পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে ডেটিং কৰিছে নেকি সামান্থা ৰুথ প্ৰভুৱে? ভাইৰেল ফটোৱে সৃষ্টি কৰিছে আলোড়নৰ

দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে অলপতে পিকলবল টুৰ্ণামেণ্টৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল য’ত সামান্থাক এজন পুৰুষৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা দেখা গৈছিল । দৰাচলতে, সামান্থাক এই প্ৰতিযোগিতাখনত ফেমিলি মেনৰ পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে দেখা গৈছিল।দুয়োজনৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ হৈ উঠিছে বুলিও উৰাবাতৰি ওলাইছে। তাৰ পিছতে

দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে অলপতে পিকলবল টুৰ্ণামেণ্টৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল য’ত সামান্থাক এজন পুৰুষৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা দেখা গৈছিল ।

দৰাচলতে, সামান্থাক এই প্ৰতিযোগিতাখনত ফেমিলি মেনৰ পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে দেখা গৈছিল।দুয়োজনৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ হৈ উঠিছে বুলিও উৰাবাতৰি ওলাইছে।

তাৰ পিছতে বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল যে সামান্থা ৰুথ প্ৰভু আৰু ৰাজে ডেট কৰি আছে নেকি।সামান্থা ৰুথ প্ৰভুৱে অলপতে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল য’ত সামান্থাক ৰাজ নিদিমোৰুৰ সৈতে দেখা গৈছিল।

এখন ফটোত, অভিনেত্ৰী গৰাকীক ৰাজৰ হাতখন ঘৰি আছে।যাৰ ফলত মানুহে বিশ্বাস কৰিছিল যে দুয়োৰে মাজত নিশ্চিতভাৱে কিবা চলি আছে।

অৱশ্যে বৰ্তমান লৈকে সামান্থা আৰু ৰাজৰ পৰা এই বিষয়ক লৈ কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই। উল্লেখনীয় যে সামান্থা চেন্নাই চুপাৰ কিংছৰ গৰাকী।

সামান্থাই ফটো শ্বেয়াৰ কৰাৰ সময়ত লিখিছিল, ‘ক্ৰীড়া জগতত মোৰ প্ৰথম পদক্ষেপ – পিকলবল, মই কেৱল হেৰুৱাবলৈ ভাল নাপাওঁ।কিন্তু খেলুৱৈসকলে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে।

গতিকে যেতিয়া চেন্নাই চুপাৰ চেম্পছৰ গৰাকী হোৱাৰ সুযোগ আহিছিল, মই লগে লগে হয় বুলি কৈছিলো আৰু এতিয়া মই বহুত সুখী।এই অস্থিৰ যাত্ৰাত ৰাজ আৰু হিমানকতকৈ মোৰ ভাল অংশীদাৰ থাকিব নোৱাৰিলে। এইটো মাত্ৰ আৰম্ভণি’।

শেহতীয়া প্ৰৱন্ধসমূহ