পাকিস্তানক পিয়াহত ৰখাৰ পৰিকল্পনা; ভাৰতে বন্ধ কৰিলে চেনাব নদীৰ পানী

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰতে সিন্ধুজল সন্ধি স্থগিত ৰাখি পাকিস্তানৰ ফালে বৈ যোৱা পানী নিয়ন্ত্ৰণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

সূত্ৰ অনুসৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ মথাউৰিৰ পানীৰ সোঁত বন্ধ কৰি দিয়াৰ লগতে ঝেলুমৰ উপনৈ কিষাংগংগা মথাউৰিতো শীঘ্ৰে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

বাগলীহাৰ বান্ধ (জম্মুৰ ৰামবান জিলাত) আৰু কিষাংগংগা বান্ধ (উত্তৰ কাশ্মীৰ)ৰ দ্বাৰা ভাৰতক পানীৰ সোঁতৰ সময় নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰা হয়।

দশক দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছতে ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ দালালিত সিন্ধু নদী ব্যৱস্থাৰ জলভাগৰ ভাগ-বতৰা সম্পৰ্কে এখন চুক্তি স্বাক্ষৰ কৰে।

ইয়াৰ পূৰ্বেও পাকিস্তানে বাগলীহাৰ বান্ধ সন্দৰ্ভত বিশ্ব বেংকৰ পৰা মধ্যস্থতা বিচাৰিছিল, যি দুয়োখন দেশৰ মাজত বিতৰ্কৰ বিষয় হৈ পৰিছিল।

পাকিস্তানে কিষাংগংগা বান্ধ, সন্দৰ্ভতো আইনী আৰু কূটনৈতিক আপত্তি উত্থাপন কৰি আহিছে। বিশেষকৈ নীলম নদীত ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত।

ভাৰতৰ এই নীতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী সঁহাৰি হিচাপে দেখা গৈছে,য’ত তেওঁ এতিয়া জলসম্পদৰ জৰিয়তেও চাপ সৃষ্টিৰ নীতি গ্ৰহণ কৰিছে।

‘কোনো জয়ী নহয়,অৱশ্যে…’;ভাৰত আৰু পাকিস্তানৰ যুদ্ধক লৈ এ আইৰ ভৱিষ্যদ্বাণী

পেহেলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে দেশবাসীৰ ক্ষোভ তুংগত উঠিছে।বহুতে দাবী কৰিছে যে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব লাগে।

কিন্তু কেতিয়াবা ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ হ’লে কি হ’ব বুলি আপুনি কেতিয়াবা ভাবিছেনে? এই প্ৰশ্নত কৃত্ৰিম বুদ্ধিমত্তাই যি উত্তৰ দিছে সেইটো আচৰিত ধৰণৰ।

এআইয়ে কয় যে এনে যুদ্ধৰ ফলত কেৱল দুখন দেশেই নহয় সমগ্ৰ বিশ্বক ধ্বংস দিশলৈ ঠেলি দিব। ইয়াৰ ফলত কোটি কোটি লোকৰ প্ৰাণ হেৰুৱাব পাৰে, বতৰ ব্যৱস্থাৰ অৱনতি ঘটিব পাৰে আৰু সমগ্ৰ মানৱতা বিপদত পৰিব পাৰে।

আচলতে কৃত্ৰিম বুদ্ধিমত্তাই কয় যে এই যুদ্ধত কোনেও জয়ী নহ’ব।মানৱতা হেৰাই যাব। দুয়োখন দেশৰে পাৰমাণৱিক শক্তি আছে।ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে প্ৰায় ১৭০-১৭২ টা পাৰমাণৱিক অস্ত্ৰ আছে।

য’ত পাকিস্তানৰ হাতত শ্বাহীন আৰু ঘাউৰী আদি মিছাইল আছে আনহাতে ভাৰতত অগ্নি-৫ৰ দৰে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ আৰু ব্ৰহ্মছৰ দৰে নিখুঁত ক্ৰুজ মিছাইল আছে।

PoK ত কাৰ্ফিউ!বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বন্ধ এটিএম; ভাৰতৰ এক্সনৰ পূৰ্বেই আতংক

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ প্ৰতিশোধৰ আশংকাই পাকিস্তানীক ইমানেই আতংকিত কৰিছে যে তাত কাৰ্ফিউৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।

