ATS

৪ আল কায়দাৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ গুজৰাট ATS ৰ; ভয়ংকৰ আক্ৰমণৰ কৰিছিল পৰিকল্পনা

৪ আল কায়দাৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ ATS ৰ গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোয়াড অৰ্থাৎ ATS এ এক ডাঙৰ সফলতা লাভ কৰিছে।স্কোয়াডটোৱে এক বৃহৎ অভিযানত আল কায়দাৰ মডিউল AQIS (ভাৰত উপমহাদেশৰ আল কায়দা)ক ধৰা পেলাইছে। এই অভিযানত ATS এ চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। গুজৰাটৰ ২ জন, দিল্লী

৪ আল কায়দাৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ ATS ৰ

গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোয়াড অৰ্থাৎ ATS এ এক ডাঙৰ সফলতা লাভ কৰিছে।স্কোয়াডটোৱে এক বৃহৎ অভিযানত আল কায়দাৰ মডিউল AQIS (ভাৰত উপমহাদেশৰ আল কায়দা)ক ধৰা পেলাইছে।

এই অভিযানত ATS এ চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। গুজৰাটৰ ২ জন, দিল্লী আৰু নয়দাৰ পৰা ১ জনকৈ গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা এই ধৃত সন্ত্ৰাসবাদী কেইটাৰ বয়স ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত। তথ্য লাভ কৰা হৈছে যে এই সন্ত্ৰাসবাদীসকলক ভাৰতত ডাঙৰ লক্ষ্য আৰু ডাঙৰ স্থানত আক্ৰমণ কৰাৰ দায়িত্ব দিয়াৰ কথা আছিল।

তদন্তত প্ৰকাশ পাইছে যে এই চাৰিজন সন্ত্ৰাসবাদী ছ’চিয়েল মিডিয়া এপৰ জৰিয়তে ইজনে সিজনৰ লগত সংযুক্ত আছিল। ইয়াৰ উপৰিও তেওঁলোকৰ সীমা অতিক্ৰম কৰা সংযোগো পোহৰলৈ আহিছে।

ধৃত সন্ত্ৰাসবাদীকেইটা মহম্মদ ফাৰ্দিন, পিতৃ- মহম্মদ ৰাইছ, ছাইফুল্লাহ কুৰেশ্বি, পিতৃ- মহম্মদ ৰফিক আৰু মহম্মদ ফৈক, পিতৃ- মহম্মদ ৰিজৱান বুলি চিনাক্ত কৰা হৈছে।

এই কথা ATS DIG সুনীল যোশীয়ে নিশ্চিত কৰিছে।তেওঁ কৈছে যে, গুজৰাট এ টি এছে AQIS (ভাৰতীয় উপমহাদেশৰ আল কায়দা)ৰ সৈতে জড়িত চাৰিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।

এ টি এছৰ তথ্য অনুসৰি তেওঁলোকে ভাৰতত বৃহৎ পৰিসৰৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।একে সময়তে এ টি এছৰ ডি আই জি সুনীল যোশীয়ে কয় যে বৰ্তমান সময়ত বিষয়টোৰ গভীৰ তদন্ত চলি আছে।

লগতে পঢ়ক: বৃদ্ধি হ’ল ভাৰতীয় সেনাৰ শক্তি; বয়িঙে ভাৰতক গতালে তিনিখন আপাচি হেলিকপ্টাৰ