আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস
৩০ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস (International Translation Day) পালন কৰা হয় । অনুবাদক, দোভাষী, পৰিভাষাবিদসকলৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে এই দিৱস উৎসৰ্গিত কৰা হৈছে । এই ভাষা বিশেষজ্ঞসকলে বিশ্বৰ সংস্কৃতিসমূহৰ মাজৰ ব্যৱধান দূৰ কৰে আৰু বিশ্বব্যাপী যোগাযোগৰ সুবিধা প্ৰদান কৰে, দেশসমূহৰ মাজত বুজাবুজি আৰু সহযোগিতাৰ পোষকতা কৰে ।
এই দিনটোৰ ইতিহাস-
এই দিৱসৰ বাবে ৩০ ছেপ্টেম্বৰ তাৰিখটো বাছি লোৱাৰ কাৰণ হ’ল যে, এই দিনটো অনুবাদকৰ পৃষ্ঠপোষক চেণ্ট জেৰমৰ দিন । চেন্ট জেৰম চতুৰ্থ-পঞ্চম শতিকাৰ এজন পুৰোহিত আছিল আৰু বাইবেলৰ বহু অংশ লেটিন ভাষালৈ অনুবাদ কৰাৰ বাবে তেওঁ আটাইতকৈ বিখ্যাত আছিল । ১৯৫৩ চনত প্ৰতিষ্ঠা হোৱা আন্তৰ্জাতিক অনুবাদক ফেডাৰেচনে ১৯৯১ চনত বিশ্ব অনুবাদ সম্প্ৰদায়ক সন্মান জনাই অনুবাদকৰ বাবে আনুষ্ঠানিক দিৱসৰ প্ৰস্তাৱ আগবঢ়ায় । ইয়াৰ পিছত ২০১৭ চনৰ ২৪ মে’ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৩০ ছেপ্টেম্বৰক আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে ।
ভাষাত ধাৰলৈ লোৱা শব্দ
আপুনি জানেনে বহু ভাষাত কিছুমান শব্দৰ অৰ্থ প্ৰায় একে, তথাপিও ইয়াৰ প্ৰত্যক্ষ অনুবাদ নাই । এইবোৰক ধাৰলৈ লোৱা শব্দ বোলে । উদাহৰণস্বৰূপে, প্ৰযুক্তিগত, শৈক্ষিক, সাংস্কৃতিক প্ৰভাৱৰ বাবে অসমীয়া বা হিন্দীত বহুতো ইংৰাজী শব্দ সন্নিবিষ্ট কৰা হৈছে, যেনে ৰেডিঅ’, টিভি, মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট, টিকট, চাইকেল, কোট, বাল্ব, হোটেল ইত্যাদি । এই সকলোবোৰ শব্দ ইংৰাজীৰ দৰেই অসমীয়া বা হিন্দীতো উচ্চাৰণ কৰা হয় ।
উল্লেখ্য যে, কিছুমান শব্দ সকলো ভাষাৰ মাজত একেই থাকে । ইয়াৰ কেইবাটাও কাৰণ আছে । যেতিয়াই কোনো নতুন প্ৰযুক্তি, ধাৰণা বা সামগ্ৰী কোনো সংস্কৃতিত প্ৰৱেশ কৰে, তেতিয়াই ইয়াৰ মূল নামটো আহি পৰে । এনে শব্দৰ অনুবাদ কৰিলে সেইবোৰ শব্দ অতি আচহুৱা যেন লাগিব পাৰে বা আনকি ইয়াৰ প্ৰভাৱো কমি যাব পাৰে । এই কাৰণেই মানুহে মূল শব্দটো ব্যৱহাৰ কৰাটো পছন্দ কৰে । উদাহৰণস্বৰূপে, কফি, চকলেট, বিস্কুটৰ মূল নাম থাকে আৰু প্ৰায় প্ৰতিটো ভাষাতে সেই নামেৰে চিনাকি হয় ।
লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ গাইডেন্স প্ৰদান কৰিব এ আইয়ে; শিক্ষা মন্ত্ৰালয়ৰ মাই কেৰিয়াৰ এডভাইজাৰ এপ মুকলি









