আইফোন ৰপ্তানিৰ কেন্দ্ৰ হৈ পৰিল ভাৰত… এবছৰত ২ লাখ কোটি টকাৰ স্মাৰ্টফোন বিক্ৰী

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ২ লাখ কোটি টকাৰো অধিক মূল্যৰ অভিলেখ সংখ্যক স্মাৰ্টফোন ৰপ্তানি কৰিছে । ২০২৩-২৪ চনৰ তুলনাত এই সংখ্যা ৫৪ শতাংশ বেছি । ইয়াত কেৱল এপলৰ অংশ ১.৫০ লাখ কোটি টকা । কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে যে প্ৰডাকচন লিংকড ইনচেন্টিভ (পি এল আই) আঁচনিৰ বাবেই এয়া সম্ভৱ হৈছে ।

মঙলবাৰে আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত লিখিছে, ৰপ্তানি বৃদ্ধিয়ে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে । ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এম এছ এম ই সমূহ বিশ্বব্যাপী যোগান নেটৱৰ্কৰ অংশ হৈ পৰিছে । ইয়াৰ ফলত স্থানীয় ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশ তন্ত্ৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষৰ মাত্ৰ ১১ মাহত (এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰীলৈকে) ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানি ১.৭৫ লাখ কোটি টকা অতিক্ৰম কৰিছিল ।

বৈষ্ণৱে কয়, বৰ্তমান কেৱল দেশৰ ইলেক্ট্ৰনিকছ ৰপ্তানি বৃদ্ধি হোৱাই নহয়, দেশত ব্যৱহৃত ফোনসমূহৰ ৯৯ শতাংশ ভাৰতত নিৰ্মাণ কৰা হৈছে । ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত এপলৰ অৱদান সৰ্বাধিক । মুঠ ৰপ্তানিত আইফোনৰ অংশ প্ৰায় ৭০ শতাংশ । কেৱল তামিলনাডুৰ ফক্সকন উদ্যোগটোৱে ৰপ্তানিৰ ৫০ শতাংশ অৰিহণা যোগাইছিল ।

এপলে ভাৰতৰ পৰা আমেৰিকালৈ অধিক আইফোন ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ আঁৰৰ কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক বুলি ধাৰণা কৰা হৈছে । চীনৰ পৰা সামগ্ৰী আমদানি কৰাৰ বৰ্ধিত ব্যয় হ্ৰাস কৰাৰ বাবে এই পদক্ষেপক অস্থায়ী সমাধান হিচাপে বিবেচনা কৰিছে কোম্পানীটোৱে ।

১০ বছৰত ছয়গুণতকৈও অধিক বৃদ্ধি পালে ৰপ্তানি-

বৈষ্ণৱে কয় যে, যোৱা ১০ বছৰত দেশত ইলেক্ট্ৰনিকছ উৎপাদন পাঁচগুণতকৈ অধিক বৃদ্ধি পাইছে আৰু ৰপ্তানি ছয়গুণতকৈও অধিক বৃদ্ধি পাইছে । চৰকাৰে নিষ্ক্রিয় উপাদান পৰিকল্পনাৰ বাবে এক খচৰা বিজ্ঞপ্তি প্ৰকাশ কৰিছে, যি প্ৰায় দুটা সপ্তাপ পৰ্যন্ত পৰামৰ্শৰ বাবে খোলা থাকিব ।

মন্ত্ৰীগৰাকীয়ে পেচিভ কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনি আৰু গাইডলাইনৰ কথাও ঘোষণা কৰে । ২২,৯১৯ কোটি টকাৰ প্ৰহোতসন প্ৰদানৰ ব্যৱস্থা আছে, যাৰ ফলত প্ৰায় এক লাখ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হ’ব আৰু সম্পূৰ্ণ সামগ্ৰীৰ মূল্য সংযোজনৰ প্ৰসাৰ ঘটিব । ইয়াত ৪০০ৰো অধিক সৰু-ডাঙৰ উৎপাদন ইউনিট আছে, যিয়ে বিভিন্ন ধৰণৰ অংশ নিৰ্মাণ কৰে ।

ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনিৰ অধীনত এই সুবিধাসমূহ ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰি ছবছৰৰ বাবে প্ৰদান কৰা হ’ব বুলিও তেওঁ কয় । টাৰ্ণঅভাৰ সংযুক্ত প্ৰহোতসনৰ বাবে কোম্পানীসমূহে ১০ কোটিৰ পৰা ১০০০ কোটি টকাৰ ভিতৰত বিনিয়োগ কৰিব লাগিব আৰু প্ৰহোতসন ১ৰ পৰা ১০ শতাংশৰ ভিতৰত হ’ব । এই আঁচনিৰ অধীনত প্ৰিণ্টেড চাৰ্কিট বৰ্ড আৰু এছএমডি পেচিভ কম্পোনেণ্টৰ বাবে ২৫ শতাংশ পৰ্যন্ত মূলধনী ব্যয়ৰ প্ৰসোতসনৰ লগতে টাৰ্ণঅভাৰ লিংকড প্ৰহোতসন প্ৰদান কৰা হ’ব ।

LPG ৰ দাম হ্ৰাস… ১২ লাখ পৰ্যন্ত আয়কৰ মুক্ত… আজিৰে পৰা দেশত কাৰ্যকৰী হৈছে এইকেইটা ডাঙৰ পৰিৱৰ্তন

আজি পহিলা এপ্ৰিল আৰু মাহৰ প্ৰথম দিনাৰ পৰাই দেশত বহু ডাঙৰ পৰিৱৰ্তন ৰূপায়ণ হৈছে । এফালে তেল বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি সকাহ দিয়াৰ বিপৰীতে মাহৰ প্ৰথম দিনাৰ পৰা নতুন আয়কৰ স্লেবো কাৰ্যকৰী কৰা হৈছে । ইয়াৰ অধীনত বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলক কৰ আদায়ৰ পৰা ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিব । আজিৰ পৰা দেশত ৰূপায়িত হোৱা বৃহৎ পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে জানক…

