‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

গুজৰাটৰ দহোদত প্ৰধানমন্ত্ৰী মোদীয়ে ইঞ্জিন নিৰ্মাণ কাৰখানাকে ধৰি ২৪ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে । অপাৰেচন সিন্দুৰৰ সফলতাৰ পিছত এইটোৱেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গুজৰাট ভ্ৰমণ য’ত তেওঁ নিজৰ ৰাজ্যখনক হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূল প্ৰকল্প উপহাৰ দিয়ে ।

গুজৰাটত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে বদোদৰা আৰু দহোদত ৰোড শ্ব’ অনুষ্ঠিত কৰে, এই ৰোড শ্ব’ত জনসাধাৰণৰ বিপুল ভিৰ পৰিলক্ষিত হয় । তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে দহোদত জনসভা সম্বোধন কৰে । এই সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ কথা উল্লেখ কৰে । তেওঁ কয় যে সেন্দুৰ মচি পেলোৱাসকলৰ ধ্বংস নিশ্চিত । এয়া কেৱল সামৰিক অভিযান নহয়; বৰঞ্চ ই আমাৰ ভাৰতীয়সকলৰ মূল্যবোধ আৰু আৱেগৰ প্ৰকাশ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোদীয়ে তিনিও সেনাক স্বতন্ত্ৰতা দিছিল আৰু আমাৰ সাহসী জোৱানসকলে যি কাম কৰিলে, যিটো কাম বিগত কেইবাটাও দশকত বিশ্বই দেখা নাছিল । আমি সীমান্তৰ সিপাৰে চলি থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান বিচাৰি ওলিয়ালো আৰু ২২ তাৰিখে তেওঁলোকে যি খেল খেলিছিল ৬ তাৰিখে নিশা ২২ মিনিটত সেয়া ধ্বংস কৰা হ’ল । যেতিয়া ভাৰতৰ এই কাৰ্যত পাকিস্তানী সেনাই দিগবিদিক হেৰুৱাই দুঃসাহস দেখুৱালে, তেতিয়া আমাৰ সামৰিক বাহিনীয়ে পাকিস্তানী সেনাকো পৰাস্ত কৰিলে ।

তেওঁ কয় যে বিভাজনৰ পাছত নৱগঠিত দেশখনৰ এটাই লক্ষ্য আছিল– ভাৰতক ঘৃণা কৰি আমাৰ প্ৰগতি ৰোধ কৰিবলৈ চেষ্টা কৰা, কিন্তু আমাৰ এটাই লক্ষ্য আছে- আগবাঢ়ি যোৱা, দৰিদ্ৰতা দূৰ কৰা আৰু এখন উন্নত ভাৰত গঢ়ি তোলা । সঁচা অৰ্থত উন্নত ভাৰত তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আমাৰ সশস্ত্ৰ বাহিনী শক্তিশালী হ’ব আৰু আমাৰ অৰ্থনীতিও শক্তিশালী হ’ব । আমি সম্পূৰ্ণ নিষ্ঠা আৰু দৃঢ়তাৰে সেই দিশত অহৰহ কাম কৰি আছো ।

ইয়াৰ পূৰ্বে ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি ২৬ মে’ । ২০১৪ চনৰ আজিৰ তাৰিখতে মই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো । প্ৰথমে গুজৰাটৰ ৰাইজে আশীৰ্বাদ দিলে, তাৰ পিছত কোটি কোটি ভাৰতীয়ই আশীৰ্বাদ দিলে ।

তেওঁ কয় যে আপোনালোক সকলো গুজৰাটবাসীয়ে মোক প্ৰচুৰ আশীৰ্বাদ দিলে আৰু পিছত দেশৰ কোটি কোটি লোকেও মোক আশীৰ্বাদ দিবলৈ কোনো কাৰ্পণ্য কৰা নাছিল । আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰে মই দিনে নিশাই দেশবাসীৰ সেৱাত নিয়োজিত হৈ থাকিলোঁ । এই বছৰবোৰত দেশে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যিবোৰ কল্পনাও কৰিব নোৱাৰা আৰু অভূতপূৰ্ব । এই বছৰবোৰত দেশখনে দশক পুৰণি বাধা অতিক্ৰম কৰিছে । প্ৰতিটো খণ্ডতে দেশখনে অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক : কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !

আহমেদাবাদত বুলডজাৰ মেলা… আজিও অব্যাহত আছে বেদখল বিৰোধী অভিযান

গুজৰাটৰ আহমেদাবাদৰ চান্দোলা অঞ্চলত চলি থকা দ্বিতীয় পৰ্যায়ৰ বেদখল বিৰোধী অভিযান আজি দ্বিতীয় দিনৰ বাবে অব্যাহত আছে । এই অভিযানত প্ৰশাসনে বৃহৎ পৰিসৰত অবৈধ নিৰ্মাণসমূহ আঁতৰাইছে । উল্লেখ্য যে মুঠ ২.৫ লাখ বৰ্গমিটাৰতকৈ অধিক ভূমি বেদখলৰ পৰা মুক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাখনো বুলডজাৰ আৰু ৩০০০ৰো অধিক আৰক্ষী জোৱান এই স্থানত নিয়োগ কৰা হৈছে ।