পাকিস্তান অধিকৃত কাশ্মীৰ হাজাৰ হাজাৰ মাদ্ৰাছা আৰু বিদ্যালয়ৰ লগতে বেংক আৰু এটিএমও বন্ধ কৰি দিয়া হৈছে।

কাৰ্যালয়সমূহতো কেৱল জৰুৰীকালীন সেৱা প্ৰদান কৰা বিভাগসমূহহে মুকলি কৰা হৈছে।পাকিস্তান দখল কৰা কাশ্মীৰৰ হাজাৰৰো অধিক মাদ্ৰাছা ১০ দিনৰ বাবে বন্ধ হৈ পৰিছে।

ভাৰতৰ পৰা সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।পাকিস্তানী বেংকসমূহেও এল অ’ চিৰ সমীপৰ শাখাসমূহ বন্ধ কৰি দিছে।

পাকিস্তানৰ হাবিব বেংক লিমিটেডে পি অ’ কেত হঠাৎ বন্ধ কৰি দিছে শাখা।শাখাৰ বাহিৰত থকা জাননীখনত লিখা আছে যে এল অ’ চিত নিৰাপত্তাজনিত কাৰণত বেংকৰ এ টি এম বন্ধ হৈ আছে।

পাকিস্তান অধিকৃত কাশ্মীৰ চৰকাৰে আক্ৰমণৰ ভয়ত জীৱন কটাবলগীয়া হৈছে।তেওঁ স্থানীয় লোকসকলক দুমাহৰ বাবে ৰেচন সংগ্ৰহ কৰিবলৈ কৈছে।

PoKৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকে LoC ৰ কাষৰীয়া ১৩ খন জিলাত দুমাহৰ বাবে আটা, দালি আৰু চাউলৰ ৰেচন বিতৰণৰ নিৰ্দেশ দিয়া হৈছে। লগতে সকলোকে ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ কোৱা হৈছে।

ভাৰতে নিশ্চিতভাৱে আক্ৰমণ কৰিব বুলি বিশ্বাস পাকিস্তানৰ; নাগৰিকক ৰেচন আৰু পানী মজুত কৰিবৈল আহ্বান

পাকিস্তানে সম্পূৰ্ণ ৰূপে বিশ্বাস কৰিছে যে ভাৰতে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিব। সেয়েহে ভাৰতীয় সেনাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ পাকিস্তানে প্ৰতিটো স্তৰতে প্ৰস্তুতি আৰম্ভ কৰিছে।

খাইবাৰ পখতুনখোৱাত এয়াৰ ৰেইড চাইৰেন স্থাপন কৰাৰ লগতে সীমান্তৰ কাষৰীয়া গাঁৱৰ চাৰিওফালে বাংকাৰ নিৰ্মাণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ পিছত এতিয়া পাকিস্তান চৰকাৰে পি অ’ কেৰ নাগৰিকসকলক দীৰ্ঘদিনৰ বাবে খাদ্য শস্য মজুত ৰাখিবলৈ আহ্বান জনাইছে।যাতে যুদ্ধৰ সময়ত তাত থকা নাগৰিকে খাদ্য আৰু পানীৰ নাটনিৰ সন্মুখীন হ’ব নালাগে।

পাকিস্তান প্ৰশাসিত কাশ্মীৰে এই নিৰ্দেশ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতৰ সৈতে থকা প্ৰকৃত সীমান্তৰ ওচৰত বৰ্ধিত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে।

পাকিস্তানে এল অ’ চিৰ বাসিন্দাসকলক পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত কৰিবলৈ কৈছে। ইয়াৰ পৰা দেখা যায় যে পাকিস্তানে মানি লৈছে যে ভাৰতীয় সেনাই এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ নিশ্চিতভাৱে ল’ব।

পাকিস্তানে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কয়, তেওঁ সেই কথা আখৰে আখৰে পালন কৰে।

পাকিস্তান আৰ্মীৰ ক’লা অধ্যায়ত অতিষ্ঠ হানিয়া; নিজেই ব্যক্ত কৰিলে পেহেলগাম আক্ৰমণৰ সত্যতা

পেহেলগামৰ সন্ত্ৰাসবাদী নৰসংহাৰৰ ঘটনাৰ পিছত ভাৰত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তাৰে ভিতৰত ভাৰতত পাকিস্তানী তাৰকা সকলৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ কৰিছে।

এই ব্লক লিষ্টত ছ’চিয়েল মিডিয়াত আটাইতকৈ বেছি জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ নামো সন্নিবিষ্ট হৈছে।এনে অৱস্থাত হানিয়াই নিজৰ দেশৰ সৈন্যৰ বিৰুদ্ধে মুখ খুলিছে!