এল পি জিৰ দাম হ্রাস-

আজিৰে পৰা এপ্ৰিল মাহ আৰম্ভ হৈছে আৰু প্রথম দিনাই এল পি জি চিলিণ্ডাৰৰ দাম হ্ৰাস হৈছে ৷ ২০২৫ চনৰ ১ এপ্ৰিলত তেল আৰু গেছ বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰি হ্ৰাস কৰিছে । ইয়াৰ পিছতে দিল্লীৰ পৰা মুম্বাইলৈ হ্ৰাস পাইছে চিলিণ্ডাৰৰ দাম । আই অ’ চি এলৰ ৱেবছাইট অনুসৰি ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দিল্লীত দিল্লীত ৪১ টকা হ্ৰাস হোৱাৰ বিপৰীতে কলকাতাত ৪৪.৫০ টকা হ্ৰাস হৈছে । কিন্তু এইবাৰো ১৪ কেজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই ।

১২ লাখ টকা পৰ্যন্ত কৰমুক্ত আয়-

নতুন কৰ বৰ্ষৰ আৰম্ভণিৰ লগে লগে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা নতুন কৰ স্লেবো কাৰ্যকৰী কৰা হৈছে । ২০২৫ চনৰ বাজেটত চৰকাৰে মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল, য’ত কৰ স্লেব, টি ডি এছ, কৰ ৰেহাই আদিৰ পৰিৱৰ্তন সাধন কৰা হৈছিল । পুৰণি আয়কৰ আইন ১৯৬১ৰ ঠাইত নতুন আয়কৰ বিধেয়ক প্ৰস্তাৱ কৰা হৈছিল । এই সকলোবোৰ পৰিৱৰ্তন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ।

নতুন কৰ স্লেবৰ অধীনত বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলক কৰ আদায়ৰ পৰা ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিব । অৰ্থাৎ ১২.৭৫ লাখ টকা পৰ্যন্ত দৰমহাৰ আয় এতিয়া কৰমুক্ত হ’ব । কিন্তু এই ৰেহাই কেৱল নতুন কৰ বিকল্প বাছি লোৱাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।

টি ডি এছৰ নিয়মৰ পৰিৱৰ্তন-

নতুন কৰ স্লেবৰ উপৰিও টি ডি এছৰ নিয়মসমূহো আপডেট কৰা হৈছে, অপ্ৰয়োজনীয় কৰ্তন হ্ৰাস আৰু কৰদাতাৰ বাবে নগদ ধনৰ প্ৰবাহ উন্নত কৰিবলৈ বিভিন্ন ধাৰাত সীমা বৃদ্ধি কৰা হৈছে । উদাহৰণস্বৰূপে, জ্যেষ্ঠ নাগৰিকৰ সুতৰ আয়ৰ ওপৰত টি ডি এছৰ সীমা দুগুণ কৰি ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত বৃদ্ধসকলৰ আৰ্থিক সুৰক্ষা বৃদ্ধি পাইছে । একেদৰে ভাড়াৰ আয়ৰ ৰেহাইৰ সীমা বছৰি ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত ঘৰৰ মালিকৰ বোজা লাঘৱ হ’ব আৰু চহৰ অঞ্চলত ভাড়াৰ বজাৰখনো বৃদ্ধি পাব পাৰে ।

বেংক একাউণ্টৰ সৈতে জড়িত এই বৃহৎ পৰিৱৰ্তন-

এপ্ৰিল মাহৰ প্ৰথমৰ পৰা ভাৰতীয় ষ্টেট বেংক (এছ বি আই) আৰু পঞ্জাব নেচনেল বেংক (পি এন বি)কে ধৰি বহু বেংকে গ্ৰাহকৰ চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চৰ সৈতে জড়িত নিয়মসমূহ সংশোধন কৰিছে । বেংকে একাউণ্টধাৰীৰ নূন্যতম বেলেঞ্চৰ বাবে খণ্ডভিত্তিকভাৱে নতুন সীমা নিৰ্ধাৰণ কৰিব আৰু নূন্যতম বেলেঞ্চ একাউণ্টত ৰখা নহ’লে জৰিমনা বিহা হ’ব পাৰে ।

এই পৰিৱৰ্তনসমূহো কাৰ্যকৰী কৰা হৈছে-

ইয়াৰ উপৰিও ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা দেশত বহু পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে । এই কোম্পানীসমূহৰ বহু কোম্পানীৰ গাড়ী কিনিবলৈ ব্যয়বহুল হৈ আহিছে, কাৰণ এই কোম্পানীসমূহে প্ৰথম তাৰিখৰ পৰাই নিজৰ গাড়ীৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । এই বৃদ্ধিৰ আঁৰৰ কাৰণ হিচাপে কোম্পানীসমূহে ইনপুট খৰচ আৰু কেঁচামালৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰিছে ।

১ এপ্ৰিলৰ পৰা দেশত কাৰ্যকৰী হ’ব এই ৫টা ডাঙৰ পৰিৱৰ্তন, প্ৰভাৱিত হ’ব প্ৰতিখন ঘৰ !

মাৰ্চ মাহ শেষ হওঁ হওঁ আৰু লগে লগে নতুন কৰ বৰ্ষ আৰম্ভ হ’বলৈ সাজু হৈছে । প্ৰতি মাহৰ দৰেই ২০২৫ চনৰ ১ এপ্ৰিলৰ দিনটোও বহু ডাঙৰ পৰিৱৰ্তনৰ সৈতে আৰম্ভ হ’ব । এই পৰিৱৰ্তনৰ প্ৰভাৱ আপোনাৰ পাকঘৰত ব্যৱহাৰ কৰা এল পি জি চিলিণ্ডাৰৰ দামৰ পৰা আপোনাৰ বেংক একাউণ্টলৈকে অনুভৱ হ’ব । একে সময়তে যদি আপুনি এছ বি আইকে ধৰি যিকোনো বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে ইয়াৰ সৈতে জড়িত নিয়মবোৰো সলনি হ’বলৈ গৈ আছে । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই ডাঙৰ পৰিৱৰ্তনসমূহৰ বিষয়ে বিতংভাৱে জানক…

