১৫ বছৰৰ পাছত ভাৰতৰ এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

১৫ বছৰৰ পাছত ভাৰতৰ এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

১৫ বছৰৰ পাছত এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১৪ জুন শনিবাৰে ২০২৬ চনৰ জানুৱাৰী মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া হোৱাইট বল শৃংখলাৰ সময়সূচী ঘোষণা কৰে । এই শৃংখলাত প্ৰথমে দুয়োটা দলৰ মাজত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । ইয়াৰ

১৫ বছৰৰ পাছত এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১৪ জুন শনিবাৰে ২০২৬ চনৰ জানুৱাৰী মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া হোৱাইট বল শৃংখলাৰ সময়সূচী ঘোষণা কৰে । এই শৃংখলাত প্ৰথমে দুয়োটা দলৰ মাজত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । ইয়াৰ পিছত দুয়োটা দলে পাঁচখনীয়া মেচৰ টি-২০ ছিৰিজ খেলিব । ২০২৬ বৰ্ষৰ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই এদিনীয়া শৃংখলা । বদোদৰাত এই দুয়োটা দলৰ মাজত প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব । ভাৰতীয় পুৰুষ দলটোৱে ইয়াত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ সাজু হৈছে ।

১৫ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত বদোদৰাত অনুষ্ঠিত হ’বলৈ গৈ আছে প্ৰথম পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । ইয়াৰ পূৰ্বে কোটাম্বি ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মহিলাৰ এদিনীয়া খেল অনুষ্ঠিত হৈছে । এই শৃংখলা ২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল । কেৱল এয়াই নহয়, মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬খন খেলো ইয়াত আয়োজন কৰা হৈছিল ।

নিউজীলেণ্ড আৰু ভাৰতৰ মাজত অন্তিমখন পুৰুষ আন্তঃৰাষ্ট্ৰীয় মেচ ২০১০ চনৰ ডিচেম্বৰ মাহত বাদোদৰাৰ ৰিলায়েন্স ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । এই মেচখনত টিম ইণ্ডিয়াৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আছিল শ্ৰেষ্ঠ খেলুৱৈ । সেই মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে গৌতম গম্ভীয়ে শতক অৰ্জন কৰিছিল । গৌতম গম্ভীৰৰ বাহিৰেও বিৰাট কোহলীয়ে ৬৩ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ।

এই মেচখন সকলো অনুৰাগীৰ বাবে অতি স্মৰণীয় হ’ব কাৰণ ১৫ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত বদোদৰাত পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ১৪ জানুৱাৰীত ৰাজকোটত এই দুয়োটা দলৰ মাজত দ্বিতীয়খন এদিনীয়া খেল অনুষ্ঠিত হ’ব, আনহাতে ১৮ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব তৃতীয় আৰু অন্তিমখন এদিনীয়া মেচ ।

লগতে পঢ়ক : IND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী; ১১ৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৮খন মেচ

শেহতীয়া প্ৰৱন্ধসমূহ