আমেৰিকা

আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত!পুনৰ ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে।ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত ক্ষুব্ধ ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে মঙলবাৰে ট্ৰাম্পে আগন্তুক ২৪ ঘন্টাত ভাৰতৰ ওপৰত অতি তীব্ৰভাৱে শুল্ক বৃদ্ধি কৰিব বুলি হুংকাৰ দিছিল।ভাৰতৰ ওপৰত

আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে।ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত ক্ষুব্ধ ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বে মঙলবাৰে ট্ৰাম্পে আগন্তুক ২৪ ঘন্টাত ভাৰতৰ ওপৰত অতি তীব্ৰভাৱে শুল্ক বৃদ্ধি কৰিব বুলি হুংকাৰ দিছিল।ভাৰতৰ ওপৰত এই অতিৰিক্ত শুল্ক কাৰ্যকৰী হোৱাৰ লগে লগে এতিয়া শুক্ল ৫০ শতাংশ হৈছেগৈ।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক কাৰ্যবাহী আদেশত কয় যে “মই দেখিছোঁ যে ভাৰত চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাছিয়াৰ তেল আমদানি কৰিছে।”

আদেশত আৰু কোৱা হৈছে যে “ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, আৰু সংশ্লিষ্ট আইন অনুসৰি, ভাৰতৰ পৰা আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা হ’ব।

যোৱা সপ্তাহত ট্ৰাম্পে ইংগিত দিছিল যে ভাৰতে ২৫% শুল্কৰ লগতে “জৰিমনা” দিব লাগিব, যিটো ৰাছিয়াৰ পৰা সামৰিক সঁজুলি আৰু শক্তি ক্ৰয়ৰ বাবে জাপি দিয়া হ’ব।অৱশ্যে এই পেনাল্টিয়ে কি ৰূপ ল’ব সেয়া সেই সময়ত স্পষ্ট হোৱা নাছিল।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে স্পষ্টকৈ কৈছিল যে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে, তেতিয়া মই সুখী নহ’ম।

ট্ৰাম্পে কয় যে তেওঁলোকে (ভাৰত) ৰাছিয়াৰ তেল ক্ৰয় কৰিছে, যুদ্ধত ইন্ধন যোগাইছে।যদি তেওঁলোকে এনে কৰে তেন্তে মই একেবাৰেই সুখী নহ’ম।

ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা এই নতুন শুল্ক আমেৰিকাৰ আন যিকোনো ব্যৱসায়িক অংশীদাৰৰ ওপৰত আৰোপ কৰা শুল্কসমূহৰ ভিতৰত অন্যতম।এইটো তেওঁৰ স্থিতিৰ এটা অংশ য’ত তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক শাস্তি দিয়াৰ ভাবুকি দিছিল।

লগতে পঢ়ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি… ২৪ ঘন্টাত পুনৰ শুল্ক বৃদ্ধি কৰাৰ ঘোষণা