এল পি জিৰ মূল্য-

প্ৰতি মাহৰ প্ৰথম দিনাই তেল আৰু গেছ বিতৰণ কোম্পানীয়ে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰে আৰু ২০২৫ চনৰ ১ এপ্ৰিলত ইয়াৰ পৰিৱৰ্তন দেখা যায় । শেহতীয়াকৈ ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি আৰু হ্ৰাস পোৱাৰ বিপৰীতে দীৰ্ঘদিন ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য একেই আছে । এনে পৰিস্থিতিত নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ লগে লগে ৰাইজে ১৪ কেজি চিলিণ্ডাৰৰ মূল্যৰ সকাহদায়ক পৰিৱৰ্তনৰ আশা কৰিছে ।

তদুপৰি চি এন জি আৰু পি এন জিৰ মূল্যৰ উপৰিও এয়াৰ টাৰ্বাইন ইন্ধন অৰ্থাৎ এ টি এফৰ মূল্যও সংশোধন কৰা হৈছে আৰু ২০২৫ চনৰ ১ এপ্ৰিলত ইয়াৰ পৰিৱৰ্তন দেখা যাব । চি এন জিৰ মূল্যৰ উঠা-নমাই আপোনাৰ বাহনৰ খৰচ বৃদ্ধি কৰিব বা সকাহ দিব যদিও এ টি এফৰ মূল্য বৃদ্ধিয়ে বিমান যাত্ৰা ব্যয়বহুল কৰি তুলিব পাৰে ।

ক্ৰেডিট কাৰ্ড সম্পৰ্কীয় নিয়ম-

২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি হ’ব । যাৰ ফলত ইয়াৰ ওপৰত উপলব্ধ পুৰস্কাৰ আৰু অন্যান্য সুবিধাসমূহৰ ওপৰত প্ৰভাৱ পৰিব । আনহাতে SBI এ ইয়াৰ SimplyCLICK ক্ৰেডিট কাৰ্ডত Swiggy পুৰস্কাৰ ৫ গুণৰ পৰা আধালৈ হ্ৰাস কৰিব । গতিকে এয়াৰ ইণ্ডিয়াৰ চিগনেচাৰ পইণ্ট ৩০ৰ পৰা ১০লৈ হ্ৰাস কৰা হ’ব । ইয়াৰ উপৰিও আই ডি এফ চি ফাৰ্ষ্ট বেংকে ক্লাব ভিষ্টাৰ মাইলষ্টোনৰ সুবিধাসমূহ বন্ধ কৰিবলৈ ওলাইছে ।

বেংক একাউণ্টৰ সৈতে জড়িত এই পৰিৱৰ্তন-

এপ্ৰিল মাহৰ প্ৰথমৰ পৰা ভাৰতীয় ষ্টেট বেংক (এছ বি আই) আৰু পঞ্জাব নেচনেল বেংক (পি এন বি)কে ধৰি বহু বেংকে গ্ৰাহকৰ সঞ্চয় একাউণ্টত নূন্যতম বেলেঞ্চৰ সৈতে জড়িত নিয়মসমূহ সংশোধন কৰিবলৈ ওলাইছে । বেংকে একাউণ্টধাৰীৰ নূন্যতম বেলেঞ্চৰ বাবে খণ্ডভিত্তিকভাৱে নতুন সীমা নিৰ্ধাৰণ কৰিব আৰু নূন্যতম বেলেঞ্চ একাউণ্টত ৰখা নহ’লে জৰিমনা বিহা হ’ব পাৰে ।

এই ইউ পি আই একাউণ্টসমূহ বন্ধ হ’ব-

১ এপ্ৰিলৰ পৰা পৰৱৰ্তী পৰিৱৰ্তন ইউ পি আইৰ সৈতে জড়িত আৰু দীৰ্ঘদিন ধৰি সক্ৰিয় নোহোৱা মোবাইল নম্বৰৰ সৈতে সংযুক্ত ইউ পি আই একাউণ্টসমূহ বেংকৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হ’ব । যদি আপোনাৰ ফোন নম্বৰ ইউ পি আই এপৰ সৈতে সংযুক্ত হৈ থাকে আৰু আপুনি ইয়াক বহুদিন ব্যৱহাৰ কৰা নাই, তেন্তে ইয়াৰ সেৱাসমূহ বন্ধ হ’ব পাৰে ।

কৰ সম্পৰ্কীয় পৰিৱৰ্তন-

২০২৫ চনৰ বাজেটত চৰকাৰে মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল, য’ত কৰ স্লেব, টি ডি এছ, কৰ ৰেহাই আদিৰ পৰিৱৰ্তন আছিল । পুৰণি আয়কৰ আইন ১৯৬১ৰ ঠাইত নতুন আয়কৰ বিধেয়ক প্ৰস্তাৱ কৰা হৈছিল ।

এই সকলো পৰিৱৰ্তন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলৈ গৈ আছে । নতুন কৰ স্লেবৰ অধীনত বছৰি ১২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলক কৰ আদায়ৰ পৰা ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও দৰমহাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিব । অৰ্থাৎ ১২.৭৫ লাখ টকা পৰ্যন্ত দৰমহাৰ আয় এতিয়া কৰ ৰেহাই পাব । কিন্তু এই ৰেহাই কেৱল নতুন কৰ বিকল্প বাছি লোৱাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।

ইয়াৰ উপৰিও উৎসত কৰ কৰ্তন (টি ডি এছ) নিয়মসমূহো আপডেট কৰা হৈছে, য’ত অপ্ৰয়োজনীয় কৰ্তন হ্ৰাস আৰু কৰদাতাৰ বাবে নগদ ধনৰ প্ৰবাহ উন্নত কৰিবলৈ বিভিন্ন ধাৰাত সীমা বৃদ্ধি কৰা হৈছে । উদাহৰণস্বৰূপে, জ্যেষ্ঠ নাগৰিকৰ সুতৰ আয়ৰ ওপৰত টি ডি এছৰ সীমা দুগুণ কৰি ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত বৃদ্ধসকলৰ আৰ্থিক সুৰক্ষা বৃদ্ধি পাইছে ।

