ভয়ংকৰ: দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ওপৰত এচিড আক্ৰমণ

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ওপৰত এচিড আক্ৰমণ

দিল্লী বিশ্ববিদ্যালয়ত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিশ্ববিদ্যালয়খনৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীক এচিড আক্ৰমণ কৰা হয়।

ভুক্তভোগী ছাত্ৰীগৰাকী উত্তৰ পশ্চিম দিল্লীৰ লক্ষ্মীবাই মহাবিদ্যালয়ত অতিৰিক্ত ক্লাছৰ বাবে গৈছিল।বিশ্ববিদ্যালয়খনৰ পৰা কিছু দূৰৈতে সংঘটিত হৈছে এই ঘটনাটো।

এচিড আক্ৰমণৰ বলি হোৱা ছাত্ৰীগৰাকীৰ দুয়োটা হাত জ্বলি যায় যদিও মুখখন বচাবলৈ সক্ষম হৈছে।এই ঘটনা আজি পুৱা প্ৰায় ১০ মান বজাত সংঘটিত হয়।

ঘটনা সন্দৰ্ভত কেইবাটাও আৰক্ষীৰ দলে তদন্ত অব্যাহত ৰাখিছে।বৰ্তমান ছাত্ৰীগৰাকী আৰ এম এল হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।

লগতে পঢ়ক: প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এইবাৰ ‘ধ্বজাৰোহণ’; প্ৰধানমন্ত্ৰী মোদীয়ে উৰুৱাব ২২ ফুটৰ ওখ ধৰ্মীয় ধ্বজা  

দিল্লী বিশ্ববিদ্যালয়ত অঘটন; অধ্যক্ষকক প্ৰচণ্ড চৰ ABVP ৰ দীপিকা ঝাৰ

দিল্লী বিশ্ববিদ্যালয়ত অঘটন

দিল্লী বিশ্ববিদ্যালয়ৰ বি.আৰ. আম্বেদকাৰ মহাবিদ্যালয়ত বৃহস্পতিবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠাত DUSUৰ যুটীয়া সম্পাদিকা দীপিকা ঝাই (ABVP) এগৰাকী জ্যেষ্ঠ অধ্যাপক সুজিত কুমাৰক প্ৰচণ্ড চৰ মৰা দেখিবলৈ পোৱা গৈছে।

এই সমগ্ৰ ঘটনাটো দিল্লী আৰক্ষীৰ উপস্থিতিত সংঘটিত হৈছে,যাৰ বাবে মহাবিদ্যালয় চৌহদত চেপা উত্তেজনা বিয়পি পৰিছে।এই ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে কয় যে ঘটনাৰ সন্দৰ্ভত এজাহাৰ পোৱা গৈছে।

ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদিকা শ্ৰীমতী দীপিকা ঝাই এজন অধ্যাপকক শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাৰ তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হৈছে।

ছয়জনীয়া এই সমিতিখনৰ অধ্যক্ষতা কৰিব অধ্যাপিকা নীতা ছেহগালে (প্ৰাণীবিজ্ঞান বিভাগ)।এই কমিটীয়ে বিষয়টোৰ তদন্ত কৰি অতি সোনকালে তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিব।

দীপিকা ঝাই কয় যে তেওঁ ছাত্ৰ-ছাত্ৰীৰ নিমন্ত্ৰণত কলেজত উপস্থিত হৈছিল।অধ্যাপক সুজিত কুমাৰে তেওঁলোকৰ সৈতে অভদ্ৰ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে।

দীপিকাৰ মতে, অধ্যক্ষৰ কোঠাত হোৱা কথা-বতৰাৰ সময়ত অধ্যাপক সুজিতে তেওঁক ভাবুকি আৰু গালি-গালাজ কৰিছিল,যাৰ বাবে খঙৰ মুহূৰ্তত তেওঁ অধ্যক্ষ গৰাকীক প্ৰচণ্ড চৰ মাৰে।

পিছত দীপিকাই এক বিবৃতি প্ৰকাশ কৰি এই ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ লগতে শিক্ষক সমাজৰ ওচৰত ক্ষমা বিচাৰে।

তেওঁ কয় যে তেওঁৰ উদ্দেশ্য কোনো শিক্ষকক অপমান কৰা নাছিল,বৰঞ্চ কলেজ চৌহদত মহিলা ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেহে আছিল।

লগতে পঢ়ক: পশু চিকিৎসক হোৱাৰ মন আছে নেকি? কি পাঠ্যক্ৰম অধ্যয়ন কৰিব ?

পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব DU ; অধ্যাপক সকলৰ মাজত হাহাকাৰ

নিশা ৮ বজালৈ খোলা থাকিব DU

দিল্লী বিশ্ববিদ্যালয়ে এক ডাঙৰ সিদ্ধান্ত লৈছে।দিল্লী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত অনুসৰি তেওঁলোকৰ সকলো মহাবিদ্যালয় আৰু প্ৰতিষ্ঠান পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

DU ৰ প্ৰশাসনে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে সম্পদৰ অনুকূল ব্যৱহাৰ।কিন্তু, এই সিদ্ধান্তই শিক্ষকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।

৩১ জুলাইত জাৰি কৰা এই নিৰ্দেশনাত কোৱা হৈছে যে এই সিদ্ধান্ত যোৱা ১২ জুলাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকত আলোচনাৰ অন্তত গ্ৰহণ কৰা হৈছে।

এই নিৰ্দেশটো এনে এটা সময়ত আহিছে যেতিয়া DU ৰ নতুন পাঠদান আৰম্ভ হৈছে। আৰু প্ৰথমবাৰৰ বাবে চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী (এফ ৱাই ইউ পি)ৰ অধীনত চতুৰ্থ বৰ্ষত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিছে।

এই নিৰ্দেশ ছেচন আৰম্ভ হোৱাৰ পূৰ্বে দিয়া হৈছে য’ত প্ৰথমবাৰৰ বাবে চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী (এফ ৱাই ইউ পি)ৰ অধীনত চতুৰ্থ বৰ্ষত প্ৰৱেশ কৰা ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্ত।

এই সম্প্ৰসাৰণে আন্তঃগাঁথনি আৰু জনশক্তিৰ অভাৱক লৈ অধ্যাপক সদস্যসকলৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে।এই অধিসূচনাত কোৱা হৈছে যে, “এই লক্ষ্যত উপনীত হ’বলৈ আৰু এই সময়ছোৱাত অনুষদ আৰু কৰ্মচাৰীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ, অধ্যাপক আৰু কৰ্মচাৰী নিয়োগ পৃথকে পৃথকে কৰা হ’ব।”

ইয়াত কোৱা হৈছে যে জ্যেষ্ঠ নিয়মীয়া অধ্যাপকসকলক চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক পাঠদান আৰু পথ প্ৰদৰ্শনৰ দায়িত্ব দিব লাগে, আৰু য’তেই প্ৰয়োজন হ’ব তাতেই অতিথি অধ্যাপক নিযুক্তি দিয়া হ’ব।

লগতে পঢ়ক: নাৰ্চাৰীৰ অধ্যয়নৰ বাবে ২.৫ লাখ টকা; লাখটকীয়া মাচুলক লৈ হাহাকাৰ

দিল্লী বিশ্ববিদ্যালয়ৰ অনুমোদন; ‘ভাৰতীয় ইতিহাসত শিখ শ্বহীদ’ৰ পাঠদান অন্তৰ্ভূক্ত

দিল্লী বিশ্ববিদ্যালয়ৰ অনুমোদন

এতিয়াৰে পৰা দিল্লী বিশ্ববিদ্যালয় (DU) মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ‘ভাৰতীয় ইতিহাসত শিখ শ্বহীদ (১৫০০-১৭৬৫)’ পাঠ্যক্ৰম অধ্যয়নৰ সুযোগ পাব।ইয়াক সাধাৰণ ঐচ্ছিক (GE) পাঠ্যক্ৰম হিচাপে অনুমোদন জনোৱা হৈছে।

শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ স্থায়ী সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।ডি ইউৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে এই পদক্ষেপৰ বাবে স্বাধীনতা আৰু বিভাজন অধ্যয়ন কেন্দ্ৰ (CIPS)ক অভিনন্দন জ্ঞাপন কৰি কয় যে এই পাঠ্যক্ৰম কেৱল শিখ ইতিহাসতে নহয় ভাৰতীয় ইতিহাসতো এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ।তেওঁ কয় যে এইবাৰ ডি ইউৰ স্নাতক পাঠদান ১ আগষ্টৰ পৰা আৰম্ভ হ’ব।

