পেহেলগাম আক্ৰমণৰ লগত জড়িত এজনো দোষী সাৰি নাযায়; NIA-এ তদন্তত লাভ কৰিছে গুৰুত্বপূৰ্ণ তথ্য

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত এতিয়া সন্ত্ৰাসবাদ বিৰোধী সংস্থা, ৰাষ্ট্রীয় তদন্ত সংস্থাই হাতত লৈছে৷কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছতে তদন্তকাৰী সংস্থাই এই বিষয়ত আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে।তদন্তকাৰী সংস্থাটোৱে প্ৰাথমিক তদন্তত গুৰুত্বপূৰ্ণ প্ৰমাণ পাইছে।

এই ঘটনাটোৰ পিছত বুধবাৰৰ পৰা অপৰাধস্থলীত উপস্থিত হৈ NIAৰ দলটোৱে প্ৰমাণৰ বাবে তদন্ত তীব্ৰতৰ কৰি তুলিছে। বৰ্তমান সন্ত্ৰাসবাদী আক্ৰমণৰ এজন মূল সাক্ষীক বিচাৰি পাইছে, যিজন এজন স্থানীয় ফটোগ্ৰাফাৰ।

আক্ৰমণৰ সময়ত এই ফটোগ্ৰাফাৰ গৰাকীয়ে এজোপা গছত উঠি সমগ্ৰ সন্ত্ৰাসবাদী আক্ৰমণটোৰ ৰেকৰ্ডিং কৰি আছিল।তদন্তকাৰী সংস্থাটোৱে বিশ্বাস কৰে যে ফটোগ্ৰাফাৰজনৰ ভিডিঅ’সমূহ এই গোচৰত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব।

ৰেকৰ্ডিং অনুসৰি, ‘প্ৰথম অৱস্থাত দুজন সন্ত্ৰাসবাদীয়ে এখন দোকানৰ আঁৰত লুকাই আছিল…তাৰ পিছত এই সন্ত্ৰাসবাদীসকলে ওলাই আহি প্ৰথমে তাত থকা লোকসকলক কলিমা পঢ়িবলৈ দিছিল।

কিন্তু কলিমা পঢ়িব নোৱাৰাৰ বাবে ৪ জন হিন্দু লোকক গুলিয়াই হত্যা কৰিছিল। ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোত আতংক বিয়পি পৰে আৰু মানুহবোৰ ইফালে সিফালে দৌৰিছিল।

এন আই এৰ দলসমূহে সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৰ জ্যেষ্ঠ বিষয়াসকলৰ তত্বাৱধানত যিসকলে নিজৰ চকুৰে এই ভয়ংকৰ আক্ৰমণটো দেখিছিল তেওঁলোকক জেৰা চলাই আছে।

‘যদি সিঁহতে ধৰ্মৰ কথা সুধি গুলিচালনা কৰিছিল, তেন্তে আপুনি অন্ততঃ…’; মন্ত্ৰী নিতেশ ৰাণেৰ বিস্ফোৰক মন্তব্য

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ফাড়নাৱিছ চৰকাৰৰ মন্ত্ৰী নিতেশ ৰাণেয়ে এটা বিতৰ্কিত মক্তব্য প্ৰদান কৰিছে।

ৰত্নাগিৰি জিলাৰ ডাপোলি তহচিলত আয়োজিত হিন্দু ধৰ্মীয় সমাৱেশত মঞ্চৰ পৰাই ৰাণে কৈছে যে-‘মুছলমানৰ পৰা বস্তু কিনিব নালাগে’।

‘যদি আমাৰ ধৰ্ম সুধি আমাক গুলীয়াই মাৰে, তেন্তে আপুনিও তেওঁলোকৰ ধৰ্ম সোধাৰ পিছতহে বস্তু কিনিব লাগে।যদি তেওঁলোকে হিন্দু বুলি কয়, তেন্তে তেওঁলোকক হনুমান চলিছা পাঠ কৰিবলৈ কওক…কাৰণ তেওঁলোকে মিছাও ক’ব পাৰে। কাৰণ তেওঁলোক নালায়ক হয়’।

‘কেৱল হিন্দু দোকানৰ পৰাহে সামগ্ৰী কিনিব লাগে।এই মানুহবোৰে(ঔৰংজেব) নিজৰ পৰিয়ালৰেই আপোন হ’ব নোৱাৰে তেন্তে আমাৰ কেনেকৈ হ’ব। এই লোকসকলে নিজৰ ধৰ্মক লৈ ইমানেই উন্মাদ তেন্তে আমি তেওঁলোকক কিয় ধনী কৰিম’।