একেদৰে ভাড়াৰ আয়ৰ ৰেহাইৰ সীমা বছৰি ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত ঘৰৰ মালিকৰ ওপৰত বোজা লাঘৱ হৈছে আৰু চহৰ অঞ্চলত ভাড়াৰ বজাৰখন বৃদ্ধি পাব পাৰে ।

ইউ পি আই, মিউচুৱেল ফাণ্ডৰ পৰা এল পি জিলৈ… ১ মাৰ্চৰ পৰা সলনি হৈছে এই ৬টা ডাঙৰ নিয়ম

প্ৰতি মাহৰ দৰেই ২০২৫ চনৰ ১ মাৰ্চৰ পৰা নতুন নিয়ম সলনি কৰা হৈছে । আজিৰ পৰা অৰ্থাৎ ১ মাৰ্চৰ পৰা সলনি হৈছে ৬ টা ডাঙৰ নিয়ম । ইয়াৰ ভিতৰত আছে ইউ পি আই, মিউচুৱেল ফাণ্ডৰ পৰা এল পি জি চিলিণ্ডাৰৰ দাম । এই পৰিৱৰ্তনসমূহে আপোনাৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব । কোনবোৰ নিয়ম সলনি কৰা হৈছে জানক ।

এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধি-

তেল কোম্পানীসমূহে ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে । এই এল পি জি চিলিণ্ডাৰৰ মূল্য ৬ টকা বৃদ্ধি কৰাৰ বিপৰীতে ১ ফেব্ৰুৱাৰীত ইয়াৰ মূল্য ৭ টকা হ্ৰাস কৰা হৈছে । ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া ১৮০৩ টকা । আনহাতে মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৭৫৫.৫০ টকা হৈছে । কলকাতাৰ কথা ক’বলৈ গ’লে ১৯ কেজিৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ১৯১৩ টকা আৰু চেন্নাইত ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ১৯৬৫.৫০ টকা । এই দামবোৰ আজিৰ পৰাই প্ৰযোজ্য হৈচে । ৰন্ধন গেছৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই ।

এ টি এফৰ মূল্য হ্ৰাস-

জেট ইন্ধন বা বিমান টাৰ্বাইন ইন্ধনৰ (এ টি এফ) মূল্য সামান্য হ্ৰাস পাইছে, ০.২৩ শতাংশ । ২০২৫ চনৰ মাৰ্চ মাহৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত এ টি এফৰ মূল্য ২২২ টকা হ্ৰাস পাই ৯৫,৩১১.৭২ টকা হোৱাৰ বিপৰীতে ইয়াৰ পূৰ্বে ৯৫,৫৩৩.৭২ টকা আছিল । ইয়াৰ পূৰ্বে ১ ফেব্ৰুৱাৰীত ৫.৬ শতাংশ মূল্য বৃদ্ধি হৈছিল ।

ইউ পি আইৰ নিয়মৰ পৰিৱৰ্তন-

পৰৱৰ্তী পৰিৱৰ্তন বীমা প্ৰিমিয়াম পৰিশোধ ব্যৱস্থাৰ সৈতে জড়িত । ২০২৫ চনৰ ১ মাৰ্চৰ পৰা ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (ইউ পি আই)ৰ পৰিৱৰ্তন হ’ব, যাৰ ফলত বীমাৰ প্ৰিমিয়াম পৰিশোধ আৰু সহজ হ’ব । ইউ পি আই ব্যৱস্থাত বীমা-এ এছ বি নামৰ এটা নতুন বৈশিষ্ট্য যোগ কৰা হৈছে । ইয়াৰ জৰিয়তে জীৱন আৰু স্বাস্থ্য বীমা পলিচিধাৰীয়ে তেওঁলোকৰ প্ৰিমিয়াম পৰিশোধৰ বাবে আগতীয়াকৈ ধন ব্লক কৰিব পাৰিব । পলিচিধাৰীৰ অনুমোদনৰ পিছত আপোনাৰ একাউণ্টৰ পৰা আপোনাৰ ধন স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ’ব ।

মিউচুৱেল ফাণ্ড সন্দৰ্ভত কি সলনি হৈছে-

আজি অৰ্থাৎ মাৰ্চ মাহৰ প্ৰথম তাৰিখৰ পৰা মিউচুৱেল ফাণ্ড আৰু ডিমেট একাউণ্টত মনোনীত ব্যক্তি যোগ কৰাৰ সৈতে জড়িত নিয়মৰ পৰিৱৰ্তন হৈছে । ইয়াৰ অধীনত এজন বিনিয়োগকাৰীয়ে ডিমেট বা মিউচুৱেল ফাণ্ড ফলিঅ’ত সৰ্বাধিক ১০ জন মনোনীত ব্যক্তি যোগ কৰিব পাৰে । এই সন্দৰ্ভত বজাৰ নিয়ন্ত্ৰক ছেবিয়ে গাইডলাইন জাৰি কৰিছে, যিবোৰ ২০২৫ চনৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব । এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে দাবী নকৰা সম্পত্তি হ্ৰাস কৰা আৰু বিনিয়োগৰ উন্নত ব্যৱস্থাপনা নিশ্চিত কৰা ।

পঞ্জাৱ নেচনেল বেংকে দিলে আপডেট-

যদি ২ বছৰতকৈ অধিক সময় পঞ্জাৱ নেচনেল বেংকত (পি এন বি) কোনো লেনদেন নহয়, তেন্তে বেংক একাউণ্ট বন্ধ কৰা হ’ব । এই সন্দৰ্ভত বেংকে গ্ৰাহকক এক সতৰ্কবাণী জাৰি কৰিছে । বেংকে এনে একাউণ্ট নিষ্ক্ৰিয় কৰিব পাৰে অৰ্থাৎ বন্ধ কৰিব পাৰে । যদি আপুনি আপোনাৰ বেংক একাউণ্ট সক্ৰিয় হৈ থকাটো বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি কে ৱাই চি আপডেট কৰা উচিত ।

১৪ দিন বন্ধ থাকিব বেংক-

আৰ বি আইৰ বেংক ছুটীৰ তালিকা অনুসৰি চলিত মাহত ১৪ দিন বেংক বন্ধ থাকিব য’ত হোলী (হোলী ২০২৫) আৰু ঈদ-উল-ফিতৰকে ধৰি অন্যান্য উৎসৱসমূহো অন্তৰ্ভুক্ত আছে । ইয়াৰ ভিতৰত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰকে ধৰি দেওবাৰে সাপ্তাহিক বন্ধৰ দিন । অৱশ্যে বেংক ছুটী থকাৰ পিছতো অনলাইন বেংকিং আৰু এ টি এমৰ জৰিয়তে ধনৰ লেনদেন বা অন্যান্য বেংকিং কাম সম্পূৰ্ণ কৰিব পাৰিব । এই সেৱা ২৪ ঘণ্টাই উপলব্ধ হ’ব ।

ক’ৰবাত শূন্য, ক’ৰবাত ৬০% পৰ্যন্ত…পৃথিৱীৰ এই দেশবোৰত দিব নালাগে এটকাও কৰ

পৃথিৱীৰ বেছিভাগ দেশতে আয়কৰ (Income Tax) হৈছে চৰকাৰৰ আয়ৰ মূল উৎস । ভাৰতৰ কথা ক’বলৈ গ’লে ইয়াত জনসাধাৰণৰ আয় অনুযায়ী আয়কৰ আৰোপ কৰা হয়, অৰ্থাৎ যিসকলে কম উপাৰ্জন কৰে তেওঁলোকে কম আয়কৰ দিব লাগে আৰু যিসকলে অধিক উপাৰ্জন কৰে তেওঁলোকে অধিক কৰ দিব লাগে ।

কিন্তু আপুনি জানেনে যে বিশ্বৰ বহু দেশ আছে য’ত ভাৰততকৈ আয়কৰ অধিক সংগ্ৰহ কৰা হয় । একে সময়তে এনে বহু দেশ আছে য’ত আয়কৰ সংগ্ৰহ নহয়, অৰ্থাৎ কোনো মানুহে কোনো আয়কৰ দিব নালাগে ।

কিছুদিনৰ পাছতে দেশৰ সাধাৰণ বাজেট (Union Budget 2025) দাখিল হ’বলৈ গৈ আছে । বাজেটত যি ঘোষণাৰ ওপৰত দেশৰ জনসাধাৰণৰ দৃষ্টি আটাইতকৈ বেছি কেন্দ্ৰীভূত হয় সেয়া হৈছে আয়কৰ সুবিধা । কিন্তু আজি আমি আপোনালোকক এনে কেইখনমান দেশৰ কথা ক’বলৈ ওলাইছো য’ত এটকাও কৰ লোৱা নহয় । এতিয়া প্ৰশ্ন হয় এই দেশসমূহৰ অৰ্থনীতি কৰ অবিহনে কেনেকৈ চলি থাকে ।

ইউ এ ই (UAE)-

যদি আমি বিশ্বৰ প্ৰত্যক্ষ কৰমুক্ত অৰ্থনীতি থকা দেশসমূহলৈ চাওঁ, তেন্তে ইয়াত সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ নামটোৱেই প্ৰথম স্থান লাভ কৰে । দেশখনত জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ ব্যক্তিগত কৰ আৰোপ কৰা নহয় । চৰকাৰে পৰোক্ষ কৰ যেনে ভেট (Value Added Tax) আৰু অন্যান্য লেভিৰ ওপৰত নিৰ্ভৰ কৰে । তেল আৰু পৰ্যটনৰ বাবে ইউ এ ইৰ অৰ্থনীতি অতি শক্তিশালী । সেইবাবে ইউ এ ইৰ লোকসকলক আয়কৰৰ পৰা সকাহ দিয়া হৈছে ।

বাহৰেইন-

বাহৰেইনৰ নামো কৰমুক্ত দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই দেশতো জনসাধাৰণৰ পৰা কোনো কৰ সংগ্ৰহ কৰা নহয় । ডুবাইৰ দৰে দেশখনৰ চৰকাৰেও প্ৰত্যক্ষ কৰতকৈ পৰোক্ষ কৰ আৰু অন্যান্য লেভিৰ ওপৰত মূলতঃ নিৰ্ভৰ কৰে । এই পদ্ধতি দেশৰ ক্ষুদ্ৰ ব্যৱসায় আৰু ষ্টাৰ্টআপৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয় আৰু ই অৰ্থনীতিকো গতি প্ৰদান কৰে ।

কুৱেইট-

কুৱেইটকো কৰমুক্ত দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াত ব্যক্তিগত আয়কৰ নাই । সম্পূর্ণৰূপে তেলৰ পৰা পোৱা আয়ৰ ওপৰত ভিত্তি কৰি দেশখনৰ অর্থনীতি জনসাধাৰণৰ পৰা কৰ হিচাপে এটকাও সংগ্রহ নকৰাকৈয়ে চলি থাকে ৷ আচলতে ইয়াৰ আঁৰৰ কাৰণবোৰৰ কথা ক’লে কুৱেইটৰ অৰ্থনীতিৰ আটাইতকৈ ডাঙৰ অংশটো তেল ৰপ্তানিৰ পৰাই আহে, যাৰ বাবে চৰকাৰে প্ৰত্যক্ষ কৰ লোৱাৰ প্ৰয়োজন নাই । এই আৰ্হি গ্ৰহণ কৰাৰ পিছত কুৱেইট কৰমুক্ত দেশ হোৱাৰ পিছতো এখন সমৃদ্ধিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে ।

চৌদি আৰব-

ছৌদি আৰবেও নিজৰ জনসাধাৰণক কৰৰ হেঁচাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি ৰাখিছে আৰু দেশখনত প্ৰত্যক্ষ কৰ বিলুপ্ত কৰা হৈছে । অৰ্থাৎ এই দেশতো মানুহে নিজৰ আয়ৰ এটা অংশও কৰ হিচাপে খৰচ কৰিব নালাগে । কিন্তু এই দেশতো পৰোক্ষ কৰ ব্যৱস্থা শক্তিশালী আৰু ইয়াৰ পৰা পোৱা ধনে অৰ্থনীতিক এক গতি দিয়ে আৰু ইয়াক সমৃদ্ধিশালী অৰ্থনীতিৰ ভিতৰতো গণ্য কৰা হয় ।

