ডায়েবেটিছ

ডায়েবেটিছ ৰোগীৰ বাবে স্বাস্থ্যকৰ এই কেইবিধ তৰকাৰি; আছে বহু উপকাৰিতা

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী কেৱল এটা বা দুটা নহয়, ভাৰতীয় বজাৰত প্ৰতিটো বতৰত বহু শাক-পাচলি পোৱা যায়।এই শাক-পাচলিবোৰে আপোনাৰ খাদ্যক সোৱাদযুক্ত আৰু পুষ্টিকৰ কৰি তোলে। কিন্তু এনে কিছুমান আছে যিবোৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে খাব নালাগে। এনে বহু শাক-পাচলি আছে, যিবোৰ ডায়েবেটিছ ৰোগীক নাখাবলৈ পৰামৰ্শ

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী

কেৱল এটা বা দুটা নহয়, ভাৰতীয় বজাৰত প্ৰতিটো বতৰত বহু শাক-পাচলি পোৱা যায়।এই শাক-পাচলিবোৰে আপোনাৰ খাদ্যক সোৱাদযুক্ত আৰু পুষ্টিকৰ কৰি তোলে।

কিন্তু এনে কিছুমান আছে যিবোৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে খাব নালাগে। এনে বহু শাক-পাচলি আছে, যিবোৰ ডায়েবেটিছ ৰোগীক নাখাবলৈ পৰামৰ্শ দিয়া হয়।

এনে পৰিস্থিতিত কোনবিধ শাক-পাচলি খাব লাগে আৰু কোনবিধ খাব নালাগে সেইসকল লোকৰ বাবে চিন্তাৰ বিষয় হৈ পৰে।জানো আহক কি কি শাক-পাচলি মধুমেহ ৰোগীৰ বাবে উপকাৰী।

পানী লাওৰ আঞ্জা- পানী লাওৰ আঞ্জা সকলোৰে বাবে ইয়াক অতি উত্তম বুলি গণ্য কৰা হয় যদিও ডায়েবেটিছ ৰোগীৰ বাবে ই অতি উপকাৰী।ইয়াত প্ৰচুৰ পৰিমাণে পানী আৰু ফাইবাৰ থাকে।ই হজম শক্তি উন্নত কৰে আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে।

পালক পানীৰ- পালেঙত আইৰণ আৰু ফাইবাৰ থাকে, আৰু পানীৰে প্ৰটিন যোগান ধৰে। এই দুয়োটা মিলি এক সুস্থ সংমিশ্ৰণ ঘটায়।অৱশ্যে ইয়াক কম তেল আৰু মছলাত ৰান্ধিলে ভাল।

বেঙেনা পিতিকা- বেঙেনা পিতিকাও এই তালিকাত অন্তৰ্ভূক্ত হৈ আছে। ইয়াত কাৰ্ব কম থাকে আৰু খাবলৈও অতি সোৱাদযুক্ত।

( এই লেখনিত দিয়া পৰামৰ্শ সমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: ধুবুৰীত নিশা শ্বুট এট ছাইট; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ এক্সন

শেহতীয়া প্ৰৱন্ধসমূহ