ডি এন এৰ নমুনাৰ সৈতে মিলাই চিনাক্ত কৰা হয় । ইয়াৰ পিছতে মৃতদেহটো ৰাজকোটলৈ অনা হয় । মৃতদেহটো ৰূপানীৰ বাসগৃহ পাওঁতে পথৰ দুয়োকাষে শাৰী পাতি থিয় হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায় ৰাইজে ।

ৰূপানীৰ সমৰ্থকে পুষ্প বৰ্ষণেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেন্দ্রীয় জলশক্তি মন্ত্রী তথা গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিল, ৰাজ্যপাল আচাৰ্য দেৱভ্রত, মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলকে ধৰি বহু নেতাই ৰূপানীক তেওঁৰ বাসগৃহত ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

সন্ধিয়া ৫ বজাৰ পৰা ৰূপানীৰ বাসগৃহৰ পৰাই তেওঁৰ শেষ যাত্ৰা আৰম্ভ হৈছিল । এই যাত্ৰাত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে । শেষ যাত্ৰা ৰাজকোটৰ বিভিন্ন পথেৰে পাৰ হৈ ৰামনাথপাৰা শ্মশানত উপস্থিত হয় । ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক : পুনৰ অসুস্থ ছোনিয়া গান্ধী; গংগাৰাম হাস্পতালত ভৰ্তি

‘আমি আমাৰ ব্ৰেণ্ড, মেড ইন ইণ্ডিয়াক লৈ গৌৰৱ কৰা উচিত’… গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

দুদিনীয়া গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দুটা দশকত গুজৰাটত কৰা সংস্কাৰৰ সৈতে জড়িত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই সময়ত গান্ধী নগৰৰ মহাত্মা মন্দিৰত ৫,৫৩৬ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি আমাৰ দেশৰ ব্ৰেণ্ডক লৈ গৌৰৱ কৰা উচিত । আমি মেক ইন ইণ্ডিয়াক লৈ গৌৰৱ কৰা উচিত । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি আমাৰ বেছিভাগ প্ৰয়োজনৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছো । কিন্তু এইবোৰ বস্তু এতিয়া দেশতে উপলব্ধ । আমাৰ প্ৰয়োজনীয় আৰু ভাল সামগ্ৰীৰ ৯০% তকৈ অধিক দেশতে উপলব্ধ । আমি সেইবোৰ ব্যৱহাৰ কৰা উচিত ।

কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোৰ মনত আছে যে আমি ষষ্ঠ স্থানৰ পৰা পঞ্চম স্থানলৈ গতি কৰি উদযাপন কৰিছিলো । এই মুহূৰ্তটো বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল, কিয়নো আমি ২৫০ বছৰ ধৰি আমাক শাসন কৰা একেখন দেশক অতিক্ৰম কৰিলো । এতিয়া আমি চতুৰ্থ স্থানত উপনীত হোৱাৰ লগে লগে তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ হেঁচা বাঢ়িছে । তাতকৈও অধিক দৃঢ়তাৰ প্ৰয়োজন । এই দেশখনে আৰু ৰৈ থাকিব নিবিচাৰে । কোনোবাই যদি আমাক ধৈৰ্য্য ধৰিব লাগে বুলি পৰামৰ্শ দিয়ে তেন্তে ‘মোদী হায় তোহ মোমকিন হায়’ বুলি কোৱা মাত শুনা যায় । গতিকে আমাৰ স্পষ্ট লক্ষ্য ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা ।‘

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ ২৬ মে’ত মই প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সুযোগ পাইছিলোঁ । সেই সময়ত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ১১ নম্বৰ স্থানত আছিল । এই সময়ছোৱাত আমি কৰ’নাৰ বিৰুদ্ধে যুঁজিছিলো আৰু লগতে ওচৰ-চুবুৰীয়াৰ পৰাও বিপদৰ সন্মুখীন হৈছিলো । প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈও আমি ইমান কম সময়ৰ ভিতৰতে ১১ নং বৃহত্তম অৰ্থনীতিৰ পৰা ৪ৰ্থ বৃহত্তম অৰ্থনীতিলৈ গতি কৰিবলৈ সক্ষম হ’লোঁ । প্ৰধানমন্ত্ৰীয়ে কয় যে আমি উন্নয়ন বিচাৰো, আমি প্ৰগতি বিচাৰো । প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ লক্ষ্য হৈছে… ২০৪৭ চনত ভাৰতৰ বিকাশ হ’ব লাগিব । আমি স্বাধীনতাৰ ১০০ বছৰ এনেদৰে উদযাপন কৰিম যাতে উন্নত ভাৰতৰ পতাকা বিশ্বত সগৌৰৱে উৰি থাকিব ।”

