ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; শীৰ্ষ দুটা স্থানত জিলিকিল যোৰহাট

অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ১৪ টাকৈ ৱেবচাইটৰ জৰিয়তে ঘোষণা কৰা হ’ল মেট্ৰিকৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত আছে যোৰহাট প্ৰজ্ঞা একাডেমীৰ অমিশী শইকীয়া। অমিশী শইকীয়াই লাভ কৰিছে মুঠ ৫৯১ নম্বৰ। দ্বিতীয় স্থানত আছে অসম জাতীয় বিদ্যালয়ৰ নুনমাটিৰ সপ্তৰ্শ বৰদলৈ। সপ্তৰ্শ বৰদলৈয়ে

অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ১৪ টাকৈ ৱেবচাইটৰ জৰিয়তে ঘোষণা কৰা হ’ল মেট্ৰিকৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত আছে যোৰহাট প্ৰজ্ঞা একাডেমীৰ অমিশী শইকীয়া।

অমিশী শইকীয়াই লাভ কৰিছে মুঠ ৫৯১ নম্বৰ। দ্বিতীয় স্থানত আছে অসম জাতীয় বিদ্যালয়ৰ নুনমাটিৰ সপ্তৰ্শ বৰদলৈ।

সপ্তৰ্শ বৰদলৈয়ে লাভ কৰিছে মুঠ ৫৯০ নম্বৰ আৰু তৃতীয় স্থানত আছে যোৰহাট প্ৰজ্ঞা একাডেমীৰ অনিৰ্বাণ বৰগোহাঁই। অনিৰ্বাণে লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ।

উল্লেখযোগ্য যে এইবাৰ মেট্ৰিক পৰীক্ষাত ৯৪৪টা কেন্দ্ৰত অৱতীৰ্ণ হৈছে ৪,২২,৭৩৭ পৰীক্ষাৰ্থী। ইয়াৰে ১,৮৭,৭৫২ জন ছাত্ৰ, ২,৩৪,৯৮৫ গৰাকী ছাত্ৰী। বিগত বৰ্ষতকৈ ৪৮,১৪২গৰাকী ছাত্ৰী বৃদ্ধি হৈছিল।

বিগত বৰ্ষতকৈ ৩১টা পৰীক্ষা কেন্দ্ৰও বৃদ্ধি কৰা হৈছিল ৰাজ্যত। বিগত বৰ্ষতকৈ ৮,৭২০ পৰীক্ষাৰ্থী বৃদ্ধি। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ হৈছিল পৰীক্ষা।

শেহতীয়া প্ৰৱন্ধসমূহ