দিল্লী বিশ্ববিদ্যালয়

দিল্লী বিশ্ববিদ্যালয়ৰ অনুমোদন; ‘ভাৰতীয় ইতিহাসত শিখ শ্বহীদ’ৰ পাঠদান অন্তৰ্ভূক্ত

দিল্লী বিশ্ববিদ্যালয়ৰ অনুমোদন এতিয়াৰে পৰা দিল্লী বিশ্ববিদ্যালয় (DU) মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ‘ভাৰতীয় ইতিহাসত শিখ শ্বহীদ (১৫০০-১৭৬৫)’ পাঠ্যক্ৰম অধ্যয়নৰ সুযোগ পাব।ইয়াক সাধাৰণ ঐচ্ছিক (GE) পাঠ্যক্ৰম হিচাপে অনুমোদন জনোৱা হৈছে। শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ স্থায়ী সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।ডি ইউৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে এই

দিল্লী বিশ্ববিদ্যালয়ৰ অনুমোদন

এতিয়াৰে পৰা দিল্লী বিশ্ববিদ্যালয় (DU) মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ‘ভাৰতীয় ইতিহাসত শিখ শ্বহীদ (১৫০০-১৭৬৫)’ পাঠ্যক্ৰম অধ্যয়নৰ সুযোগ পাব।ইয়াক সাধাৰণ ঐচ্ছিক (GE) পাঠ্যক্ৰম হিচাপে অনুমোদন জনোৱা হৈছে।

শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ স্থায়ী সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।ডি ইউৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে এই পদক্ষেপৰ বাবে স্বাধীনতা আৰু বিভাজন অধ্যয়ন কেন্দ্ৰ (CIPS)ক অভিনন্দন জ্ঞাপন কৰি কয় যে এই পাঠ্যক্ৰম কেৱল শিখ ইতিহাসতে নহয় ভাৰতীয় ইতিহাসতো এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ।তেওঁ কয় যে এইবাৰ ডি ইউৰ স্নাতক পাঠদান ১ আগষ্টৰ পৰা আৰম্ভ হ’ব।

পঞ্জীয়ক ড০ বিকাশ গুপ্তাই এই বৈঠকত কাৰ্যসূচী দাঙি ধৰে, য’ত বিভিন্ন অনুষদৰ নতুন আৰু সংশোধিত পাঠ্যক্ৰমৰ বিষয়েও বিবেচনা কৰা হয়।স্নাতক (UGCF 2022) আৰু স্নাতকোত্তৰ (PGCF 2024) পাঠ্যক্ৰমৰ পৰিৱৰ্তনৰ লগতে এই নতুন পাঠ্যক্ৰমটোও অনুমোদন জনোৱা হয়।

এই পাঠ্যক্ৰমটো ৪ টা ক্ৰেডিটৰ হ’ব আৰু যিকোনো ষ্ট্ৰিমৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নামভৰ্তি ল’ব পাৰিব।

ইয়াৰ উদ্দেশ্য শিখ সম্প্ৰদায়ৰ ইতিহাস, তেওঁলোকৰ শ্বহীদ, ধৰ্মীয় নিৰ্যাতন আৰু মোগল শাসনৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰামৰ বিষয়ে ব্যাখ্যা কৰা।

ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি ভালদৰে বুজিব পাৰিব। ইয়াৰ ফলত শিক্ষাৰ্থীসকলে শিখসকলৰ শৌৰ্য্য আৰু ত্যাগৰ গৌৰৱময় পৰম্পৰাক গভীৰভাৱে পাৰিব জানিব পাৰিব।

লগতে পঢ়ক: দিল্লী বিশ্ববিদ্যালয়ৰ ডাঙৰ সিদ্ধান্ত; পঢ়া-শুনা মাজ বাটতে এৰিলেও দিব চাৰ্টিফিকেট

শেহতীয়া প্ৰৱন্ধসমূহ