আৰবপতিৰ সংখ্যাৰ হিচাপত তৃতীয় স্থানত ভাৰত, দেশৰ ধনী লোকৰ সংখ্যা ১৮৫ জনলৈ বৃদ্ধি

ভাৰত এখন উন্নয়নশীল দেশ হ’ব পাৰে, কিন্তু আৰবপতি বা বিলিয়নেয়াৰৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনৰ দৰে দেশক প্ৰতিযোগিতা দিছে দেশখনে । আপুনি জানি আচৰিত হ’ব যে ২০২৪ চনত ভাৰতত আৰবপতিৰ সংখ্যা ১৮৫ লৈ বৃদ্ধি পাইছে । আমেৰিকাত আৰবপতিৰ সংখ্যা ৮৩৫ জন আৰু চীনত ৪২৭ জন

ভাৰত এখন উন্নয়নশীল দেশ হ’ব পাৰে, কিন্তু আৰবপতি বা বিলিয়নেয়াৰৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনৰ দৰে দেশক প্ৰতিযোগিতা দিছে দেশখনে । আপুনি জানি আচৰিত হ’ব যে ২০২৪ চনত ভাৰতত আৰবপতিৰ সংখ্যা ১৮৫ লৈ বৃদ্ধি পাইছে । আমেৰিকাত আৰবপতিৰ সংখ্যা ৮৩৫ জন আৰু চীনত ৪২৭ জন । শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে ।

যোৱা এবছৰত ২১ শতাংশ বৃদ্ধিৰে ভাৰতৰ আৰবপতিৰ তালিকাত যোগদান কৰিছে ৩২জন নতুন লোকে । আনহাতে ২০১৫ চনৰ পৰা এই সংখ্যা ১২৩ শতাংশ বৃদ্ধি পাইছে । যোৱা এবছৰত ভাৰতত আৰবপতিৰ মুঠ সম্পদ ৪২.১ শতাংশ বৃদ্ধি পাই ৯০৫.৬ বিলিয়ন ডলাৰ হৈছেগৈ ।

আমেৰিকা আৰু চীনো এই দৌৰত আছে-

যোৱা এবছৰত আমেৰিকাত আৰবপতিৰ তালিকাত ৮৪ জন নতুন লোক সংযোজন হোৱাৰ বিপৰীতে চীনত ৯৩ জন লোকক তালিকাৰ বাহিৰত ৰখা হৈছে । আমেৰিকাত আৰবপতিৰ মুঠ সম্পদ ৪.৬ ট্ৰিলিয়ন ডলাৰৰ পৰা ৫.৮ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, আনহাতে চীনৰ কথা ক’লে ইয়াত আৰবপতিৰ মুঠ সম্পত্তি ১.৮ ট্ৰিলিয়ন ডলাৰৰ পৰা ১.৪ ট্ৰিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে ।

২০২৪ চনত সমগ্ৰ বিশ্বতে আৰবপতিৰ সংখ্যা বৃদ্ধি পাইছে । ২০১৫ চনত এই সংখ্যা আছিল ১,৭৫৭, যি এই বছৰ ২,৬৮২ লৈ বৃদ্ধি পাইছে । তেওঁলোকৰ মুঠ সম্পত্তিও ৬.৩ ট্ৰিলিয়ন ডলাৰৰ পৰা ১৪ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যি ১২১ শতাংশ বৃদ্ধি দেখুৱাইছে ।

ভাৰতৰ আৰু অধিক অগ্ৰগতিৰ সম্ভাৱনা আছে-

প্ৰতিবেদনত এইটোও প্ৰকাশ কৰা হৈছে যে ২০১৫ চনৰ পৰা ২০২০ চনলৈকে বিশ্বজুৰি আৰবপতিৰ সম্পদ বছৰি ১০ শতাংশ বৃদ্ধি পাইছে, আনহাতে ২০২০ চনৰ পৰা ই ১ শতাংশত সুস্থিৰ হৈ আছে । কিন্তু আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু এছিয়াৰ কিছু অংশৰ তথ্য ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

এইবাৰ ২৬৮২ ভিতৰত ১৮৭৭ জন আৰবপতি নিজাববীয়াকৈ এই স্থানত উপনীত হোৱাৰ বিপৰীতে ৮০৫ জনেই হৈছে যিসকলে নিজৰ ধন-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে । ভাৰতৰ বাবে আন এক ভাল খবৰ হ’ল যে আগন্তুক দশকত আৰবপতি উদ্যোগীৰ সংখ্যাত বৃদ্ধি পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে ।

শেহতীয়া প্ৰৱন্ধসমূহ