পঞ্জীয়ক ড০ বিকাশ গুপ্তাই এই বৈঠকত কাৰ্যসূচী দাঙি ধৰে, য’ত বিভিন্ন অনুষদৰ নতুন আৰু সংশোধিত পাঠ্যক্ৰমৰ বিষয়েও বিবেচনা কৰা হয়।স্নাতক (UGCF 2022) আৰু স্নাতকোত্তৰ (PGCF 2024) পাঠ্যক্ৰমৰ পৰিৱৰ্তনৰ লগতে এই নতুন পাঠ্যক্ৰমটোও অনুমোদন জনোৱা হয়।

এই পাঠ্যক্ৰমটো ৪ টা ক্ৰেডিটৰ হ’ব আৰু যিকোনো ষ্ট্ৰিমৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নামভৰ্তি ল’ব পাৰিব।

ইয়াৰ উদ্দেশ্য শিখ সম্প্ৰদায়ৰ ইতিহাস, তেওঁলোকৰ শ্বহীদ, ধৰ্মীয় নিৰ্যাতন আৰু মোগল শাসনৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰামৰ বিষয়ে ব্যাখ্যা কৰা।

ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি ভালদৰে বুজিব পাৰিব। ইয়াৰ ফলত শিক্ষাৰ্থীসকলে শিখসকলৰ শৌৰ্য্য আৰু ত্যাগৰ গৌৰৱময় পৰম্পৰাক গভীৰভাৱে পাৰিব জানিব পাৰিব।

লগতে পঢ়ক: দিল্লী বিশ্ববিদ্যালয়ৰ ডাঙৰ সিদ্ধান্ত; পঢ়া-শুনা মাজ বাটতে এৰিলেও দিব চাৰ্টিফিকেট

দিল্লী বিশ্ববিদ্যালয়ৰ ডাঙৰ সিদ্ধান্ত; পঢ়া-শুনা মাজ বাটতে এৰিলেও দিব চাৰ্টিফিকেট

দিল্লী বিশ্ববিদ্যালয়ৰ ডাঙৰ সিদ্ধান্ত

NEP 2020 (নতুন শিক্ষা নীতি ২০২০) অনুসৰি এতিয়া সমগ্ৰ দেশৰ বহু বিশ্ববিদ্যালয়ত ৪ বছৰীয়া স্নাতক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

এই শিক্ষা নীতিৰ অনুসৰি দিল্লী বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনা মাজ বাট এৰিলেও ডিগ্ৰী বা চাৰ্টিফিকেট দিয়াৰ বিকল্প আৰম্ভ কৰিছে।ইয়াক “Exit Option” বুলি কোৱা হয়।

যদি কোনো ছাত্ৰই ৩ বছৰ অৰ্থাৎ ৬ টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰে, কিন্তু কিবা কাৰণত যদি তেওঁ আৰু পঢ়িব নিবিচাৰে, তেন্তে তেওঁ প্ৰগ্ৰেমৰ পৰা ওলাই আহিব পাৰে।

যদি কোনো ছাত্ৰ বহুবিষয়ক হয় (অৰ্থাৎ কেইবাটাও বিষয় একেলগে অধ্যয়ন কৰিছে) তেন্তে তেওঁ ৩ বছৰৰ ডিগ্ৰী লাভ কৰিব।

যদি ছাত্ৰজন একক কোৰ (অৰ্থাৎ মাত্ৰ এটা মূল বিষয় অধ্যয়ন কৰা) তেন্তে তেওঁ অনাৰ্ছ ডিগ্ৰী লাভ কৰিব। ইয়াৰ বাবে ছাত্ৰজনে দিল্লী বিশ্ববিদ্যালয়ৰ ষ্টুডেন্ট পৰ্টেলত গৈ অনলাইন আবেদন কৰিব লাগিব।

৪ বছৰ পঢ়া-শুনা সম্পূৰ্ণ কৰিলে কি হ’ব?

