ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; শীৰ্ষ দুটা স্থানত জিলিকিল যোৰহাট

অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ১৪ টাকৈ ৱেবচাইটৰ জৰিয়তে ঘোষণা কৰা হ’ল মেট্ৰিকৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত আছে যোৰহাট প্ৰজ্ঞা একাডেমীৰ অমিশী শইকীয়া।

অমিশী শইকীয়াই লাভ কৰিছে মুঠ ৫৯১ নম্বৰ। দ্বিতীয় স্থানত আছে অসম জাতীয় বিদ্যালয়ৰ নুনমাটিৰ সপ্তৰ্শ বৰদলৈ।

সপ্তৰ্শ বৰদলৈয়ে লাভ কৰিছে মুঠ ৫৯০ নম্বৰ আৰু তৃতীয় স্থানত আছে যোৰহাট প্ৰজ্ঞা একাডেমীৰ অনিৰ্বাণ বৰগোহাঁই। অনিৰ্বাণে লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ।

উল্লেখযোগ্য যে এইবাৰ মেট্ৰিক পৰীক্ষাত ৯৪৪টা কেন্দ্ৰত অৱতীৰ্ণ হৈছে ৪,২২,৭৩৭ পৰীক্ষাৰ্থী। ইয়াৰে ১,৮৭,৭৫২ জন ছাত্ৰ, ২,৩৪,৯৮৫ গৰাকী ছাত্ৰী। বিগত বৰ্ষতকৈ ৪৮,১৪২গৰাকী ছাত্ৰী বৃদ্ধি হৈছিল।

বিগত বৰ্ষতকৈ ৩১টা পৰীক্ষা কেন্দ্ৰও বৃদ্ধি কৰা হৈছিল ৰাজ্যত। বিগত বৰ্ষতকৈ ৮,৭২০ পৰীক্ষাৰ্থী বৃদ্ধি। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ হৈছিল পৰীক্ষা।

দশম শ্ৰেণীৰ পিছত কোনটো ষ্ট্ৰিম বাছি ল’ব ? লৰালৰি নকৰি সঠিক সিদ্ধান্ত লওক, এই টিপছবোৰে আপোনাক সহায় কৰিব !

দশম শ্ৰেণীৰ পৰীক্ষাত অথবা মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এটা ডাঙৰ প্ৰশ্নৰ সন্মুখীন হয়– ইয়াৰ পিছত কি কৰিব, কি পঢ়িব ? এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰক সঠিক দিশ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । একে সময়তে চিন্তাশীলভাৱে নোলোৱা সিদ্ধান্তই আপোনাৰ সমগ্ৰ কেৰিয়াৰৰ ক্ষতি কৰিব পাৰে । একাদশ শ্ৰেণীত সঠিক ষ্ট্ৰিম বা শাখা বাছি লোৱাটোৱে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা নিৰ্ধাৰণ কৰে, গতিকে কোনো খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । ইয়াত আমি আপোনাক কিছুমান টিপছ দিছো যিয়ে আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰে…

ভাৰতত একাদশ শ্ৰেণীৰ বাবে এই তিনিটা মূল শাখা বা ষ্ট্ৰিম-

বিজ্ঞান– বিজ্ঞান শাখা চিকিৎসা আৰু অভিযান্ত্ৰিক আদি কাৰিকৰী অধ্যয়নৰ বাবে লোৱা হয় ।

বাণিজ্য– যিসকলে ব্যৱসায়, একাউণ্টিং আৰু বিত্তত কেৰিয়াৰ গঢ়ি তুলিব বিচাৰে তেওঁলোকে বাণিজ্যৰ শাখাত অধ্যয়ন কৰে ।

কলা– সাংবাদিকতা, আইন, ডিজাইনিং আৰু প্ৰশাসনিক সেৱাৰ বাবে কলা শাখাত অধ্যয়ন কৰে ।

আপোনাৰ আগ্ৰহ আৰু দক্ষতা চিনাক্ত কৰক-

-শাখা বা ষ্ট্ৰিম বাছি লওঁতে আপুনি আপোনাৰ আগ্ৰহ আৰু ক্ষমতাক চিনাক্ত কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ।

-যদি আপুনি গণিত আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী আৰু আপুনি যুক্তিসংগত চিন্তাত ভাল, তেন্তে বিজ্ঞান শাখা আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ।