তেওঁ লগতে কয় যে, ‘আপুনিA শপত লৈ এই ধৰ্মীয় সমাৱেশৰ পৰা ওলাই যাওক যে এতিয়াৰ পৰা আমি কেৱল হিন্দুৰ পৰাহে সামগ্ৰী কিনিম, তাৰ পিছত চাওক কেনেকৈ তেওঁলোকে কঁপিবলৈ আৰম্ভ কৰিব…’।

‘আমি সিহঁতক গাখীৰ খুৱাম আৰু তাৰ পিছত সিহঁতে আমাক কামুৰিব।সেই ঔৰংজেৱে পিতৃক হত্যা কৰিছিল, পৰিয়ালটো ধ্বংস কৰি নিজৰ ভাতৃক হত্যা কৰিলে’।

‘যিসকলে নিজৰ মানুহৰ কাষত থিয় নহ’ল, তেওঁলোকে আপোনাৰ ওচৰত কেনেকৈ থিয় দিব, এই বিষয়ে চিন্তা কৰক’।

‘দোষীক কাঠগড়াত থিয় কৰাব লাগে’;  পেহেলগাম ঘটনাক লৈ নিন্দা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক সমগ্ৰ বিশ্বতে গৰিহণা দিছে। ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কৈছে যে ‘দোষীক ন্যায়ৰ কাঠগড়াত থিয় কৰাব লাগে’।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জাৰি কৰা নিন্দামূলক প্ৰস্তাৱত কয় যে, ‘আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি সন্ত্ৰাসবাদ অন্যতম ভয়াৱহ ভাবুকি’।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হৈ এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে।

ইয়াত কোৱা হৈছে যে, সুৰক্ষা পৰিষদৰ সদস্যই ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে, য’ত কমেও ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

নিৰাপত্তা পৰিষদে এই জঘন্য সন্ত্ৰাসবাদী কাৰ্যৰ দোষীক, আয়োজক আৰু পৃষ্ঠপোষকক ন্যায়ৰ ওচৰলৈ অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

নিৰাপত্তা পৰিষদে সেই কথাত গুৰুত্ব আৰোপ কৰি কয় যে, হত্যাকাণ্ডৰ বাবে দায়ীসকলক জবাবদিহি কৰিব লাগিব। সুৰক্ষা পৰিষদে সকলো দেশকে আহ্বান জনাইছে যে সকলোৱে এই ক্ষেত্ৰত সহযোগীতা আগবঢ়াই।  

পুনৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে; LoC ত গোটেই নিশা গুলিচালনা, পাক পোষ্টৰ পৰা গুলিবৰ্ষন

পেহেলগামৰ আক্ৰমণৰ পিছতো পাকিস্তানে নিজৰ কুৎসিত কাৰ্যকলাপৰ পৰা বিৰত থকা নাই।পাকিস্তানে অহৰহ উলংঘা কৰি আছে যুদ্ধবিৰতি।

২৫–২৬ এপ্ৰিলৰ নিশা কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান সেনাবাহিনীৰ বিভিন্ন পোষ্টৰ পৰা গুলিচালনা কৰিছে।

ভাৰতীয় সৈন্যইও তাৰ উপযুক্ত উত্তৰ দিছে। বৰ্তমান কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই।ভাৰতীয় সেনাই এই তথ্য দিছে।

য়াৰ পূৰ্বে বৃহস্পতিবাৰৰ লগতে শুকুৰবাৰেও কাশ্মীৰ উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত ভাৰতীয় সেনাৰ ফৰৱাৰ্ড পোষ্টত গুলিচালনা কৰা হৈছিল।সেনাই ইয়াৰ উপযুক্ত উত্তৰ দিলে।

ভাৰতীয় সেনাৰ এজন বিষয়াই জনোৱা মতে, নিয়ন্ত্ৰণ ৰেখাৰ কিছু ঠাইত পাকিস্তানী সেনাই ক্ষুদ্ৰ অস্ত্ৰৰে গুলিচালনা কৰে।

ইয়াৰ উপযুক্ত উত্তৰ দিয়া হৈছে।একে সময়তে উত্তৰ কাশ্মীৰৰ এল অ’ চিৰ পৰিস্থিতিৰ বাবে স্থানীয় ৰাইজে ভয়ত কটাবলগীয়া হৈছে।

তেওঁৰ মতে, দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত শান্তি পুনৰুদ্ধাৰ হোৱাৰ বাবে এই অঞ্চলসমূহত শান্তিৰ লগতে উন্নয়নও হ’বলৈ আৰম্ভ কৰিছিল।

‘য’তেই লুকাই নাথাকক কিয়, সন্ত্ৰাসবাদীক বিচাৰি শাস্তি দিব লাগে’; জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে সেনা প্ৰধানক দিলে নিৰ্দেশ

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আজি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ সৈতে শ্ৰীনগৰত এক বৈঠকত মিলিত হয়।

এই বৈঠকত এল জিয়ে স্পষ্টকৈ সেনা প্ৰধানক কয় যে ‘পেহেলগাম আক্ৰমণৰ দোষীৰ লগতে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু পৰিৱেশ তন্ত্ৰকো ধ্বংস কৰা’।

তেওঁ লগতে কয় যে ‘সন্ত্ৰাসবাদীয়ে য’তেই আত্মগোপন কৰি আছে, তেওঁলোকক বিচাৰি উলিয়াওক আৰু তেওঁলোকৰ কৰ্মৰ বাবে কঠোৰ শাস্তি দিয়ক।সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত কৰা এই আক্ৰমণৰ গুৰুতৰ মূল্য দিব লাগিব’।

বৈঠকখনত সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ সৈতে জিঅ’চি কমাণ্ড সুচিন্দ্ৰ কুমাৰৰ, উপ সেনা মুৰব্বী লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু জিঅ’চি ১৫ কৰ্পৰ লেফটেনেণ্ট জেনেৰেল প্ৰশান্ত শ্ৰীবাস্তৱো উপস্থিত থাকে।

পেহেলগাম আক্ৰমণৰ পিছত অনুষ্ঠিত এই বৈঠকত, নিৰাপত্তা পৰিস্থিতি, সেনাৰ অভিযান, নিৰাপত্তা সংস্থাসমূহৰ সমন্বয় আৰু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কৌশলৰ বিষয়ে আলোচনা কৰা হয়।

প্ৰথমে মুক্তিত লগালে নিষেধাজ্ঞা; এতিয়া ইউটিউবৰ পৰা আঁতৰোৱা হ’ল আবিৰ গুলালৰ গীত

বাণী কাপুৰৰ বিপৰীতে অবিৰ গুলালৰ দ্বাৰা ভাৰতীয় চিনেমালৈ বহু প্ৰত্যাশিত ফাৱাদ খানৰ প্ৰত্যাৱৰ্তনৰ পথ ইতমধ্যে বন্ধ কৰিছে।

মুক্তিৰ মাত্ৰ কেইদিন মান পূৰ্বে কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা কৰুণ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ছবিখন বিতৰ্কৰ মাজত সোমাই পৰিছে।

ঘটনাটোৰ পিছতে ভাৰতবাসীয়ে পাকিস্তানৰ সকলো কলা-কুশলীক ভাৰতত নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। এই দাবীৰ ফলত ভাৰতত নিষিদ্ধ কৰা হ’ল ফাৱাদ খান অভিনিত আবিৰ গুলাল।

ইয়াৰ লগতে ছবিখনৰ মুক্তি পোৱা দুটাকৈ গীত এতিয়া ইউটিউব ইণ্ডিয়াৰ পৰা নোহোৱা হৈ গৈছে।এই গীত দুটা বৰ্তমান ভাৰতীয় দৰ্শকে ইউটিউবত বিচাৰি পোৱা নাই।

তদুপৰি চাউণ্ডট্ৰেকৰ আনুষ্ঠানিক অধিকাৰ থকা মিউজিক লেবেল ছাৰেগামাই নিজৰ ইউটিউব হেণ্ডেলৰ পৰা গীতসমূহ আঁতৰাই পেলাইছে।

পেহেলগাম কাণ্ডক লৈ ফেচবুকত সাম্প্ৰদায়িক পোষ্ট! আটক অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ এ.কে বাহাউদ্দিন চৌধুৰী

পেহেলগামকাণ্ডক লৈ সাম্প্ৰদায়িক পোষ্ট দি আটক হ’ল শিলচৰ অসম বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। শিলচৰ অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চাইন্স বিভাগৰ ছাত্ৰ এ.কে বাহাউদ্দিন চৌধুৰীয়ে সামাজিক মাধ্যমত দিছিল এটা বিতৰ্কিত পোষ্ট।

এ.কে বাহাউদ্দিন চৌধুৰীয়ে লিখিছিল যে “যেতিয়া মুছলমানক ‘জয় শ্ৰীৰাম’ নকলে হত্যা কৰা হয় । গৰু খোৱাৰ অপৰাধত হত্যা কৰা হয় ৷ তেতিয়া কিয় প্ৰতিবাদ নহয়”?

পেহেলগামৰ প্ৰসংগ উত্থাপন কৰি সামাজিক মাধ্যমত এনে পোষ্ট কৰি আৰক্ষীৰ হাতত আটক হ’ল এ.কে বাহাউদ্দিন চৌধুৰী।

ছাত্ৰজনৰ এনে পোষ্টৰ পিছত অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ (ABVP) এ বিশ্ববিদ্যালয়খনৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰে ।

এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে ছাত্ৰডনক কাছাৰ জনক বিশ্ববিদ্যালয়ৰ পৰা আটক কৰি থানালৈ লৈ যায় । বৰ্তমান আৰক্ষীয়ে এ.কে বাহাউদ্দিন চৌধুৰী থানাত সোধপোছ চলাই আছে।

উৰুৱাই দিয়া হ’ল সন্ত্ৰাসবাদী আদিল আৰু আছিফৰ বাসগৃহ;  নিৰাপত্তা বাহিনীৰ বৃহৎ পদক্ষেপ

পেহেলগাম ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদী আছিফ শ্বেখ আদিলৰ ঘৰ বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়া হৈছে। তথ্য অনুসৰি পুলৱামা জিলাৰ আৱন্তিপোৰাৰ ট্ৰাল অঞ্চলৰ মংহামাত সংঘটিত বিস্ফোৰণত সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰ ধ্বংস কৰা হয়।

আনহাতে, বিজবেহাৰাৰ গুৰি নিবাসী লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আদিলৰ ঘৰো ইতিমধ্যে ভাঙি পেলোৱা হৈছে। খবৰ অনুসৰি ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে চি আৰ পি এফৰ এটা দলে নিশা ট্ৰাল স্থিত আছিফ শ্বেখৰ ঘৰত উপস্থিত হয়।

ঘৰৰ তালাচীৰ সময়ত এটা বাকচৰ ভিতৰত কিছু সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ কৰিছিল।লগে লগে সেই বিস্ফোৰক সামগ্ৰীক নিষ্ক্ৰিয় কৰা হয় আৰু সেই সময়তে প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ সংঘটিত হয়,যাৰ ফলত আছিফ শ্বেখৰ ঘৰটো ধ্বংস হয়।

ইয়াৰ ফলত কোনো লোক হতাহতি হোৱা নাই।কাৰণ বিস্ফোৰণটোৰ পূৰ্বে অঞ্চলটো সকলো ঘৰ খালী কৰা হৈছিল। তথ্য অনুসৰি ৪২ আৰ আৰৰ অভিযন্তাৰ দলে নিশ্চিত কৰাৰ পিছত ধ্বংস কৰা হয় বাসগৃহ দুটা।

‘সন্ত্ৰাসবাদীক শেষ কৰিব লাগে ভাৰতে, আমেৰিকা লগত আছো…’; পেহেলগাম আক্ৰমণৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰতিক্ৰিয়া

ভাৰতত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক আমেৰিকাই তীব্ৰ গৰিহণা দিছে আৰু কৈছে যে এই দুখৰ সময়ত তেওঁলোক ভাৰতৰ সৈতে আছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে কয় যে, ‘ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু বিদেশ মন্ত্ৰী ৰুবিঅ’ই ইতিমধ্যে স্পষ্ট কৰি দিছে যে, আমেৰিকা ভাৰতৰ সৈতে আছে আৰু সন্ত্ৰাসবাদৰ প্ৰতিটো কাৰ্যক তীব্ৰ গৰিহণা দিছে’।

তেওঁ কয়, ‘এই আক্ৰমণত প্ৰাণ হেৰুৱাসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিছো, আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ আৰু আমি বিচাৰো এই জঘন্য আক্ৰমণৰ দোষীক শাস্তি দিব লাগে।

আমেৰিকাক এই আক্ৰমণত পাকিস্তানৰ ভূমিকা সম্পৰ্কে স্পষ্ট মন্তব্য দিবলৈ কোৱাত মুখপাত্ৰগৰাকীয়ে কয় যে আমেৰিকাই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

টেমি ব্ৰুচে কয়, ‘এয়া এক দ্ৰুতগতিত পৰিৱৰ্তিত পৰিস্থিতি আৰু আমি ইয়াক অতি নিবিড়ভাৱে লক্ষ্য কৰি আছো।’

তেওঁ লগতে কয় যে, ‘আমি এই সময়ত কাশ্মীৰ বা জম্মুৰ পৰিস্থিতি সন্দৰ্ভত কোনো আনুষ্ঠানিক স্থিতি গ্ৰহণ কৰা নাই। এতিয়া ইয়াতকৈ বেছি আৰু একো কব নোৱাৰো’।