২৪ ঘণ্টাত ৩টা বৃহৎ দুৰ্ঘটনা, বিমানত অগ্নিকাণ্ড আৰু ৰাণৱেত পিছলি যোৱাৰ ফলত ১৭৯ জন লোকৰ মৃত্যু…

দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেওবাৰে (২৯ ডিচেম্বৰ, ২০২৪) সংঘটিত হয় এক বৃহৎ বিমান দুৰ্ঘটনা, য’ত ১৭৯ জন লোকৰ মৃত্যু হয় । উদ্ধাৰ কৰ্মীয়ে দুৰ্ঘটনাস্থলীৰ পৰা দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে । বিগত ২৪ ঘণ্টাত বিশ্বত বিমান সম্পৰ্কীয় তিনিটা ঘটনা সংঘটিত হৈছে, য’ত বিমানে

দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেওবাৰে (২৯ ডিচেম্বৰ, ২০২৪) সংঘটিত হয় এক বৃহৎ বিমান দুৰ্ঘটনা, য’ত ১৭৯ জন লোকৰ মৃত্যু হয় । উদ্ধাৰ কৰ্মীয়ে দুৰ্ঘটনাস্থলীৰ পৰা দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে । বিগত ২৪ ঘণ্টাত বিশ্বত বিমান সম্পৰ্কীয় তিনিটা ঘটনা সংঘটিত হৈছে, য’ত বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল ।

দক্ষিণ কোৰিয়াৰ বিমান দুৰ্ঘটনা-

সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, পুৱা ৯:০৭ বজাত জেজু এয়াৰৰ বিমানখনে অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলি গৈ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দেৱালত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । বেংককৰ পৰা উভতি অহা বিমানখনত মুঠ ১৮১ জন লোক আছিল, য’ত আছিল ৬ জন ক্ৰু মেম্বাৰ । এই বিমানখনৰ দুজন যাত্ৰী থাইলেণ্ডৰ আৰু বাকীসকল দক্ষিণ কোৰিয়াৰ । বিষয়াসকলে সন্দেহ কৰিছে যে লেণ্ডিং গিয়াৰৰ বিজুতি চৰাইৰ আঘাতৰ ফলত হ’ব পাৰে, যাৰ বাবেই হয়তো দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে । এই সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰিছে ।

কানাডাত জৰুৰীকালীন অৱতৰণ কৰে বিমানে-

ইয়াৰ পূৰ্বে শনিবাৰে নিশা এয়াৰ কানাডাৰ এখন বিমানে হেলিফেক্স বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল । শনিবাৰে নিশা দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে PAL এয়াৰলাইন্সৰ বিমান AC2259 । প্ৰতিবেদন অনুসৰি বিমানখনত থকা আটাইকেইজন যাত্ৰীক নিৰাপদে উলিয়াই অনা হয় । এখন বিমানত কাৰিকৰী বিজুতি সংঘটিত হয় আৰু জৰুৰীকালীন অৱতৰণৰ পিছত বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় । অৱতৰণত সামান্য পলমত বৃহৎ দুৰ্ঘটনাৰ আশংকা আছিল ।

নৰৱেৰ ৰাণৱেৰ পৰা পিছলিল বিমান-

শনিবাৰে গভীৰ নিশা নৰৱেৰ অছলো টৰ্প চেণ্ডফজৰ্ড বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ সময়ত কে এল এম ৰয়েল ডাচ এয়াৰলাইন্সৰ এখন বিমান পিছলি পৰে । অছলো বিমানবন্দৰৰ পৰা আমষ্টাৰডামলৈ যোৱা বয়িং ৭৩৭-৮০০ বিমানখনৰ হাইড্ৰজেন ব্যৱস্থাত বিজুতি ঘটিছিল । ইয়াৰ পিছত অস্লোৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণে থকা চেণ্ডেফজৰ্ড বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় । নিৰাপদ অৱতৰণৰ পিছতো বিমানখন ৰাণৱেৰ পৰা পিছলি গৈ ওচৰৰ ঘাঁহনি অঞ্চলত ৰৈ যায় । এই বিমানখনত মুঠ ১৮২ জন লোক আছিল ।

উল্লেখ্য যে, ২৫ ডিচেম্বৰতো কাজাখাস্তানত আজাৰবেইজান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩৬ জন লোক নিহত হয় ।

শেহতীয়া প্ৰৱন্ধসমূহ