ইতিমধ্যে ভাৰতীয়ৰ সৈতে বন্ধুত্বৰ বাবে নিজৰ দেশত কেইবাবাৰো সমালোচনাৰ সন্মুখীন হৈছে হানিয়া।দৰাচলতে টুইটাৰত কেছাৰী নামৰ একাউণ্টোত হানিয়া আমিৰৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে।

সেই পোষ্টটোত লিখিছিল যে, ‘কাশ্মীৰত জেনেৰেল অসীম মুনিৰে যি কৰিলে তাৰ বাবেই ভাৰতত পাকিস্তানী উদ্যোগটোক নিষিদ্ধ কৰা হৈছে।আনকি ছ’চিয়েল মিডিয়া একাউণ্টতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল’।

‘মই ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক অনুৰোধ কৰিছো যে পাকিস্তানৰ জনসাধাৰণে একো কৰা নাই।পেহেলগাম হত্যাকাণ্ডৰ আঁৰত পাকিস্তানী সেনা আৰু ইছলামিক সন্ত্ৰাসবাদী আছে’।

‘গতিকে পাকিস্তানৰ বাকী ৰাইজক কিয় শাস্তি দিছে?আপোনালোকক অনুৰোধ কৰিছো যে পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক,কিন্তু নিৰীহ নাগৰিকৰ বিৰুদ্ধে নহয়’।

‘ভয় লগা হৈছে…’; পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ শুনি কান্দি উঠিল ভাৰতী সিং

বলীউডৰ অভিনেত্ৰী তথা লাফ্টাৰ ৰাণী বুলি জনাজাত ভাৰতী সিঙে কান্দি থকা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ কাশ্মীৰৰ পেহেলগাম উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে।

এই আক্ৰমণৰ খবৰে ভাৰতী সিংকো অতি দুখী কৰি তুলিছে আৰু তেওঁ কেইবাবাৰো উচুপি উঠিছিল।শেহতীয়াকৈ ভাৰতী সিঙে নিজৰ ব্লগত এই কথা প্ৰকাশ কৰিছে।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পোৱাৰ পিছৰে পৰা ৰাতি ভালদৰে শুব পৰা নাই ভাৰতী সিং।কেৱল এয়াই নহয় তেওঁ ৰাতি সাৰ পাইও কান্দি থাকে।

পেহেলগাম আক্ৰমণৰ কথা জানিব পাৰি শোকত ডুব গৈছিল ভাৰতী সিং।তেওঁ কৈছিল যে, ‘যোৱা কেইদিনমানৰ পৰা মই দুখী হৈ আছো, মোৰ অনুভৱবোৰ কোনোবাই বুজিব নে নাই নাজানো’।

‘ইনষ্টাগ্ৰামত পেহেলগাম আৰু জম্মু-কাশ্মীৰ সম্পৰ্কে বিধ্বংসী ভিডিঅ’ আৰু পোষ্ট দেখিছো আৰু সেইবোৰে মোৰ হৃদয় ভাঙি পেলাইছে’।

‘এই সকলোবোৰ দেখি মোৰ কেনে লাগিছে বুজাব পৰা নাই।আনকি সেই হৃদয় বিদাৰক দৃশ্যবোৰ চাই ৰাতি দুই-তিনিবাৰকৈ মই কান্দিলোঁ’।

‘সেই সৰু ল’ৰা-ছোৱালীবোৰ…তেওঁলোকৰ কথা ক’বলৈও সাহস নাই৷ভাৰতৰ প্ৰতিজন মধ্যবিত্ত ব্যক্তিয়ে বছৰত এবাৰ  দেশৰ ভিতৰতে ক’ৰবাত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে’।

‘কিন্তু এতিয়া মোৰ বৰ ভয় লাগিছে।এই বিষয়ত কি ক’ম বুজি পোৱা নাই। অনুগ্ৰহ কৰি শান্তি ৰাখক। ভাৰতীয় লোক সকল বহু মৰমীয়াল’।

‘কাশ্মীৰ আমাৰ, আমি আহিমেই…’; সন্ত্রাসবাদী আক্রমণৰ পাছত পেহেলগামত উপস্থিত বলীউডৰ অভিনেতা

