ভাৰতত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ আঁৰৰ কাৰণ কি কি  ? এছ বি আইয়ে প্ৰকাশ কৰিছে প্ৰতিবেদন…

বিগত লোকসভা নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যাত যথেষ্ট বৃদ্ধি পাই । এইবোৰৰ বাহিৰেও বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনতো মহিলা ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি হোৱা দেখা গৈছে । শেহতীয়াকৈ নিৰ্বাচনত মহিলা ভোটাৰৰ অংশগ্ৰহণ সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে । এই প্ৰতিবেদনত দাবী কৰা হৈছে যে সাক্ষৰতাৰ হাৰ এক শতাংশ বৃদ্ধিৰ ফলত মহিলা ভোটাৰৰ নিৰ্বাচনত অংশগ্ৰহণ ২৫ শতাংশ বৃদ্ধি পাইছে ।

৪৫ লাখ মহিলা ভোটাৰে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে-

এছ বি আইৰ প্ৰতিবেদনত দেশৰ সাক্ষৰতা আৰু নিৰ্বাচনত মহিলা ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ মাজৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰা হৈছে । প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ তুলনাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যা ১.৮ কোটি বৃদ্ধি পাইছে । ইয়াৰে ৪৫ লাখ ভোটাৰে সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে । প্ৰতিবেদনত এই কথাও কোৱা হৈছে যে সাক্ষৰতাৰ হাৰৰ বাহিৰেও গণতান্ত্ৰিক প্ৰক্ৰিয়াত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে আন কি কি কাৰক জৰিত আছে ।

এই কাৰকসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল-

প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে নিয়োগ আঁচনিসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ইয়াৰ বাবেই প্ৰায় ৩৬ লাখ মহিলা ভোটাৰে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল । পৰিষ্কাৰ-পৰিচ্ছন্নতাও আছিল এটা ডাঙৰ কাৰক যিয়ে মহিলাসকলক নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ প্ৰভাৱিত কৰিছিল । এছ বি আইৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে স্বচ্ছতাৰ অভিযান আৰু ইয়াৰ প্ৰভাৱৰ বাবে মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ২১ লাখ বৃদ্ধি পাইছে । এইবোৰৰ উপৰিও বিশুদ্ধ খোৱাপানী, বিদ্যুৎ আদিয়েও মহিলা ভোটাৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাইছে । কিন্তু এইবোৰৰ বাবে ভোট দিবলৈ অনুপ্ৰাণিত হোৱা মহিলাৰ সংখ্যা বৰ বেছি নহয় ।

ঘৰৰ মালিকীস্বত্বই ছবিখন সলনি কৰি দিলে-

প্ৰতিবেদন অনুসৰি মহিলা ভোটাৰৰ নিৰ্বাচনত অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰত মহিলাৰ ঘৰৰ মালিকীস্বত্বৰ অধিকাৰো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰায় ২০ লাখ মহিলা ভোটাৰ বৃদ্ধি হৈছে । উল্লেখযোগ্য যে পি এম আৱাস যোজনাৰ অধীনত আবণ্টিত ঘৰৰ ৭৪ শতাংশ ঘৰ মহিলাৰ । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মহিলা সবলীকৰণত পৰিছে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মহিলাসকলক উৎসাহিত কৰিছে ।

জনকল্যাণমূলক আঁচনিৰ বৃহৎ প্ৰভাৱ-

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে শিক্ষা, কৰ্মসংস্থাপন আৰু মৌলিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি মহিলা সবলীকৰণ শক্তিশালী কৰিব পৰা যায় আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পৰা যায় । এই কাৰকসমূহে কেৱল জীৱনৰ মান উন্নত কৰাই নহয়, গণতন্ত্ৰক শক্তিশালী কৰাৰ লগতে দেশৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ গঢ় দিয়ে ।

লোকসভা নিৰ্বাচনত উৎসাহ প্ৰদৰ্শন কৰা নাছিল প্ৰৱাসী ভোটাৰে, আচৰিত কৰিছে নিৰ্বাচন আয়োগৰ তথ্যই

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰাত প্ৰৱাসী ভাৰতীয়সকলে যথেষ্ট উৎসাহ দেখুৱাইছিল যদিও ভোটাধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ উৎসাহ যথেষ্ঠ হ্ৰাস পাইছিল । আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ১.২ লাখ প্ৰৱাসী ভাৰতীয়ই ভোটাৰ তালিকাত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিল, কিন্তু এই বছৰৰ লোকসভা নিৰ্বাচনত খুব কম সংখ্যকেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দেশলৈ আহিছিল ।

