দিল্লী বিশ্ববিদ্যালয়ত অঘটন
দিল্লী বিশ্ববিদ্যালয়ৰ বি.আৰ. আম্বেদকাৰ মহাবিদ্যালয়ত বৃহস্পতিবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠাত DUSUৰ যুটীয়া সম্পাদিকা দীপিকা ঝাই (ABVP) এগৰাকী জ্যেষ্ঠ অধ্যাপক সুজিত কুমাৰক প্ৰচণ্ড চৰ মৰা দেখিবলৈ পোৱা গৈছে।
এই সমগ্ৰ ঘটনাটো দিল্লী আৰক্ষীৰ উপস্থিতিত সংঘটিত হৈছে,যাৰ বাবে মহাবিদ্যালয় চৌহদত চেপা উত্তেজনা বিয়পি পৰিছে।এই ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে কয় যে ঘটনাৰ সন্দৰ্ভত এজাহাৰ পোৱা গৈছে।
ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদিকা শ্ৰীমতী দীপিকা ঝাই এজন অধ্যাপকক শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাৰ তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হৈছে।
ছয়জনীয়া এই সমিতিখনৰ অধ্যক্ষতা কৰিব অধ্যাপিকা নীতা ছেহগালে (প্ৰাণীবিজ্ঞান বিভাগ)।এই কমিটীয়ে বিষয়টোৰ তদন্ত কৰি অতি সোনকালে তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিব।
দীপিকা ঝাই কয় যে তেওঁ ছাত্ৰ-ছাত্ৰীৰ নিমন্ত্ৰণত কলেজত উপস্থিত হৈছিল।অধ্যাপক সুজিত কুমাৰে তেওঁলোকৰ সৈতে অভদ্ৰ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে।
দীপিকাৰ মতে, অধ্যক্ষৰ কোঠাত হোৱা কথা-বতৰাৰ সময়ত অধ্যাপক সুজিতে তেওঁক ভাবুকি আৰু গালি-গালাজ কৰিছিল,যাৰ বাবে খঙৰ মুহূৰ্তত তেওঁ অধ্যক্ষ গৰাকীক প্ৰচণ্ড চৰ মাৰে।
পিছত দীপিকাই এক বিবৃতি প্ৰকাশ কৰি এই ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ লগতে শিক্ষক সমাজৰ ওচৰত ক্ষমা বিচাৰে।
তেওঁ কয় যে তেওঁৰ উদ্দেশ্য কোনো শিক্ষকক অপমান কৰা নাছিল,বৰঞ্চ কলেজ চৌহদত মহিলা ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেহে আছিল।
লগতে পঢ়ক: পশু চিকিৎসক হোৱাৰ মন আছে নেকি? কি পাঠ্যক্ৰম অধ্যয়ন কৰিব ?