‘এতিয়ালৈকে ৯৯.৯% কাম সম্পূৰ্ণ হৈছে’

বিষয়টোৰ তথ্য দি প্ৰশাসনে কয় যে কালিৰে পৰা চান্দোলা অঞ্চলত দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ হৈছে । ইয়াৰ পিছত এতিয়ালৈকে ৯৯.৯ শতাংশ ভঙাৰ কাম সম্পূৰ্ণ হৈছে । এতিয়া কিছুমান ধৰ্মীয় গাঁথনি আঁতৰোৱা হৈছে । উৰাবাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে জে চি পি য়ে । লগতে প্ৰশাসনে সম্পূৰ্ণ স্বচ্ছতাৰে আৰু আইনৰ পৰিসৰৰ ভিতৰত কাম কৰি আছে বুলি জানিবলৈ দিয়ে ।

অভিযান শান্তিপূৰ্ণভাৱে চলি আছে-

ইয়াৰ সমান্তৰালকৈ প্ৰশাসনে কয় যে কোনো ধৰণৰ হিংসা নোহোৱাকৈ এই কাৰ্য শান্তিপূৰ্ণভাৱে চলি আছে । লগতে প্ৰশাসনে স্থানীয় ৰাইজক সহযোগিতা বিচাৰি আবেদন জনাইছে । এই অভিযানৰ উদ্দেশ্য হৈছে মহানগৰীৰ চৰকাৰী ভূমি অবৈধ বেদখলৰ পৰা মুক্ত কৰি ইয়াৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰা ।

ৰাজকোটতো ভাঙি পেলোৱা হয় অবৈধ সম্পত্তি-

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজকোট চহৰত গুৰুতৰ অপৰাধৰ বাবে পঞ্জীয়নভুক্ত অভ্যাসগত অপৰাধীৰ ৬০টাতকৈও অধিক অবৈধ নিৰ্মাণ ভাঙি পেলোৱা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে মহানগৰ আৰক্ষী, ৰাজকোট পৌৰ নিগম আৰু ৰাজহ বিষয়াৰ কাৰ্যালয়ৰ যৌথ দলে ৰাইয়া গাম আৰু ৰৈয়া ধৰ অঞ্চলত উচ্ছেদ অভিযান চলায় । এই অঞ্চলসমূহ গান্ধীগ্ৰাম-২ থানাৰ সীমাৰ অন্তৰ্গত ।

গুজৰাটৰ জামনগৰত ভয়ংকৰ ঘটনা ; দুৰ্ঘটনাত পতিত জাগুৱাৰ যুঁজাৰু বিমান

গুজৰাটৰ জামনগৰত এখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।প্ৰতিৰক্ষা সূত্ৰৰ মতে, সুৱৰ্দা গাঁৱৰ বাহিৰৰ অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

য’ত জাগুয়াৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবা টুকুৰাও হৈ গৈছে। বিমানখনৰ টুকুৰাবোৰ বহু দূৰলৈ চিটিকি পৰিছিল।দুৰ্ঘটনাটোৰ পিছতে ধোঁৱাৰে সমগ্ৰ অঞ্চলটোত বিয়পি পৰে।

এই ঘটনাৰ এটা ভিডিঅ’ও প্ৰকাশ পাইছে, য’ত পাইলটজন আঘাতপ্ৰাপ্ত হৈ মাটিত পৰি আছে আৰু তেওঁৰ চাৰিওফালে মানুহৰ ভিৰ গোট খাইছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী প্ৰশাসন সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।পাইলটজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলেও সেই স্থানত উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণসমূহৰ তদন্ত আৰম্ভ কৰে।

গিৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী মোদীৰ জংঘল চাফাৰী; মহিলা বন কৰ্মচাৰীক সাক্ষাৎ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে সোমবাৰে পুৱা গুজৰাটৰ জুনাগড় জিলাৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত জংঘল চাফাৰী উপভোগ কৰে।

সোমনাথৰ পৰা অহাৰ পিছত, প্ৰধানমন্ত্ৰী মোদীয়ে চাচাঙৰ বন অতিথিশালা ‘সিংহ সদন’ত নিশাটো কটাই।প্ৰধানমন্ত্ৰী গৰাকীয়ে দেওবাৰে সন্ধিয়া সোমনাথ মন্দিৰত মহাদেৱক পূজা অৰ্চনা  কৰিছিল।

পুৱাই প্ৰধানমন্ত্ৰী গৰাকীয়ে  সিংহ সদনৰ পৰা জংঘল চাফাৰী কৰিবলৈ যায়। সেইসময়ত  কেইবাজনমান মন্ত্ৰী আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াও উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী মোডীয়ে চাচাংগীৰৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ (এনডব্লিউবিএল)সৈতে সপ্তম বৈঠকতো সভাপতিত্ব কৰিব।

এনবিডব্লিউএলত ৪৭ জন সদস্য আছে, যাৰ ভিতৰত আছে সেনা প্ৰধান, বিভিন্ন ৰাজ্যৰ সদস্য, অঞ্চলটোত কাম কৰা বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, আৰু বিভিন্ন ৰাজ্যৰ সচিব।