দ্য বাহামাছ-

পৰ্যটকৰ স্বৰ্গ বুলি কোৱা দ্য বাহামাছ পশ্চিম গোলাৰ্ধত অৱস্থিত এখন দেশ । এই দেশৰ বিশেষ কথাটো হ’ল ইয়াত বসবাস কৰা নাগৰিকে আয়কৰ দিব নালাগে । বাহৰেইন আৰু কুৱেইটৰ উপৰিও উপসাগৰীয় দেশ ওমানকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ওমানৰ নাগৰিকে আয়কৰ দিব নালাগে । ইয়াৰ কাৰণ ওমানৰ শক্তিশালী তেল আৰু গেছ খণ্ড বুলি বিবেচিত হৈছে । ওমান, বাহৰেইন আৰু কুৱেইটৰ দৰে কাটাৰতো একেধৰণৰ পৰিস্থিতি । তেল খণ্ডত কাটাৰো অতি শক্তিশালী । এই দেশখন সৰু, কিন্তু ইয়াত বসবাস কৰা মানুহবোৰ বহুত ধনী । ইয়াতো আয়কৰ সংগ্ৰহ কৰা নহয় ।

ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম…১.৫৯ লাখ ষ্টাৰ্টআপে সৃষ্টি কৰিছে ১৬.৬ লাখ চাকৰি

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে ১৫ জানুৱাৰী পৰ্যন্ত ১.৫৯ লাখ ষ্টাৰ্টআপক স্বীকৃতি দিছে আৰু এই সংখ্যাৰে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম । এই তথ্য বুধবাৰে চৰকাৰে প্ৰদান কৰে ।

২০১৬ চনৰ পৰা ২০২৪ চনৰ ৩১ অক্টোবৰলৈকে স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপসমূহে ১৬.৬ লাখতকৈ অধিক প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰিছে আৰু নিয়োগ সৃষ্টিত যথেষ্ট অৰিহণা যোগাইছে বুলি তথ্য প্ৰদান কৰিছে চৰকাৰে ।

আই টি সেৱা উদ্যোগে ২.০৪ লাখ চাকৰিৰে আগবাঢ়ি আছে-

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আই টি সেৱা উদ্যোগ ২.০৪ লাখ চাকৰিৰ সৈতে আগবাঢ়ি আছে, তাৰ পিছতে স্বাস্থ্যসেৱা আৰু জীৱন বিজ্ঞান খণ্ডই ১.৪৭ লাখ চাকৰিৰ সৃষ্টি কৰিছে । একে সময়তে পেছাদাৰী আৰু বাণিজ্যিক সেৱা খণ্ডৰ সৈতে জড়িত ষ্টাৰ্টআপে প্ৰায় ৯৪,০০০ চাকৰিৰ সৃষ্টি কৰিছে ।

১৬ জানুৱাৰীক ‘ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস’ হিচাপে ঘোষণা-

১৬ জানুৱাৰীত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপে ৯ বছৰ সম্পূৰ্ণ কৰিছে । এই আঁচনিখন চৰকাৰে ২০১৬ চনত আৰম্ভ কৰিছিল । এই দিনটোক চৰকাৰে ‘ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস’ হিচাপে ঘোষণা কৰিছে । বেংগালুৰু, হায়দৰাবাদ, মুম্বাই আৰু দিল্লী-এন চি আৰৰ দৰে ডাঙৰ হাবসমূহে এই পৰিৱৰ্তনৰ নেতৃত্ব দিছে, আনহাতে সৰু চহৰসমূহে দেশৰ উদ্যোগীকৰণৰ গতিবেগত অসমতাপূৰ্ণভাৱে অৰিহণা যোগাইছে ।

ষ্টাৰ্টআপ মহাকুম্ভ ২০২৪’তো বৃহৎ সংখ্যক অংশগ্ৰহণ দেখা গৈছিল । ইয়াত ৪৮,০০০ৰো অধিক লোক, ১,৩০০ প্ৰদৰ্শক আৰু ১৪খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, যিয়ে ভাৰতৰ উদ্যোগীকৰণৰ পৰিৱেশ গঢ় দিয়াত ইয়াৰ ক্ৰমবৰ্ধমান প্ৰাধান্য প্ৰতিফলিত কৰিছিল ।

চৰকাৰে জনোৱা মতে, ষ্টাৰ্টআপ মহাকুম্ভৰ পঞ্চম সংস্কৰণ ২০২৫ চনৰ ৭-৮ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’ব ।

এদিনৰ দৰমহা ৪৮ কোটি…বাৰ্ষিক ১৭ হাজাৰ কোটি বেতন লাভ কৰা কোন এই জগদীপ সিং ?

বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা চি ই অ’ৰ (CEO) কথা যেতিয়াই কোৱা হয় তেতিয়াই সত্য নাডেলা, সুন্দৰ পিচাই আৰু ইলন মাস্কৰ দৰে ডাঙৰ ডাঙৰ নাম মানুহৰ মনলৈ প্ৰায়ে আহে । অৱশ্যে এই নামবোৰ আমি এতিয়া ক’বলৈ ওলোৱা ব্যক্তিজনৰ সন্মুখত সামান্য । আমি ভাৰতীয় মূলৰ জগদীপ সিঙৰ কথা কৈছোঁ । এইগৰাকী জগদীপ সিঙৰ বাৰ্ষিক দৰমহা ১৭,৫০০ কোটি টকা । অৰ্থাৎ এদিনতে প্ৰায় ৪৮ কোটি টকা উপাৰ্জন কৰে তেওঁ ।

কোন জগদীপ সিং ?