পৰিসংখ্যাই কি কয়-

তথ্য অনুসৰি ২০২৪ চনত ১,১৯,৩৭৪ জন লোকে প্ৰৱাসী ভোটাৰ হিচাপে পঞ্জীয়ন কৰিছিল, ইয়াৰে কেৰালাত সৰ্বাধিক ৮৯,৮৩৯ জন লোকে পঞ্জীয়ন কৰিছিল । কিন্তু ২০১৯ বৰ্ষত কেৰালাত প্ৰৱাসী ভোটাৰ হিচাপে ৯৯,৮৪৪ জন লোকৰ নাম পঞ্জীয়ন হৈছিল । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰৰ লোকসভা নিৰ্বাচনত ভাৰতলৈ আহিছিল মাত্ৰ ২,৯৫৮ জন প্ৰৱাসী ভোটাৰ । ইয়াৰে কেৱল কেৰালাৰ পৰা আছিল ২৬৭০ জন ভোটাৰ । কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডুৰ দৰে বহু বৃহৎ ৰাজ্যত প্ৰৱাসী ভোটাৰে একেবাৰে ভোটদান কৰা নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আহিছিল ৮৮৫ জন প্ৰৱাসী ভোটাৰ । মহাৰাষ্ট্ৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত ৫০৯৭ জন প্ৰবাসী ভোটাৰৰ ভিতৰত মাত্ৰ ১৭ জনে ভোটদান কৰিছিল ।

বৰ্তমানৰ নিৰ্বাচনী আইন অনুসৰি প্ৰৱাসী পঞ্জীয়নভুক্ত ভোটাৰসকলে নিজৰ নিজৰ লোকসভা আৰু বিধানসভা সমষ্টিলৈ আহি ভোটদান কৰিব লাগে । নিজৰ পৰিচয়ৰ প্ৰমাণ হিচাপে তেওঁলোকৰ মূল পাছপ’ৰ্ট দেখুৱাব লাগে । তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশত পঞ্জীয়নভুক্ত প্ৰৱাসী ভোটাৰ আছিল ৭,৯২৭, কিন্তু ভোট দিবলৈ মাত্ৰ ১৯৫ জনহে উপস্থিত হৈছিল । অসমত পঞ্জীয়নভুক্ত ১৯ জন ভোটাৰৰ কোনো এজনেও ভোটদান কৰা নাছিল । বিহাৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত ৮৯জন পঞ্জীয়নভুক্ত প্ৰবাসী ভাৰতীয় ভোটাৰ আছে । গোৱাতো একেধৰণৰ দৃশ্যপট দেখা গ’ল, য’ত ৮৪ জন ভোটাৰৰ কোনো এজনেও ভোটদান কৰা নাছিল ।

বৰ্তমান ডাকযোগে ভোটদানৰ কোনো সুবিধা নাই-

২০১৮ চনৰ আগষ্ট মাহত ১৬ সংখ্যক লোকসভাত প্ৰৱাসী যোগ্য ভাৰতীয়ক প্ৰক্সি ভোটিং অধিকাৰ প্ৰদানৰ বিধেয়ক গৃহীত হয় । কিন্তু এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব পৰা নগ’ল । ২০২০ চনত নিৰ্বাচন আয়োগে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ক ইলেক্ট্ৰনিকলি ট্ৰেন্সমিটেড ডাক বেলট চিষ্টেমৰ প্ৰস্তাৱ দিছিল । বৰ্তমান সেৱা আগবঢ়োৱা ভোটাৰেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব । প্ৰৱাসী ভোটাৰসকলে এই সুবিধা লাভ কৰিবলৈ অনুমতি দিবলৈ নিৰ্বাচনী নিয়মত পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব যদিও চৰকাৰে এই বিষয়ত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই ।

এইবোৰৰ বাবেই প্ৰৱাসী ভোটাৰৰ উৎসাহ কম-

নিৰ্বাচন আয়োগে কয় যে ডাক বেলটৰ জৰিয়তে ভোটদানৰ সুবিধা প্ৰদানৰ বাবে প্ৰবাসী ভাৰতীয়ৰ পৰা তেওঁলোকে কেইবাটাও অনুৰোধ লাভ কৰিছে । নিৰ্বাচন আয়োগে কয় যে ভ্ৰমণৰ খৰচ, বহিঃৰাষ্ট্ৰত কৰ্মসংস্থাপনৰ বাধ্যবাধকতা আৰু শিক্ষা আদি কাৰণত ভোটাৰসকলে ব্যক্তিগতভাৱে ভোটদান কৰিবলৈ ভাৰতলৈ আহিব নোৱাৰাটো প্ৰকাশ কৰিছে ।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচনৰ তথ্য; আন গণতন্ত্ৰৰ তুলনাত অভূতপূৰ্ব বুলি অভিহিত…