বিগত ২৮ বছৰ ধৰি চলচ্চিত্ৰ জগতলৈ নিজৰ সৰ্বোত্তম অৱদান আগবঢ়োৱা প্ৰবীণ অভিনেতা অতুল কুলকাৰ্ণী কাশ্মীৰৰ উপত্যকাসমূহত ফুৰিবলৈ গৈছে।

অতুলে নিজৰ সামাজিক মাধ্যমত কাশ্মীৰলৈ যোৱা এখন খালী বিমান আৰু আক্ৰমণৰ পিছত তেওঁ পেহেলগামৰ কিছু ছবি শ্বেয়াৰ কৰিছিল যিবোৰ অতি সোনকালে ভাইৰেল হৈ পৰিছে।

ইয়াৰ সমান্তৰালকৈ তেওঁ সামাজিক মাধ্যমত ৰাইজক কাশ্মীৰলৈ আহিবলৈও আহ্বান জনায়।‘ৰং দে বসন্তী’ খ্যাতি অতুল কুলকাৰ্ণীয়ে এটা সাক্ষাৎকাৰত কাশ্মীৰলৈ যোৱাৰ আচল উদ্দেশ্যৰ বিষয়ে কৈছে।

তেওঁ কৈছে যে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত তেওঁ নিজেই কাশ্মীৰলৈ গৈছে যাতে মানুহক এটা শক্তিশালী বাৰ্তা দিব পাৰো যে ভয় কৰাৰ প্ৰয়োজন নাই।

অভিনেতা গৰাকীয়ে কৈছিল যে, ‘এইখন আমাৰ কাশ্মীৰ, আমাৰ দেশ, আমি নিশ্চয় আহিম’।তেওঁ লগতে কয় যে মুম্বাইত বহি এই কথা ক’লে ভুল হ’লহেঁতেন৷

সেইবাবেই ৰাইজক আশ্বস্ত কৰিবলৈ মই নিজেই কাশ্মীৰলৈ আহিছো।সন্ত্ৰাসবাদীৰ চিন্তাধাৰাৰ প্ৰতি আমি উত্তৰ দিব লাগিব।তেওঁ ক’লে, ‘এয়া আমাৰ কাশ্মীৰ আৰু আমি ইয়ালৈ আহি থাকিম’।

পেহেলগাম ঘটনাক লৈ কষ্টত ভুগিছে হিনা খান;  হিন্দু সকলৰ ওচৰত বিচাৰিলে ক্ষমা

চলিত মাহৰ ২২ তাৰিখে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে স্তম্ভিত কৰি তুলিছে অভিনেত্ৰী হিনা খানক।অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ দুখ প্ৰকাশ কৰিছে আৰু এই ঘটনাটোৰ নিন্দা কৰিছে। ইয়াৰ লগতে তেওঁ কাশ্মীৰী হোৱাৰ বাবে ক্ষমাও খুজিছে।

অভিনেত্ৰী গৰাকীয়ে লিখিছে যে, ‘শোকবাৰ্তা।এটা ক’লা দিন।নিন্দনীয়। মমতাৰ আহ্বান কৰিছো।যদি আমি বাস্তৱক গ্ৰহণ কৰাত ব্যৰ্থ হওঁ তেতিয়া একোৱেই গুৰুত্বপূৰ্ণ নহয়’।

‘বিশেষকৈ মুছলমান হিচাপে যদি আমি প্ৰকৃততে যি হৈছিল সেয়া মানি নলওঁ তেন্তে বাকী সকলোবোৰেই ঠিক তেনেকুৱাই কৰিব’।

তেওঁ এই সন্ত্ৰাসবাদী আক্ৰমণটোক লৈ ক্ষোভ প্ৰকাশ কৰি কৈছে যে, ‘যি ধৰণে এই আক্ৰমণটো নিৰ্দয়, অমানৱীয়, মগজু নোহোৱা সন্ত্ৰাসবাদীয়ে কৰিছে, যিয়ে নিজকে মুছলমান বুলি কয়, তেওঁলোক বহুত ভংয়কৰ’।

‘মই কল্পনাও কৰিব নোৱাৰো এজন মুছলমানক বন্দুক আগত ৰাখি নিজৰ ধৰ্ম ত্যাগ কৰিবলৈ কয় আৰু তথাপি তেওঁক হত্যা কৰে। এইটোৱে মোৰ হৃদয় ভাঙি পেলাইছে।’

মই সেই সকলক ঘৃণ কৰো, যিসকলে এই কাম কৰিছে।যিসকলে এই কাম কৰিলে, যি ধৰ্ম্মতেই নাথাকক কিয়, মোৰ বাবে তেওঁলোক মানুহ নহয়।একাংশ মুছলমানৰ এই কাৰ্যত মোৰ লাজ লাগিছে’।

‘মই নিজৰ সতীৰ্থ ভাৰতীয়সকলক প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকে যে আমাক বিচ্ছিন্ন নকৰে। আমি যদি ইজনে সিজনৰ লগত যুঁজিবলৈ আৰম্ভ কৰো তেন্তে আমি তেওঁলোকে বিচৰা কামটোৱে কৰিম,আমাক বিভাজিত কৰিবলৈ, যুঁজি থাকিবলৈ আৰু ভাৰতীয় হিচাপে আমি এনেকুৱা হ’বলৈ দিব নালাগে।’

তেওঁ লগতে কয় যে, এজন ভাৰতীয় হিচাপে মই নিজৰ দেশৰ সৈতে থিয় দিছো। এজন মুছলমান হিচাপে মোৰ সকলো সহযোগী হিন্দু আৰু সকলো ভাৰতীয়ৰ ওচৰত ক্ষমা বিচাৰিছো’।

‘মই এই ঘটনাক লৈ ন্যায় বিচাৰিছো। ইয়াক লৈ কোনো ৰাজনীতি নকৰিব, কোনো বিভাজন নকৰিব। জয় হিন্দ।

‘যুদ্ধৰ কোনো প্ৰয়োজন নাই…’ ; ছিদ্দাৰমাইয়াৰ মন্তব্যই পাকিস্তানী সংবাদ মাধ্যমৰ দখল কৰিলে শিৰোনাম

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ আছে।তাৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই এক বিতৰ্কিত মন্তব্য দিছে।

সাংবাদিকসকলে সোধা এটা প্ৰশ্নত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কৈছিল যে ‘পাকিস্তানৰ লগত যুদ্ধৰ প্ৰয়োজন নাই।মই ইয়াৰ পক্ষত নাই’।

‘সকলোতে শান্তি থাকিব লাগিব, মানুহে নিৰাপত্তা অনুভৱ কৰিব লাগে, আৰু কেন্দ্ৰীয় চৰকাৰে ফলপ্ৰসূ নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব’।

তাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্যৰ ভিডিঅ’ পাকিস্তানৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে।এই সন্দৰ্ভত বিজেপিয়ে সিদ্দাৰমাইয়াক আক্ৰমণ কৰিছে।

কৰ্ণাটক বিধানসভাৰ বিৰোধী দলপতি আৰ অশোকে কয় যে ‘সিদ্দাৰমাইয়াই পাকিস্তানৰ পুতলাৰ দৰে বক্তব্য দিছে’।

এই মন্তব্যৰ পিছত এতিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই স্পষ্টীকৰণ দিছে।তেওঁ সামাজিক মাধ্যমত লিখিছে যে, ‘যুদ্ধ সম্পৰ্কে মোৰ বক্তব্যক লৈ বিতৰ্ক আৰু আলোচনা হোৱা দেখিছো’।

‘যুদ্ধ সদায় এটা জাতিৰ শেষ বিকল্প হ’ব লাগে।পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত এই কথা আমাৰ দেশৰ জনসাধাৰণ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়কে স্পষ্ট কৰি দিছে যে আমাৰ চোৰাংচোৱা আৰু নিৰাপত্তা ব্যৱস্থাত গুৰুতৰ ত্ৰুটি আছিল’।

‘এতিয়া চৰকাৰৰ গুৰুতৰ দায়িত্ব হৈছে যে তেওঁলোকে সকলোতকৈ প্ৰথমে এই অভাৱবোৰ শুধৰাব লাগে আৰু ভৱিষ্যতে যাতে এনে ট্ৰেজেডী পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে’।

তেওঁ লগতে কয় যে, “এই জটিল মুহূৰ্তত, সমগ্ৰ বিশ্বৰ দেশসমূহে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দি ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় হৈছে”।

“আমি এই অভূতপূৰ্ব বিশ্বব্যাপী সমৰ্থনৰ সুবিধা ল’ব লাগিব আৰু পাকিস্তানক এনে কঠোৰ শাস্তি দিব লাগে যে তেওঁলোকে আৰু কেতিয়াও এনে কাম কৰিবলৈ সাহস নকৰে”।