লোকসভা নিৰ্বাচনত উৎসাহ প্ৰদৰ্শন কৰা নাছিল প্ৰৱাসী ভোটাৰে, আচৰিত কৰিছে নিৰ্বাচন আয়োগৰ তথ্যই

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰাত প্ৰৱাসী ভাৰতীয়সকলে যথেষ্ট উৎসাহ দেখুৱাইছিল যদিও ভোটাধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ উৎসাহ যথেষ্ঠ হ্ৰাস পাইছিল । আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ১.২ লাখ প্ৰৱাসী ভাৰতীয়ই ভোটাৰ তালিকাত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিল, কিন্তু এই বছৰৰ

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰাত প্ৰৱাসী ভাৰতীয়সকলে যথেষ্ট উৎসাহ দেখুৱাইছিল যদিও ভোটাধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ উৎসাহ যথেষ্ঠ হ্ৰাস পাইছিল । আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ১.২ লাখ প্ৰৱাসী ভাৰতীয়ই ভোটাৰ তালিকাত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিল, কিন্তু এই বছৰৰ লোকসভা নিৰ্বাচনত খুব কম সংখ্যকেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দেশলৈ আহিছিল ।

পৰিসংখ্যাই কি কয়-

তথ্য অনুসৰি ২০২৪ চনত ১,১৯,৩৭৪ জন লোকে প্ৰৱাসী ভোটাৰ হিচাপে পঞ্জীয়ন কৰিছিল, ইয়াৰে কেৰালাত সৰ্বাধিক ৮৯,৮৩৯ জন লোকে পঞ্জীয়ন কৰিছিল । কিন্তু ২০১৯ বৰ্ষত কেৰালাত প্ৰৱাসী ভোটাৰ হিচাপে ৯৯,৮৪৪ জন লোকৰ নাম পঞ্জীয়ন হৈছিল । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰৰ লোকসভা নিৰ্বাচনত ভাৰতলৈ আহিছিল মাত্ৰ ২,৯৫৮ জন প্ৰৱাসী ভোটাৰ । ইয়াৰে কেৱল কেৰালাৰ পৰা আছিল ২৬৭০ জন ভোটাৰ । কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডুৰ দৰে বহু বৃহৎ ৰাজ্যত প্ৰৱাসী ভোটাৰে একেবাৰে ভোটদান কৰা নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আহিছিল ৮৮৫ জন প্ৰৱাসী ভোটাৰ । মহাৰাষ্ট্ৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত ৫০৯৭ জন প্ৰবাসী ভোটাৰৰ ভিতৰত মাত্ৰ ১৭ জনে ভোটদান কৰিছিল ।

বৰ্তমানৰ নিৰ্বাচনী আইন অনুসৰি প্ৰৱাসী পঞ্জীয়নভুক্ত ভোটাৰসকলে নিজৰ নিজৰ লোকসভা আৰু বিধানসভা সমষ্টিলৈ আহি ভোটদান কৰিব লাগে । নিজৰ পৰিচয়ৰ প্ৰমাণ হিচাপে তেওঁলোকৰ মূল পাছপ’ৰ্ট দেখুৱাব লাগে । তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশত পঞ্জীয়নভুক্ত প্ৰৱাসী ভোটাৰ আছিল ৭,৯২৭, কিন্তু ভোট দিবলৈ মাত্ৰ ১৯৫ জনহে উপস্থিত হৈছিল । অসমত পঞ্জীয়নভুক্ত ১৯ জন ভোটাৰৰ কোনো এজনেও ভোটদান কৰা নাছিল । বিহাৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত ৮৯জন পঞ্জীয়নভুক্ত প্ৰবাসী ভাৰতীয় ভোটাৰ আছে । গোৱাতো একেধৰণৰ দৃশ্যপট দেখা গ’ল, য’ত ৮৪ জন ভোটাৰৰ কোনো এজনেও ভোটদান কৰা নাছিল ।

বৰ্তমান ডাকযোগে ভোটদানৰ কোনো সুবিধা নাই-

২০১৮ চনৰ আগষ্ট মাহত ১৬ সংখ্যক লোকসভাত প্ৰৱাসী যোগ্য ভাৰতীয়ক প্ৰক্সি ভোটিং অধিকাৰ প্ৰদানৰ বিধেয়ক গৃহীত হয় । কিন্তু এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব পৰা নগ’ল । ২০২০ চনত নিৰ্বাচন আয়োগে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ক ইলেক্ট্ৰনিকলি ট্ৰেন্সমিটেড ডাক বেলট চিষ্টেমৰ প্ৰস্তাৱ দিছিল । বৰ্তমান সেৱা আগবঢ়োৱা ভোটাৰেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব । প্ৰৱাসী ভোটাৰসকলে এই সুবিধা লাভ কৰিবলৈ অনুমতি দিবলৈ নিৰ্বাচনী নিয়মত পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব যদিও চৰকাৰে এই বিষয়ত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই ।

এইবোৰৰ বাবেই প্ৰৱাসী ভোটাৰৰ উৎসাহ কম-

নিৰ্বাচন আয়োগে কয় যে ডাক বেলটৰ জৰিয়তে ভোটদানৰ সুবিধা প্ৰদানৰ বাবে প্ৰবাসী ভাৰতীয়ৰ পৰা তেওঁলোকে কেইবাটাও অনুৰোধ লাভ কৰিছে । নিৰ্বাচন আয়োগে কয় যে ভ্ৰমণৰ খৰচ, বহিঃৰাষ্ট্ৰত কৰ্মসংস্থাপনৰ বাধ্যবাধকতা আৰু শিক্ষা আদি কাৰণত ভোটাৰসকলে ব্যক্তিগতভাৱে ভোটদান কৰিবলৈ ভাৰতলৈ আহিব নোৱাৰাটো প্ৰকাশ কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