কামত নাহিব পৰমাণু বোমাৰ ভাবুকি !
পৰমাণু বোমাৰ ভাবুকি কামত নাহিব বুলি পুনৰ পাকিস্তানক সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে বিকানেৰৰ পৰা অপাৰেচন সিন্দুৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰি পাকিস্তানক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ এপ্ৰিলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ সেনাই ২২ মিনিটত লয় । তেওঁ কয় যে পাকিস্তান আৰু সন্ত্ৰাসবাদীয়ে দেখিছে যেতিয়া সেন্দুৰ যেতিয়া বাৰুদলৈ পৰিণত হয় তেতিয়া কি হয় । প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে সেন্দুৰ মচিবলৈ ওলাই আহিছিল তেওঁলোকক মাটিৰ লগত মিহলি কৰি দিয়া হৈছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোদীৰ মগজু শীতল কিন্তু মোৰ ভিতৰত তেজ গৰম হৈ বৈ থাকে । তেওঁ কয় যে মোদীৰ শিৰাত গৰম সেন্দুৰ বৈ আছে । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ বাবে ৰঙা ৰেখা টানি স্পষ্ট কৰি দিয়ে যে যদি পাকিস্তানে এই সীমা অতিক্ৰম কৰিবলৈ চেষ্টা কৰে তেন্তে পাকিস্তানে নিজৰ ধ্বংসৰ আমন্ত্ৰণ জনাইছে । ভাৰতীয় বায়ুসেনাৰ বীৰত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে পাকিস্তানৰ ৰহিম য়াৰ খান বিমানঘাটি ভাৰতৰ আক্ৰমণৰ পিছত আই চি ইউত আছে আৰু কেতিয়া মুকলি হ’ব সেয়া জানিব পৰা হোৱা নাই ।
২২ এপ্ৰিল ২২ মিনিটলৈ সলনি হ’ল-
পহলগাম আক্ৰমণৰ এমাহ সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পহলগামত গুলী চলিল । কিন্তু ১৪০ কোটি দেশবাসীৰ হৃদয় গুলীয়ে বিন্ধিলে । দেশৰ প্ৰতিজন নাগৰিকে ঐক্যবদ্ধভাৱে সংকল্প লৈছিল যে সন্ত্রাসবাদীক নিঃশেষ কৰা হ’ব ৷ আমাৰ ভগ্নীৰ শিৰত থকা সেন্দুৰ নাইকিয়া কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ বাহিনীয়ে এনে চক্ৰবেহুৰ সৃষ্টি কৰিলে যে পাকিস্তানে আত্মসমৰ্পণ কৰিবলগীয়া হ’ল । ২২ তাৰিখে পহলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ২২ মিনিটত ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হয় । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি আমি সকলোৱে পালন কৰিছো ।
সেনদুৰ বাৰুদলৈ পৰিণত হ’লে কি হয়-
অপাৰেচন সিন্দুৰৰ কথা কওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সেন্দুৰ বাৰুদলৈ পৰিণত হ’লে কি হয় সেয়া বিশ্ব আৰু দেশৰ শত্ৰুপক্ষই দেখিছে । কাকতলীয়া কথা যে ৫ বছৰ পূৰ্বে বালাকোটত দেশখনে বিমান আক্ৰমণ চলোৱাৰ পিছত ৰাজস্থানৰ সীমান্তত মোৰ প্ৰথম জনসভা অনুষ্ঠিত হৈছিল । এই সাহসী ভূমিৰ তপস্যাই এনে কাকতলীয়া ঘটনা সৃষ্টি কৰে । এইবাৰ যেতিয়া অপাৰেচন সিন্দুৰ হৈছিল, তেতিয়া মোৰ প্ৰথম সভা হৈছে বীৰভূমি বিকানেৰত ।
যিয়ে সেন্দুৰ মচিবলৈ ওলাই আহিছিল তেওঁলোকক মাটিত মিহলি কৰা হ’ল-
নৰেন্দ্ৰ মোদীয়ে কয় যে আজি ৰাজস্থানৰ ভূমিৰ পৰা মোৰ দেশৰ জনসাধাৰণক বিনম্ৰভাৱে ক’ব বিচাৰিছো যে যিসকলে সেন্দুৰ মচিবলৈ ওলাই আহিছিল তেওঁলোক ধূলিলৈ পৰিণত হৈছে । ভাৰতৰ তেজ বোৱাই দিয়াসকলে আজি তাৰ প্ৰতিটো টোপালৰ মূল্য দিব লগা হৈছে । ভাৰত মৌন হৈ থাকিব বুলি ভবা সকলে আজি নিজৰ ঘৰত আত্মগোপন কৰি আছে । যিসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰক লৈ গৌৰৱ কৰিছিল তেওঁলোক আজি ধ্বংসাৱশেষত পোত গৈ আছে ।
আই চি ইউত আছে পাকিস্তানৰ ৰহিম য়াৰ খান ঘাটি-
পাকিস্তানী বিমান ঘাটিত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে মই যেতিয়া দিল্লীৰ পৰা ইয়ালৈ আহিছিলো তেতিয়া মই বিকানেৰৰ নল বিমান ঘাটিত অৱতৰণ কৰিছিলো । পাকিস্তানে এই বিমান ঘাটিটোৰ ক্ষতি কৰিব বিচাৰিছিল । কিন্তু তেওঁলোকে এই বিমানঘাটিটোৰ সামান্যতমো ক্ষতি কৰিব নোৱাৰিলে আৰু ইয়াৰ পৰা মাত্ৰ অলপ দূৰৈত, সীমান্তৰ সিপাৰে, পাকিস্তানৰ ৰহিম ইয়াৰ খান বিমানঘাটি; কেতিয়া আকৌ খোল খাব কোনেও নাজানে । বৰ্তমান এই এয়াৰবেছটো আই চি ইউত পৰি আছে । ভাৰতীয় সেনাৰ সঠিক আক্ৰমণে এই বিমান ঘাটিটো ধ্বংস কৰি পেলাইছে ।
লগতে পঢ়ক : ‘বিনাশ আৰু ধ্বংসই হ’ব একমাত্ৰ পৰিণাম…’ পাকিস্তানক কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