দেশত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰিছে । নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন আৰু চাৰিখন ৰাজ্যত অনুষ্ঠিত নিৰ্বাচন সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিছে । এই তথ্য অনুসৰি লোকসভা নিৰ্বাচনত ৬৪.৬৪ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল । বিশেষ কথাটো হ’ল যে, এই নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি আছিল । আয়োগে কয় যে ভাৰতৰ গণতন্ত্ৰ আন দেশৰ তুলনাত অভূতপূৰ্ব ।

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তথ্যৰ সৈতে জড়িত ৪২টা প্ৰতিবেদন আৰু চাৰিটা ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ (অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু ছিকিম) ১৪টাকৈ প্ৰতিবেদন প্ৰকাশ কৰে । আয়োগে কয় যে এই প্ৰতিবেদনসমূহে সমগ্ৰ বিশ্বৰ শিক্ষাবিদ, গৱেষক, নিৰ্বাচনী পৰ্যবেক্ষকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব । প্ৰতিবেদনত কোৱা হৈছে যে লোকসভা নিৰ্বাচনত ৬৪.৬৪ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিশ্ব অভিলেখ গঢ়িছিল । ২০২৪ চনত ১২,৪৫৯ খন মনোনয়ন দাখিল হোৱাৰ বিপৰীতে ২০১৯ চনত এই সংখ্যা আছিল ১১,৬৯২ । আনহাতে ২০২৪ চনত ৮,৩৬০ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । আনহাতে ২০১৯ চনত ৮,০৫৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

আয়োগে কয় যে নিৰ্বাচনত মহিলা ভোটাৰৰ অংশগ্ৰহণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । প্ৰতিবেদন অনুসৰি লোকসভা নিৰ্বাচনত পুৰুষতকৈ মহিলা ভোটাৰে অধিক অংশগ্ৰহণ কৰিছিল । এয়া অতি উৎসাহজনক ফলাফল । আয়োগে কয় যে লোকসভা নিৰ্বাচনত ৬৫.৭৮% মহিলা ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল । আনহাতে ৬৫.৫৫% পুৰুষ ভোটাৰে ইয়াত অংশগ্ৰহণ কৰিছিল । ২০২৪ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মহিলা প্ৰাৰ্থীৰ সংখ্যা আছিল ৮০০ গৰাকী । আনহাতে ২০১৯ চনত এই সংখ্যা আছিল ৭২৬ ।

আয়োগে কয় যে ২০১৯ চনৰ তুলনাত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪৬.৪% বৃদ্ধি পাইছে । ২০২৪ চনত ৯০,২৮,৬৯৬ জন দিব্যাংগ ভোটাৰ পঞ্জীয়ন হৈছিল । আনহাতে ২০১৯ চনত এই সংখ্যা আছিল ৬১,৬৭,৪৮২ । আয়োগে লগতে কয় যে ২০১৯ চনত ৫৪০টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । আনহাতে ২০২৪ চনত মাত্ৰ ৪০টা ভোটকেন্দ্ৰতহে পুনৰ ভোটগ্ৰহণ হয় । যিটো মুঠ ১০.৫২ লাখ ভোটকেন্দ্ৰৰ ০.০০৩৮ শতাংশ ।

প্ৰতিবেদনত লোকসভাৰ আসন, বিধানসভাৰ আসন, ৰাজ্যভিত্তিক ভোটাৰৰ সংখ্যা, ভোট কেন্দ্ৰৰ সংখ্যা, ৰাজ্য আৰু লোকসভাৰ আসন অনুসৰি ভোটদান, দলভিত্তিক ভোটৰ ভাগ, লিংগভিত্তিক ভোটদান, ৰাজ্যভিত্তিক মহিলা ভোটাৰৰ অংশগ্ৰহণ, ৰাজ্যিক দলৰ প্ৰদৰ্শন, বিজয়ী প্ৰাৰ্থীৰ বিশ্লেষণ, সমষ্টিভিত্তিক বিশদ ফলাফল ইত্যাদি আৰু বহুত আছে ।

কেজৰিৱালৰ পদত্যাগৰ পৰা জম্মু-কাশ্মীৰ নিৰ্বাচনলৈ… ২০২৪ৰ কেইটামান গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিঘটনা

আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আমাৰ পৰা বিদায় ল’ব ২০২৪ বৰ্ষই । ২০২৪ বৰ্ষটোৱে দেশবাসীক সকলো ক্ষেত্ৰতে দিলে মিশ্ৰিত অভিজ্ঞতা । এই বছৰটোতে ৰাজনীতিৰ পৰা সংস্কৃতিলৈ, ব্যৱসায়ৰ পৰা ক্ৰীড়ালৈ দেশত ঘটিল অনেক গুৰুত্বপূৰ্ণ পৰিঘটনা । এই বছৰটোৱে এৰি থৈ গৈছে কিছু ঐতিহাসিক পৰিঘটনা যিয়ে হয়তো দেশৰ ৰাজনৈতিক পৰিস্থিতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব । এই বছৰটোতে নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচনা কৰে । গতিকে ৰাজনৈতিক ক্ষেত্ৰখনত ২০২৪ বৰ্ষত ঘটা কেইটামান গুৰুত্বপূৰ্ণ পৰিঘটনাৰ ওপৰত চকু ফুৰাওঁ আহক ।

লোকসভা নিৰ্বাচন ২০২৪-

১৯ ​​এপ্ৰিলৰ পৰা ১ জুনৰ ভিতৰত ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচন আছিল ২০২৪ বৰ্ষৰ অন্যতম বৃহৎ পৰিঘটনা । ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শাসকীয় মিত্ৰজোঁটে নিজৰ নিৰ্ধাৰিত লক্ষ্য – ‘অবকি বাৰ ৪০০ পাৰ’ হ’বলৈ সক্ষম নহ’ল । যদিও এন ডি এয়ে ৪০০ৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলেও কিন্তু ক্ষমতা অক্ষুণ্ণ ৰাখিলে । যাৰ ফলত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সক্ষম হয় । আনহাতে, বিৰোধীৰ ইণ্ডি ব্লকে ৰাজনৈতিক সৌভাগ্য অৰ্জন কৰাত ব্যৰ্থ হয় । অৱশ্যে কংগ্ৰেছে ৫২ৰ পৰা ৯৯খনলৈ আসন বৃদ্ধি কৰাত সফল হৈছিল ।

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন-

২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক বিশেষজ্ঞসকলক আচৰিত কৰি তুলিছিল । কিয়নো ৰাজ্যখনৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা শাসকীয় মহাযুটীয়ে ব্যাপক জয় লাভ কৰিব বুলি কোনেও আশা কৰা নাছিল । লোকসভা নিৰ্বাচনত হোৱা পৰাজয় অতিক্ৰমি বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৩২খন আসন লাভ কৰাৰ বিপৰীতে একনাথ শিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এন চি পিয়ে ক্ৰমে ৫৭ আৰু ৪১খন আসন লাভ কৰে । ইফালে কংগ্ৰেছ নেতৃত্বাধীন মহা বিকাশ আঘাড়ীয়ে এই নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত দলটোৱে আটাইতকৈ শোচনীয় প্ৰদৰ্শন কৰি মাত্ৰ ১৬খন আসনহে লাভ কৰে । শৰদ পাৱাৰৰ এন চি পি (এছ পি)য়ে মাত্ৰ ১০ খন আসন লাভ কৰাৰ বিপৰীতে উদ্ধৱ থাকৰে (ইউ বি টি)য়ে ২০ খন আসন লাভ কৰে ।

জম্মু-কাশ্মীৰ নিৰ্বাচন-

২০১৯ চনত বাতিল হোৱা ৩৭০ অনুচ্ছেদৰ অধীনত ৰাজ্যখনক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ এদশক পিছত অনুষ্ঠিত হোৱাৰ বাবে ২০২৪ চনৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় । ওমৰ আব্দুল্লাহ নেতৃত্বাধীন নেশ্যনেল কনফাৰেন্স (এন চি)য়ে এই নিৰ্বাচনত দৰ্শনীয় প্ৰত্যাৱৰ্তন কৰি ৪২খন আসন লাভ কৰে । বিজেপিয়ে ২৯খন আসন লাভ কৰাৰ বিপৰীতে মেহবুবা মুফতীৰ পি ডি পি-এ ১০খন আসন লাভ কৰে ।

হাৰিয়ানা নিৰ্বাচন-

ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত ক্ষমতা অক্ষুণ্ণ ৰাখে, য’ত এগজিট প’লত ক্ষমতা বিৰোধী ঢৌৰ দাবী কৰা হৈছিল । অৱশ্যে সেই সকলো এগজিট প’ল মিছা প্ৰমাণিত হয় । বিজেপিৰ সময়মতে মুখ্যমন্ত্ৰী সলনি কৰা কৌশলে (মনোহৰ লাল খট্টৰৰ ঠাইত নয়াব সিং ছৈনীক অধিষ্ঠীত কৰা) এই নিৰ্বাচনত কাম কৰিছিল ।

অৰবিন্দ কেজৰিৱালৰ পদত্যাগ-

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰাৰ বাবে দৃঢ়তাৰে অটল অৰবিন্দ কেজৰিৱালে ১৭ ছেপ্টেম্বৰত এক আশ্চৰ্যকৰ পদক্ষেপেৰে পদত্যাগ কৰি দলৰ সহযোগী আতিশীক এই পদ গ্ৰহণ কৰাৰ পথ মুকলি কৰি দিয়ে । আবকাৰী নীতি কেলেংকাৰী গোচৰত, জামিনত কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে প্ৰতিজ্ঞা কৰিছিল যে দিল্লীৰ জনসাধাৰণে ক্লিন চিট দিয়াৰ পিছতহে তেওঁ এই পদগ্ৰহণ কৰিব ।

জেললৈ গ’ল হেমন্ত ছোৰেন-

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বাবে ২০২৪ বৰ্ষটো অভূতপূৰ্ব আছিল । নতুন বছৰটোৱে তেওঁৰ বাবে এক ডাঙৰ জোকাৰণি কঢ়িয়াই আনিছিল, কিয়নো তেওঁ জানুৱাৰী মাহত খননৰ অভিযোগত জেললৈ যাবলগীয়া হয় । অৱশ্যে পিছত তেওঁ মুক্তি লাভ কৰে । জামিন লাভ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিৰোধী বিজেপিক পৰাস্ত কৰে । ২০২৪ চনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত তেওঁৰ দলটোৱে ৩৪খন আসন লাভ কৰে আৰু তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠীত হয় ।

মণিপুৰ বিষয়-

২০২৩ চনৰ মে’ মাহত মেইটেই আৰু কুকি-সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পিছত আৰম্ভ হোৱা জাতিগত হিংসাৰ বিষয়টো ২০২৪ চনতো সমাধান নোহোৱা বিষয় হৈয়ে থাকিল । এইবাৰো কেইবাবাৰো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত উত্তৰ-পূব ৰাজ্যখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে ।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নিৰ্বাচনী অভিষেক-

নেহৰু-গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাদ লোকসভাৰ উপ-নিৰ্বাচনত ৬৪.৯৯% ভোটৰে জয়লাভ কৰি নিৰ্বাচনী অভিষেক ঘটায় । ভাতৃ ৰাহুল গান্ধীয়ে খালী কৰা লোকসভাৰ আসন ৱায়ানাদৰ পৰা প্ৰিয়ংকাই বিপুল ব্যৱধানত জয়লাভ কৰে ।

উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তম-

২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল – ৱায়ানাদ আৰু ৰায়বৰেলী । দুয়োখন আসনতে তেওঁ জয়লাভ কৰে । গান্ধীয়ে তেওঁৰ পৰিয়ালৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা ৰায়বৰেলী আসনখন অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লয় । এয়া আছিল গান্ধীৰ বাবে দক্ষিণৰ পৰা উত্তৰলৈ এক বৃহৎ পৰিৱৰ্তন ।

নবীন পাটনায়কৰ পৰাজয়-

নবীন পাটনায়ক নিঃসন্দেহে ওড়িশাৰ আটাইতকৈ ডাঙৰ ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈ আহিছে যদিও ২০২৪ বৰ্ষটো তেওঁৰ বাবে এক ডাঙৰ বিপৰ্যয় হিচাপে প্ৰমাণিত হ’ল । বিজেপিৰ হাতত অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হ’ল পাটনায়ক । ওড়িশা বিধানসভা নিৰ্বাচনত শাসকীয় দলটোৰ আসনৰ সংখ্যা ৫১খনলৈ হ্ৰাস পোৱাৰ বিপৰীতে গেৰুৱা দলটোৱে ৭৮খন আসন লাভ কৰি পাটনায়কৰ ২৪ বছৰীয়া শাসনৰ অন্ত পেলায় ।