পেহেলগাম আক্ৰমণৰ সন্ত্ৰাসবাদীৰ খবৰ দিওতালৈ ২০ লাখ টকাৰ পুৰস্কাৰ; আৰক্ষীৰ ডাঙৰ ঘোষণা

বৰ্তমানলৈকে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত এজনো সন্ত্ৰাসবাদীক ধৰা পৰা নাই। সন্ত্ৰাসবাদীৰ সন্ধানত সেনা আৰু আৰক্ষী উভয়ে অহৰহ তালাচী অভিযান চলাই আছে। একে সময়তে এতিয়া জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ আৰক্ষীয়ে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ বিষয়ে তথ্য প্ৰদান কৰা সকলৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে। অনন্তনাগ আৰক্ষীয়ে

বৰ্তমানলৈকে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত এজনো সন্ত্ৰাসবাদীক ধৰা পৰা নাই। সন্ত্ৰাসবাদীৰ সন্ধানত সেনা আৰু আৰক্ষী উভয়ে অহৰহ তালাচী অভিযান চলাই আছে।

একে সময়তে এতিয়া জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ আৰক্ষীয়ে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ বিষয়ে তথ্য প্ৰদান কৰা সকলৰ বাবে  পুৰস্কাৰ ঘোষণা কৰিছে।

অনন্তনাগ আৰক্ষীয়ে পোষ্টাৰ জাৰি কৰি কৈছে যে মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰ পেহেলগামৰ বৈছাৰণত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত সকলৰ যিকোনো তথ্য দিয়া লোসকলক ২০ লাখ টকাৰ নগদ পুৰস্কাৰ দিয়া হ’ব।

তথ্যদাতাৰ পৰিচয় সম্পূৰ্ণ গোপনীয় কৰি ৰখা হ’ব বুলিও জানিবলৈ দিছে। ইয়াৰ বাবে দুটাকৈ ফোন নম্বৰো মুকলি কৰা হৈছে।