যদি ৪ বছৰ পঢ়া-শুনা সম্পূৰ্ণ কৰে তেন্তে অনাৰ্ছ ডিগ্ৰী লাভ কৰিব। গৱেষণা/ব্যৱহাৰিক প্ৰশিক্ষণ বা বিশেষ প্ৰকল্প কৰাৰ সুযোগ থাকিব।ইয়াৰ দ্বাৰা স্নাতকোত্তৰ (PG) বা চাকৰিত অধিক নামভৰ্তিৰ বাবে অধিক লাভজনক হ’ব।

বিশ্ববিদ্যালয়খনে ছাত্র-ছাত্রীসকলক উপদেশ দিছে যে “শৈক্ষিক দিশ সম্পূর্ণ আৰু কেৰিয়াৰৰ লক্ষ্যৰ সযতনে মূল্যায়ন কৰা”।আৰু আগতীয়াকৈ প্ৰস্থান বাছি লোৱাৰ আগতে শিক্ষক বা গুৰুৰ পৰামৰ্শ লওক।

DU এ ছাত্ৰ-ছাত্ৰীসকলক যিকোনো পাঠ্যক্ৰমৰ এৰি অহাৰ পূৰ্বে এবাৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিছে।আপোনাৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে ভালদৰে চিন্তা কৰক।

নিজৰ কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষক বা কেৰিয়াৰ পৰামৰ্শদাতাৰ পৰামৰ্শ লওক।এই ব্যৱস্থাটো এনেদৰে সৃষ্টি কৰা হৈছে যাতে কোনোবাই যদি পঢ়া-শুনা মাজভাগত এৰিব লগা হয় তেন্তে অন্ততঃ চাৰ্টিফিকেট, ডিপ্লমা বা ডিগ্ৰী থাকিব লাগে।

লগতে পঢ়ক: বি এছ চি এষ্ট্ৰ’নমি নে বিটেক স্পেচ টেকনলজি ? মহাকাশচাৰী হ’বলৈ কি অধ্যয়ন কৰিব ?

দিল্লী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আঁতৰোৱা হ’ল মনুস্মৃতি পাঠদান  

দিল্লী বিশ্ববিদ্যালয়ত মনুস্মৃতি পাঠদান কৰা নহ’ব

দিল্লী বিশ্ববিদ্যালয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি কোনো পাঠ্যক্ৰমতে আৰু পাঠদান কৰা নহয় মনুস্মৃতি।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে স্পষ্ট কৰি দিয়ে যে সংস্কৃত বিভাগৰ ‘ধৰ্ম শাস্ত্ৰ অধ্যয়ন’ৰ পাঠ্যক্ৰম সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে, য’ত মনুস্মৃতি প্ৰথমে পৰামৰ্শ দিয়া পঠন সামগ্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।

দিল্লী বিশ্ববিদ্যালয়ে দিলে এই তথ্য

বিশ্ববিদ্যালয় প্ৰশাসনে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে দিল্লী বিশ্ববিদ্যালয়ৰ কোনো পাঠ্যক্ৰমত মনুস্মৃতি পাঠদান কৰা নহ’ব।

সংস্কৃত বিভাগৰ ‘ধৰ্ম শাস্ত্ৰ অধ্যয়ন’ পাঠ্যক্ৰম, য’ত এই গ্ৰন্থখন পৰামৰ্শ দিয়া পঠন সামগ্ৰীত অন্তৰ্ভুক্ত কৰা হৈছিল, যি এতিয়া পাঠ্যক্ৰমৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে।

ছাত্ৰ সংগঠনসমূহে কৰিছিল প্ৰতিবাদ

এই সিদ্ধান্তটো সেই সময়ত লোৱা হৈছিল, যেতিয়া মনুস্মৃতিক বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভৰ বাবে নতুন সংস্কৃত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল। এই সন্দৰ্ভত বহু ছাত্ৰ সংগঠন আৰু শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।যাক লৈ এক বিৰ্তকৰ সৃষ্টি হৈছিল।

বিশ্ববিদ্যালয়ে কিয় ললে এই সিদ্ধান্ত?
বিতৰ্কৰ মাজতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বিক্ষোভ আৰু স্মাৰকপত্ৰৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে পুনৰ বিবেচনা কৰে আৰু বিতৰ্কিত টেক্সট মেটেৰিয়েলটো আঁতৰোৱাৰ সিদ্ধান্ত ল’লে।

এই পদক্ষেপৰ লক্ষ্য হৈছে বিশ্ববিদ্যালয় চৌহদত এক সৰ্বাংগীন আৰু প্ৰগতিশীল শৈক্ষিক পৰিৱেশ বজাই ৰখা।

লগতে পঢ়ক: ডায়েবেটিছ ৰোগীৰ বাবে স্বাস্থ্যকৰ এই কেইবিধ তৰকাৰি; আছে বহু উপকাৰিতা