লগতে পঢ়ক : জাপানক অতিক্ৰমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিণত হ’ল ভাৰত…

‘ৰুটী নে গুলী…’ ভূজৰ পৰা পাকিস্তানক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাটৰ ভূজত এখন জন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক শক্তিশালী ভাষণ প্ৰদান কৰে । তেওঁ কয় যে ভাৰতে পৰ্যটনত বিশ্বাস কৰে কাৰণ পৰ্যটনে মানুহক সংযোগ কৰে আৰু বহুজাতিক বন্ধুত্বক শক্তিশালী কৰে । এই সভাৰ পৰাই তেওঁ পাকিস্তানক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে । তেওঁ পাকিস্তানৰ কঠোৰ সকিয়নী দি কয় যে, “পাকিস্তানে সন্ত্ৰাসবাদক পৰ্যটন বুলি গণ্য কৰে, যিটো সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি” আৰু “অপাৰেচন সিন্দুৰ হৈছে সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ এক অভিযান ।”

কচ্চৰ উন্নয়ন সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পূৰ্বতে কচ্চৰ যিকোনো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ভাষণ পাকিস্তানৰ পৰা আৰম্ভ হৈ শেষ হৈছিল যদিও তেওঁ ২০০১ চনত সিদ্ধান্ত লৈছিল যে তেওঁ এই বিষয়ত সময় নষ্ট নকৰে বৰঞ্চ কচ্চৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিব যাতে পাকিস্তানে ঈৰ্ষা কৰে । তেওঁ কয়, “আমি এনেকুৱা এক কচ্চ সৃষ্টি কৰিছো যে ইয়াৰ বিকাশ দেখি শত্ৰুৱে ঈৰ্ষা কৰে ।”

অপাৰেচন সিন্দুৰৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদৰ অন্ত পেলোৱা !

প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিৰ কথা উল্লেখ কৰি পাকিস্তানক কঠোৰ বাৰ্তা দি কয় যে, “যিয়ে আমাৰ তেজ বোৱাবলৈ চেষ্টা কৰিব তেওঁলোকক তেওঁলোকৰ নিজৰ ভাষাত উত্তৰ দিয়া হ’ব । ভাৰতৰ বিৰুদ্ধে চকু উঠোৱা সকলে মূল্য দিব লাগিব ।” লগতে তেওঁ অপাৰেচন সিন্দুৰৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে এই অভিযানৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ নিৰ্মূল আৰু মানৱতাক ৰক্ষা কৰা ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ মে’ৰ পিছত তেওঁ চেষ্টাত কোনো ত্ৰুটি ৰখা নাছিল । আনকি তেওঁ বিহাৰত মুকলিকৈ ঘোষণা কৰিছিল যে তেওঁ সন্ত্ৰাসবাদৰ আত্মগোপন স্থানসমূহ নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ কয় যে ১৫ দিন অপেক্ষা কৰাৰ পিছত যেতিয়া পাকিস্তানে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল তেতিয়া সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল । শ কিলোমিটাৰ দূৰলৈ গৈ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰে ভাৰতীয় সেনাই ।

পাকিস্তানী এয়াৰবেছ এতিয়াও আই চি ইউত!

প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৭১ চনৰ যুদ্ধত ভূজ বিমান ঘাটিত পাকিস্তানী সেনাই আক্ৰমণ কৰিছিল যদিও আমাৰ সাহসী মহিলাসকলে ইয়াৰ মুখামুখি হৈছিল । লগতে তেওঁ কয় যে ভাৰতীয় সেনাই সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ইমান শক্তিৰে দিছিল যে পাকিস্তানৰ বিমান ঘাটিসমূহ এতিয়াও আই চি ইউত আছে ।

পাকিস্তানক কঠোৰ বাৰ্তা-

প্ৰধানমন্ত্ৰী মোদীয়ে কচ্চৰ পৰা পাকিস্তানৰ জনসাধাৰণক আহ্বান জনাই যে যদি সন্ত্ৰাসবাদ ত্যাগ নকৰে তেন্তে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰত পৰিব । তেওঁ পাকিস্তানৰ যুৱক-যুৱতীসকলক বুজাবলৈ চেষ্টা কৰে যে সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে ধ্বংসাত্মক ।

লগতে পঢ়ক : ‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন