প্ৰথমে মুক্তিত লগালে নিষেধাজ্ঞা; এতিয়া ইউটিউবৰ পৰা আঁতৰোৱা হ’ল আবিৰ গুলালৰ গীত

বাণী কাপুৰৰ বিপৰীতে অবিৰ গুলালৰ দ্বাৰা ভাৰতীয় চিনেমালৈ বহু প্ৰত্যাশিত ফাৱাদ খানৰ প্ৰত্যাৱৰ্তনৰ পথ ইতমধ্যে বন্ধ কৰিছে। মুক্তিৰ মাত্ৰ কেইদিন মান পূৰ্বে কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা কৰুণ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ছবিখন বিতৰ্কৰ মাজত সোমাই পৰিছে। ঘটনাটোৰ পিছতে ভাৰতবাসীয়ে পাকিস্তানৰ সকলো কলা-কুশলীক ভাৰতত নিষিদ্ধ কৰিবলৈ দাবী

বাণী কাপুৰৰ বিপৰীতে অবিৰ গুলালৰ দ্বাৰা ভাৰতীয় চিনেমালৈ বহু প্ৰত্যাশিত ফাৱাদ খানৰ প্ৰত্যাৱৰ্তনৰ পথ ইতমধ্যে বন্ধ কৰিছে।

মুক্তিৰ মাত্ৰ কেইদিন মান পূৰ্বে কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা কৰুণ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ছবিখন বিতৰ্কৰ মাজত সোমাই পৰিছে।

ঘটনাটোৰ পিছতে ভাৰতবাসীয়ে পাকিস্তানৰ সকলো কলা-কুশলীক ভাৰতত নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। এই দাবীৰ ফলত ভাৰতত নিষিদ্ধ কৰা হ’ল ফাৱাদ খান অভিনিত আবিৰ গুলাল।

ইয়াৰ লগতে ছবিখনৰ মুক্তি পোৱা দুটাকৈ গীত এতিয়া ইউটিউব ইণ্ডিয়াৰ পৰা নোহোৱা হৈ গৈছে।এই গীত দুটা বৰ্তমান ভাৰতীয় দৰ্শকে ইউটিউবত বিচাৰি পোৱা নাই।

তদুপৰি চাউণ্ডট্ৰেকৰ আনুষ্ঠানিক অধিকাৰ থকা মিউজিক লেবেল ছাৰেগামাই নিজৰ ইউটিউব হেণ্ডেলৰ পৰা গীতসমূহ আঁতৰাই পেলাইছে।

শেহতীয়া প্ৰৱন্ধসমূহ