জগদীপ সিং এজন ভাৰতীয় মূলৰ উদ্যোগী যিয়ে ২০১০ চনত কোৱাণ্টামস্কেপ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল । এই কোম্পানীটোৱে বৈদ্যুতিক বাহন (EV)ৰ বাবে চলিড ষ্টেট বেটাৰীৰ কাম কৰে । তেওঁলোকৰ বেটাৰীয়ে বৈদ্যুতিক বাহন উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে । চাৰ্জিং সময় হ্ৰাস কৰা আৰু শক্তিৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাটোৱেই তেওঁলোকৰ বেটাৰীৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য । উদ্ভাৱনৰ ক্ষেত্ৰত এনে অৱদানৰ বাবে তেওঁ বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল ।

জগদীপ সিঙৰ শিক্ষা-

জগদীপ সিঙে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বি টেক আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে । ইয়াৰ পিছত তেওঁ বহুতো ডাঙৰ ডাঙৰ নামী কোম্পানীত কাম কৰাৰ লগতে নিজাকৈ কোম্পানী আৰম্ভ কৰে । তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু দৃষ্টিভংগীয়ে কোৱাণ্টামস্কেপক কেৱল এটা সফল ব্যৱসায় নহয়, প্ৰযুক্তি উদ্ভাৱনৰ এক নতুন সংজ্ঞাও কৰি তোলে ।

ইমান বৃহৎ দৰমহা কেনেকৈ লাভ কৰে ?

জগদীপ সিঙৰ কোম্পানী কোৱাণ্টামস্কেপ ২০২০ চনত আমেৰিকাৰ শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈছিল । বিনিয়োগকাৰীৰ প্ৰবল সমৰ্থনৰ বাবে কোম্পানীটোৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পায় । সিঙৰ দৰমহা পেকেজত ২.৩ বিলিয়ন ডলাৰৰ শ্বেয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ ফলত তেওঁৰ বাৰ্ষিক আয় প্ৰায় ১৭,৫০০ কোটি টকা হৈছে । এই দৰমহাই তেওঁক উদ্যোগটোৰ ভিতৰতে সৰ্বাধিক দৰমহা পোৱা লোকৰ ভিতৰত এজন কৰি তোলাই নহয়, তেওঁ কৰা কামৰ উৎকৃষ্টতাও প্ৰকাশ কৰে ।

২০২৪ চনত চিইঅ’ পদৰ পৰা পদত্যাগ-

কিন্তু ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত জগদীপ সিঙে কোৱাণ্টামস্কেপৰ চি ই অ’ পদৰ পৰা পদত্যাগ কৰে । তেওঁ কোম্পানীটোৰ দায়িত্ব শিৱ শিৱৰামৰ হাতত অৰ্পণ কৰে । অৱশ্যে এই সিদ্ধান্তৰ পিছতো তেওঁৰ যাত্ৰা বন্ধ নহ’ল । বৰ্তমান তেওঁ এটা ‘ষ্টীল্থ ষ্টাৰ্টআপ’ৰ চি ই অ’ হিচাপে কাম কৰি আছে আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে ।

এক নতুন যাত্ৰা আৰু নতুন প্ৰত্যাহ্বান-

জগদীপ সিঙৰ সৈতে জড়িত তথ্য তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট (@startupjag)ত উপলব্ধ । ইয়াত পোৱা তথ্য অনুসৰি তেওঁ পুনৰবাৰ এনে প্ৰকল্পৰ কাম কৰি আছে যিয়ে ভৱিষ্যতে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। তেওঁৰ নতুন ষ্টাৰ্টআপটো এতিয়াও গোপন, কিন্তু তেওঁৰ অতীতৰ কাম আৰু দৃষ্টিভংগীলৈ চালে স্পষ্ট যে তেওঁৰ পৰৱৰ্তী পদক্ষেপটোও চমৎকাৰ হ’ব ।

জুন মাহৰ ভিতৰত মুকলি হ’ব  নতুন চফট্ৱেৰ,  জাৰি হ’ব এ টি এম কাৰ্ডো…EPFO’ৰ সদস্যসকলৰ বাবে ডাঙৰ আপডেট !

ই পি এফ (EPF) একাউণ্টধাৰীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে । কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডবিয়াই ঘোষণা কৰিছে যে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত নতুন চফ্টৱেৰ চিষ্টেম ই পি এফ অ’ ৩.০ মুকলি কৰিবলৈ সাজু হৈছে । সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাণ্ডবিয়াই কয় যে এই নতুন ব্যৱস্থাই দেশৰ বেংকিং ব্যৱস্থাৰ সমপৰ্যায়ৰ সুবিধা প্ৰদান কৰিব । ৱেবছাইট ইণ্টাৰফেচ অধিক ব্যৱহাৰকাৰী-অনুকূল হ’ব ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ই পি এফ অ’ ৩.০ মুকলি কৰাৰ পিছত ই পি এফ অ’ই নিজৰ সদস্যসকলক এ টি এম কাৰ্ড প্ৰদান কৰিব । তেওঁ আৰু কয় যে ৱেবছাইট আৰু ব্যৱস্থাটোৰ উন্নতিৰ প্ৰাৰম্ভিক পৰ্যায় ২০২৫ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে চূড়ান্ত কৰা হ’ব । কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড (ই পি এফ)ৰ সদস্যসকলৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে ই পি এফ অ’ ৩.০ৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ লক্ষ্য হৈছে প্ৰৱেশ উন্নত কৰা, প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ অৱসৰৰ ধনৰ ওপৰত অধিক নিয়ন্ত্ৰণ প্ৰদান কৰিবলৈ নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰা ।

কেতিয়া এ টি এমৰ পৰা ধন উলিয়াব পাৰিব ?