বৈঠকৰ পিছত, মোদীয়ে চাচানৰ কিছু সংখ্যক মহিলা বন কৰ্মচাৰীৰ সৈতেও কথা পাতিব।প্ৰধানমন্ত্ৰী মোদীয়ে গিৰ ৰাষ্ট্ৰীয় উদ্যানত কেইবাখনো ফটো তুলিছিল। তেওঁ সিংহৰ তোলা ফটোবোৰ শ্বেয়াৰ কৰিছে।

এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে এছিয়াৰ সিংহ সংৰক্ষণৰ বাবে ‘প্ৰজেক্ট লায়ন’ৰ অধীনত ২,৯০০ কোটি টকাতকৈও অধিক অনুমোদন জনাইছে।

এই সিংহবোৰৰ একমাত্ৰ বাসস্থান হৈছে গুজৰাট।বিবৃতিটোত কোৱা হৈছে যে বৰ্তমান, এছিয়াৰ সিংহবোৰে গুজৰাটৰ নখন জিলাৰ ৫৩ টা তালুকত প্ৰায় ৩০,০০০ বৰ্গ কিলোমিটাৰ বাস কৰে।

শোকাৱহ; ২০০ ফুট দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ নাছিক-গুজৰাট ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ২০০ ফুট দ’ খাৱৈত পৰিল  এখন যাত্ৰীবাহী বাছ।

দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত ৭ জন যাত্ৰীৰ মৃত্যু হয় আৰু আন ১৫ জন আহত হয়।

জানিব পৰা মতে বাছখন নাছিকৰ সপুতাৰা ঘাটহৈ চুৰাট অভিমুখে যাত্ৰা কৰি আছিল।বাছখনত বেছিভাগ যাত্ৰী মধ্য প্ৰদেশৰ আৰু নাছিকৰ তীৰ্থস্থানসমূহ দৰ্শন কৰিবলৈ আহিছিল।

যাত্ৰাটোৰ সময়ত এটা টাৰ্ণিঙত  বাছখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ লোক উপস্থিত হৈ বাছখনৰ পৰা যাত্ৰী সকলক উদ্ধাৰ কৰে। আহত সকলক ততাতৈয়াকৈ চিকিৎসাৱয়ত ভৰ্তি কৰোৱা হয়।  

‘অসমৰ হাতী বহি: ৰাজ্যলৈ পঠিওৱা নাই’; হাতী সৰবৰাহক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ স্পষ্টীকৰণ

হাতী সৰবৰাহৰ ভুৱা বাতৰিক লৈ সৰৱ হৈ উঠিছে অসম চৰকাৰ। সামাজিক মাধ্যমত শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা নাই বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক স্পষ্টিকৰণ দিছে।

দৰাচলতে দেওবাৰে গুজৰাটৰ কেইবাখনো এনিমেল এম্বুলেন্সত কেইবাটাও হাতী অসমৰ মাজেৰে লৈ যোৱা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

বহু লোকে দাবী কৰিছিল যে অসমৰ হাতী সমূহ গুজৰাটলৈ লৈ যোৱা হৈছে।সৰ্বত্ৰে চৰ্চাৰ অন্তত সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে।

অসমৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহৰ বাতৰিক অযুক্তিকৰ আৰু মিছা আখ্যা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ।তেওঁলোকে জানিবলৈ দিয়া মতে একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে ভুৱা বাতৰি।

শেহতীয়াকৈ প্ৰকাশ হোৱা কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্ট সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা, Assam Policeক টেগ কৰি CMO ASSAMৰ স্পষ্টীকৰণৰ পোষ্ট।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী কাৰ্যালয়ে পোষ্ট কৰে যে-ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা হোৱা নাই।

অসমক এনে কাৰ্যকলাপৰ সৈতে যুক্ত কৰি প্ৰকাশিত কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্ট সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা।

ভয়ংকৰ; উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ৩ জনৰ মৃত্যু

নৱবৰ্ষৰ আৰম্ভণিৰ পিছৰে পৰাই ইটোৰ পিছত সিটো বিমান দুৰ্ঘটনা সংঘটিত হৈ আছে। এইবাৰ গুজৰাটৰ পোৰবন্দৰ উপকূলৰক্ষী বাহিনী বিমানবন্দৰত এটা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে।

ইয়াত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এএলএইচ ধ্ৰুৱ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। গুজৰাটৰ পোৰবন্দৰত এটা নিয়মীয়া বিমানৰ প্ৰশিক্ষণ সময়ত এই ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, হেলিকপ্টাৰত দুজন পাইলটসহ তিনিজন সৈনিক আছিল। আইচিজি বিষয়াসকলে কৈছিল যে ঘটনাটোত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে।

ঘটনাটো শনিবাৰে দুপৰীয়া প্ৰায় ১২.১০ বজাত সংঘটিত হৈছিল। আইচিজিৰ এডভান্সড লাইট হেলিকপ্টাৰ (এএলএইচ) পোৰবন্দৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত তিনিজন ক্ৰু সদস্যৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।