কাইলৈ সমগ্ৰ দেশতে উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ

ভাৰতত দেখা গ’ল ঈদৰ জোন… কাইলৈ ​​সমগ্ৰ দেশতে উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ

সোমবাৰে (৩১ মাৰ্চ, ২০২৫) সমগ্ৰ দেশতে উদযাপন কৰা হ’ব পবিত্ৰ ঈদ । ইতিমধ্যে লক্ষ্ণৌত দেখা গৈছে ঈদৰ চন্দ্ৰ । ঈদগাহ ইমাম মাৰ্কাজি চান্দ কমিটিৰ সভাপতি খালিদ ৰছিদ ফৰংগীয়ে আজি ঈদৰ জোন দেখা পোৱাৰ লগতে কাইলৈ, ​​৩১ মাৰ্চত ঈদ উদযাপন কৰা হ’ব বুলি ঘোষণা কৰিছে ।

সোমবাৰে (৩১ মাৰ্চ, ২০২৫) সমগ্ৰ দেশতে উদযাপন কৰা হ’ব পবিত্ৰ ঈদ । ইতিমধ্যে লক্ষ্ণৌত দেখা গৈছে ঈদৰ চন্দ্ৰ । ঈদগাহ ইমাম মাৰ্কাজি চান্দ কমিটিৰ সভাপতি খালিদ ৰছিদ ফৰংগীয়ে আজি ঈদৰ জোন দেখা পোৱাৰ লগতে কাইলৈ, ​​৩১ মাৰ্চত ঈদ উদযাপন কৰা হ’ব বুলি ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে ২৯ মাৰ্চত চৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখা গৈছিল ।

ইফালে ঈদৰ উপলক্ষে বজাৰবোৰত প্ৰচণ্ড ভিৰ দেখা গৈছে । পোচাক আৰু জোতাৰ দোকানত বজাৰ কৰা লোকৰ ভিৰ পৰিলক্ষিত হৈছে, যাৰ ফলত ব্যৱসায় বৃদ্ধি পাইছে । একে সময়তে ৰমজানৰ অন্তিম দিনৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বজাৰ আৰু আন আন স্থানত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