পেহেলগাম কাণ্ডক লৈ ফেচবুকত সাম্প্ৰদায়িক পোষ্ট! আটক অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ এ.কে বাহাউদ্দিন চৌধুৰী

পেহেলগামকাণ্ডক লৈ সাম্প্ৰদায়িক পোষ্ট দি আটক হ’ল শিলচৰ অসম বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। শিলচৰ অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চাইন্স বিভাগৰ ছাত্ৰ এ.কে বাহাউদ্দিন চৌধুৰীয়ে সামাজিক মাধ্যমত দিছিল এটা বিতৰ্কিত পোষ্ট। এ.কে বাহাউদ্দিন চৌধুৰীয়ে লিখিছিল যে “যেতিয়া মুছলমানক ‘জয় শ্ৰীৰাম’ নকলে হত্যা কৰা হয় । গৰু খোৱাৰ অপৰাধত

পেহেলগামকাণ্ডক লৈ সাম্প্ৰদায়িক পোষ্ট দি আটক হ’ল শিলচৰ অসম বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। শিলচৰ অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চাইন্স বিভাগৰ ছাত্ৰ এ.কে বাহাউদ্দিন চৌধুৰীয়ে সামাজিক মাধ্যমত দিছিল এটা বিতৰ্কিত পোষ্ট।

এ.কে বাহাউদ্দিন চৌধুৰীয়ে লিখিছিল যে “যেতিয়া মুছলমানক ‘জয় শ্ৰীৰাম’ নকলে হত্যা কৰা হয় । গৰু খোৱাৰ অপৰাধত হত্যা কৰা হয় ৷ তেতিয়া কিয় প্ৰতিবাদ নহয়”?

পেহেলগামৰ প্ৰসংগ উত্থাপন কৰি সামাজিক মাধ্যমত এনে পোষ্ট কৰি আৰক্ষীৰ হাতত আটক হ’ল এ.কে বাহাউদ্দিন চৌধুৰী।

ছাত্ৰজনৰ এনে পোষ্টৰ পিছত অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ (ABVP) এ বিশ্ববিদ্যালয়খনৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰে ।

এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে ছাত্ৰডনক কাছাৰ জনক বিশ্ববিদ্যালয়ৰ পৰা আটক কৰি থানালৈ লৈ যায় । বৰ্তমান আৰক্ষীয়ে এ.কে বাহাউদ্দিন চৌধুৰী থানাত সোধপোছ চলাই আছে।

শেহতীয়া প্ৰৱন্ধসমূহ