-যদি আপুনি ব্যৱসায়, একাউণ্টিং, অৰ্থনীতি বা ষ্টক মাৰ্কেটৰ প্ৰতি আগ্ৰহী, তেন্তে কমাৰ্চ বা বাণিজ্য শাখা বাছি লোৱাটো সঠিক হ’ব ।

-যদি আপুনি লেখা-মেলা, কলা, সমাজবিজ্ঞান, ইতিহাস বা ৰাজনীতিৰ প্ৰতি আগ্ৰহী, তেন্তে কলাৰ শাখা আপোনাৰ বাবে এক উত্তম বিকল্প ।

আপোনাৰ ভৱিষ্যত পৰিকল্পনা অনুসৰি আপোনাৰ ষ্ট্ৰিম নিৰ্বাচন কৰক-

-ষ্ট্ৰিম নিৰ্বাচন কৰাৰ সময়ত ভৱিষ্যতে আপুনি কি হ’ব বিচাৰে সেই বিষয়ে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ ।

-ডাক্তৰ বা অভিযন্তা হ’বলৈ বিজ্ঞান শাখা বাছি লওক ।

-ব্যৱসায়, পৰিচালনা বা বিপণনত কেৰিয়াৰ গঢ়িবলৈ বাণিজ্যৰ শাখা সঠিক হ’ব ।

-অসামৰিক সেৱা, সংবাদ মাধ্যম, আইন, ফেশ্বন ডিজাইনিং, গ্রাফিক ডিজাইনিং, সামাজিক কামৰ দৰে ক্ষেত্ৰত প্ৰৱেশৰ বাবে কলা শাখাই উত্তম বিকল্প ।

বিভ্ৰান্তি হ’লে কি কৰিব ?

যদি আপুনি আপোনাৰ বাবে কোনটো ষ্ট্ৰিম উপযুক্ত হয় সেই লৈ বিভ্ৰান্তিত পৰিছে, তেন্তে আপুনি কেৰিয়াৰ কাউন্সেলিঙৰ সহায় ল’ব পাৰে । বিশেষজ্ঞসকলে আপোনাৰ আগ্ৰহ আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি সঠিক কেৰিয়াৰৰ পৰামৰ্শ দিব পাৰে । ইয়াৰ উপৰিও অনলাইন টেষ্ট দিয়া আৰু কেৰিয়াৰ গাইডেন্স চেমিনাৰত অংশগ্ৰহণ কৰাটোও এই ক্ষেত্ৰত সহায়ক হ’ব পাৰে ।

সঠিক নিৰ্বাচন সফলতাৰ চাবিকাঠি-

একাদশত সঠিক ষ্ট্ৰিম বাছি লোৱাটোৱে আপোনাৰ কেৰিয়াৰৰ দিশ নিৰ্ধাৰণ কৰে । খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব নালাগে, বৰঞ্চ নিজৰ আগ্ৰহ, সামৰ্থ্য আৰু ভৱিষ্যতৰ সম্ভাৱনাক মনত ৰাখি সঠিক সিদ্ধান্ত লওক ।

মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল নিৰ্দেশনা; মানি চলিব লাগিব ১০টাকৈ নিয়ম

মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে আহি গ’ল নিৰ্দেশনা। গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা । এই নিৰ্দেসনা অনুসৰি পৰীক্ষাৰ্থী সকলে মানি চলিব লাগিব ১০ টাকৈ নিয়ম।

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং অনুচ্ছেদৰ অধীনত নিৰ্দেশনা জাৰি কৰা হৈছে।এই নিময় সমূহ অনুযায়ী পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ সাধাৰণ নাগৰিকৰ প্ৰৱেশ নিষেধ কৰা হৈছে।

পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ কোনো লোকে জুম বান্ধি থাকিব নোৱাৰিব।

অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডেৰীত। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হললৈ কোনোধৰণৰ অনুমোদন নথকা সামগ্ৰী নিব নোৱাৰিব। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ।

ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰীও পৰীক্ষাৰ্থীসকলে নিব নোৱাৰিব। ইয়াৰ লগতে পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং। আনকি পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থব নোৱাৰিব নিজৰ বাহন।