সামান্থাৰ লগত দ্বিতীয় বিবাহৰ পিছতে ৰাজ নিদিমোৰুৰ প্ৰাক্তন পত্নীৰ আৱেগিক পোষ্ট…

অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাজ নিদিমোৰুৰ বিবাহৰ পিছতে প্ৰাক্তন পত্নীৰ আৱেগিক পোষ্ট

অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাজ নিদিমোৰুয়ে কইম্বাটুৰৰ ইছা ফাউণ্ডেশ্যনত এক অন্তৰংগ যোগাসন অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।

সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ ফটো ভাইৰেল হোৱাৰ পিছত ৰাজৰ প্ৰাক্তন পত্নী শ্যামালী দেয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। যিটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে।

য’ত তেওঁ নিজৰ মানসিক অৱস্থাৰ কথা উল্লেখ কৰিছে।বৃহস্পতিবাৰে তেওঁ নিজৰ ইনষ্টাগ্ৰামত এটা দীঘলীয়া টোকা লিখিছে। তেওঁ লিখিছে যে,’আপোনালোক সকলোৰে শুভেচ্ছা, উষ্ম বাৰ্তা আৰু সকলো আশীৰ্বাদৰ বাবে ধন্যবাদ।’

‘গোটেই ৰাতিটো সাৰ পাই থাকিলোঁ, বিচাৰ-বিমৰ্ষত পাৰ কৰিলো আৰু মই অনুভৱ কৰিলো যে মোৰ লগত ঘটি থকা সকলো ভাল কাম স্বীকাৰ নকৰিলে অকৃতজ্ঞতা আৰু অভদ্ৰতা হ’ব’।

‘বহু বছৰ ধৰি ধ্যান-ধাৰণাৰ অভ্যাস কৰি আহিছো।এই ধ্যানত পৃথিৱী মাতৃ আৰু সকলো মানুহ আৰু জীৱলৈ শান্তি, প্ৰেম, ক্ষমা, আশা, পোহৰ, আনন্দ, প্ৰেমৰ দয়া, সদিচ্ছা আৰু ইয়াৰ লগত ভাল কাম কৰাৰ ইচ্ছাক আশীৰ্বাদ দিয়াটো জড়িত হৈ আছে।’

“এজন বন্ধুৱে মোক সোঁৱৰাই দিছিল যে এতিয়া মই যিবোৰ লাভ কৰি আছো সেয়া  মাত্ৰ কোনো শক্তি উভতাই পাইছো”।

“মোৰ ওচৰত কোনো টীম, পিআৰ, কোনো ষ্টাফ, কোনো সহকৰ্মী নাই, যিয়ে মোৰ পেজটো মেনেজ কৰিব পাৰে। মোৰ সম্পূৰ্ণ উপস্থিতিৰ প্ৰয়োজন হোৱা কিবা এটাৰ সৈতে মোকাবিলা কৰি থাকোঁতে মই ব্যক্তিগতভাৱে কথাবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো।”

তেওঁ লগতে লিখিছে,কোনোবাই যদি নাটক আৰু ব্ৰেকিং নিউজ বিচাৰিছে তেন্তে ইয়াত নাপাব।মই অনুৰোধ কৰিছো মোক ৰেহাই দিয়ক।

মই কোনো ধৰণৰ মনোযোগ, সংবাদ মাধ্যমৰ কভাৰেজ, একচেটিয়া সাক্ষাৎকাৰ, ব্ৰেণ্ড প্ৰচাৰ, পেইড পাৰ্টনাৰশ্বিপ বা সহানুভূতি নিবিচাৰো।

লগতে পঢ়ক: ছানী দেউলৰ পুত্ৰই হৰিদ্বাৰত বিসৰ্জন দিলে ধৰ্মেন্দ্ৰৰ অস্থি; উচুপি উঠিল ববি দেউল

পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে ডেটিং কৰিছে নেকি সামান্থা ৰুথ প্ৰভুৱে? ভাইৰেল ফটোৱে সৃষ্টি কৰিছে আলোড়নৰ

দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে অলপতে পিকলবল টুৰ্ণামেণ্টৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল য’ত সামান্থাক এজন পুৰুষৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা দেখা গৈছিল ।

দৰাচলতে, সামান্থাক এই প্ৰতিযোগিতাখনত ফেমিলি মেনৰ পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে দেখা গৈছিল।দুয়োজনৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ হৈ উঠিছে বুলিও উৰাবাতৰি ওলাইছে।

তাৰ পিছতে বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল যে সামান্থা ৰুথ প্ৰভু আৰু ৰাজে ডেট কৰি আছে নেকি।সামান্থা ৰুথ প্ৰভুৱে অলপতে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল য’ত সামান্থাক ৰাজ নিদিমোৰুৰ সৈতে দেখা গৈছিল।

এখন ফটোত, অভিনেত্ৰী গৰাকীক ৰাজৰ হাতখন ঘৰি আছে।যাৰ ফলত মানুহে বিশ্বাস কৰিছিল যে দুয়োৰে মাজত নিশ্চিতভাৱে কিবা চলি আছে।

অৱশ্যে বৰ্তমান লৈকে সামান্থা আৰু ৰাজৰ পৰা এই বিষয়ক লৈ কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই। উল্লেখনীয় যে সামান্থা চেন্নাই চুপাৰ কিংছৰ গৰাকী।

সামান্থাই ফটো শ্বেয়াৰ কৰাৰ সময়ত লিখিছিল, ‘ক্ৰীড়া জগতত মোৰ প্ৰথম পদক্ষেপ – পিকলবল, মই কেৱল হেৰুৱাবলৈ ভাল নাপাওঁ।কিন্তু খেলুৱৈসকলে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে।

গতিকে যেতিয়া চেন্নাই চুপাৰ চেম্পছৰ গৰাকী হোৱাৰ সুযোগ আহিছিল, মই লগে লগে হয় বুলি কৈছিলো আৰু এতিয়া মই বহুত সুখী।এই অস্থিৰ যাত্ৰাত ৰাজ আৰু হিমানকতকৈ মোৰ ভাল অংশীদাৰ থাকিব নোৱাৰিলে। এইটো মাত্ৰ আৰম্ভণি’।