নতুন ই পি এফ উলিওৱাৰ নিৰ্দেশনাৰ জৰিয়তে কৰ্মচাৰীসকলে অতি সোনকালে এ টি এম কাৰ্ড ব্যৱহাৰ কৰি তেওঁলোকৰ ই পি এফ সঞ্চয়ৰ ধন দ্ৰুতভাৱে লাভ কৰাৰ ক্ষমতা লাভ কৰিব পাৰে । ইয়াৰ দ্বাৰা তেওঁলোকে আৰ্থিক জৰুৰীকালীন বা অপ্ৰত্যাশিত খৰচ ফলপ্ৰসূভাৱে পৰিচালনা কৰিব পাৰিব । যোৱা মাহত শ্ৰম সচিব সুমিতা ডাৱৰাই ঘোষণা কৰিছিল যে ২০২৫ চনৰ ভিতৰত ই পি এফ অ’ৰ গ্ৰাহকে এ টি এমৰ জৰিয়তে পি এফ উলিয়াব পাৰিব । ডাৱৰাই কয় যে শ্ৰম মন্ত্ৰালয়ে বৰ্তমান ই পি এফ অ’ৰ সৈতে জড়িত ভাৰতৰ কৰ্মচাৰীসকলক উপকৃত কৰিবলৈ তথ্য-প্ৰযুক্তি সেৱা বৃদ্ধিৰ কাম কৰি আছে ।

কিমান টকা উলিয়াব পাৰিব ?

ডাৱৰাৰ মতে, সকলো সদস্য আৰু বীমাকৃত ব্যক্তিয়ে এ টি এমৰ জৰিয়তে তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড (পি এফ) উলিয়াব পাৰিব । শেহতীয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উলিওৱা ধন হিতাধিকাৰীৰ একাউণ্টত থকা মুঠ বেলেঞ্চৰ ৫০%ত সীমাবদ্ধ থাকিব । একেদৰে ই পি এফ অ’ই পেঞ্চন বৰঙণিৰ ক্ষেত্ৰত অধিক নমনীয়তা প্ৰৱৰ্তনৰ বাবে নতুন আঁচনি ৰূপায়ণৰ কথা চিন্তা কৰিছে । এই প্ৰস্তাৱৰ অধীনত কৰ্মচাৰীসকলে কৰ্মচাৰী পেঞ্চন আঁচনি (ই পি এছ)ত বৰ্তমানৰ ১২ শতাংশ সীমাতকৈ কম বেছি পৰিমাণে বৰঙণি আগবঢ়োৱাৰ বিকল্প লাভ কৰিব ।

লগতে উপলব্ধ হ’ব মোবাইল এপ-

মোবাইল বেংকিঙৰ দৰে ই পি এফ একাউণ্টৰ বাবেও এটা বিশেষ এপ প্ৰস্তুত কৰা হৈছে যাৰ জৰিয়তে সদস্যসকলে নিজৰ একাউণ্টত মাহেকীয়া বৰঙণি, পেঞ্চন ফাণ্ড, পূৰ্বৰ চাকৰিৰ পৰা পোৱা বৰঙণি ইত্যাদি চাব পাৰিব । কেৱল এয়াই নহয়, তেওঁলোকে মোবাইল এপৰ জৰিয়তে নিজৰ পি এফ একাউণ্টতো নিৰীক্ষণ কৰিব পাৰিব ।

ডিচেম্বৰত ইউ পি আইৰ লেনদেন বৃদ্ধি পালে ৮ শতাংশ…১৬.৭৩ বিলিয়নৰ নতুন অভিলেখ সৃষ্টি

ডিচেম্বৰ মাহত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউ পি আই) লেনদেনৰ সংখ্যা মাহেকীয়া ভিত্তিত ৮ শতাংশ বৃদ্ধি পাই ১৬.৭৩ বিলিয়ন নতুন অভিলেখ সৃষ্টি কৰিছে । এই তথ্য বুধবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেন্ট নিগমৰ তথ্যৰ পৰা লাভ কৰা হৈছে । ডিচেম্বৰ মাহত ইউ পি আইৰ লেনদেনৰ মূল্য ৮ শতাংশ বৃদ্ধি পাই ২৩.২৫ লাখ কোটি টকা হয়, যিটো নৱেম্বৰ মাহত ২১.৫৫ লাখ কোটি টকা আছিল ।

২০২৪ত ইউ পি আইৰ লেনদেনৰ সংখ্যা ৪৬% বৃদ্ধি পাই ১৭২ বিলিয়ন হয়-

২০২৩ চনৰ ১১৮ বিলিয়ন টকাৰ তুলনাত ২০২৪ চনৰ সমগ্ৰ বছৰটোৰ বাবে ইউ পি আইৰ লেনদেনৰ সংখ্যা প্ৰায় ৪৬ শতাংশ বৃদ্ধি পাই ১৭২ বিলিয়ন হৈছে । এই সময়ছোৱাত ইউ পি আইৰ লেনদেনৰ মূল্য ৩৫ শতাংশ বৃদ্ধি পাই ২৪৭ লাখ কোটি টকা হৈছে, যিটো ২০২৩ চনত ১৮৩ টকা লাখ কোটি টকা আছিল । বছৰেকীয়া ভিত্তিত ইউ পি আইৰ লেনদেনৰ সংখ্যা ৩৯ শতাংশ আৰু মূল্য ২৮ শতাংশ বৃদ্ধি পাইছে ।

ডিচেম্বৰ মাহত দৈনিক গড় লেনদেন ৫৪ কোটিলৈ বৃদ্ধি হয়-

নৱেম্বৰ মাহত দৈনিক গড় লেনদেন ৫১.৬ কোটিৰ পৰা ডিচেম্বৰ মাহত ৫৪ কোটিলৈ বৃদ্ধি পাইছে । ডিচেম্বৰ মাহত ইউ পি আইৰ জৰিয়তে দৈনিক গড় লেনদেনৰ মূল্য আছিল ৭৪,৯৯০ কোটি টকা, যিটো নৱেম্বৰ মাহত তাৎক্ষণিক পেমেণ্ট চাৰ্ভিচ (আই এম পি এছ)ৰ লেনদেন ৮ শতাংশ বৃদ্ধি পাই ৪৪.১ কোটি টকা হৈছিল । আনহাতে নৱেম্বৰ মাহত ই ৪০.৮ কোটি টকা হৈছিল । ডিচেম্বৰ মাহত আই এম পি এছৰ জৰিয়তে ৬.০২ লাখ কোটি টকাৰ লেনদেন হৈছিল, আনহাতে নৱেম্বৰ মাহত ৫.৫৮ লাখ কোটি টকাৰ লেনদেন হৈছিল ।