IRGC

‘যুদ্ধ আৰম্ভ কৰিছিল আপুনি,শেষ কৰিম আমি’; ডনাল্ড ট্ৰাম্পক সকিয়নী IRGC ৰ

IRGC এ ডনাল্ড ট্ৰাম্পক দিলে সকিয়নী দেওবাৰেও আমেৰিকাই ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত পোনপটীয়াকৈ অংশ লয় আৰু ইৰাণৰ তিনিটা পাৰমাণৱিক ইউনিট আক্ৰমণ কৰে। ইয়াৰ পিছত কোৱা হৈছে যে এই যুদ্ধই নতুন ৰূপ ল’ব পাৰে কাৰণ ৰাছিয়া আৰু চীনেও আমেৰিকাৰ আক্ৰমণক ভুল বুলি অভিহিত

IRGC এ ডনাল্ড ট্ৰাম্পক দিলে সকিয়নী

দেওবাৰেও আমেৰিকাই ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত পোনপটীয়াকৈ অংশ লয় আৰু ইৰাণৰ তিনিটা পাৰমাণৱিক ইউনিট আক্ৰমণ কৰে।

ইয়াৰ পিছত কোৱা হৈছে যে এই যুদ্ধই নতুন ৰূপ ল’ব পাৰে কাৰণ ৰাছিয়া আৰু চীনেও আমেৰিকাৰ আক্ৰমণক ভুল বুলি অভিহিত কৰিছে আৰু ইয়াক তীব্ৰ নিন্দা কৰিছে।

ইফালে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (IRGC)আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ‘জুৱাৰী’ বুলি অভিহিত কৰি আমেৰিকাক ‘লক্ষ্যভিত্তিক অভিযান’ৰ ভাবুকি প্ৰদান কৰিছে।

IRGC এ সকিয়নী দিছে, য’ত কোৱা হৈছে যে আমেৰিকাই সপ্তাহৰ শেষৰ ফালে নিজৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাব লাগিব।

ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ মুখপাত্ৰ ইব্ৰাহিম জোলফাঘৰীয়ে এইদৰে কয় যে, ইৰাণ আৰু ইজৰাইলৰ এই যুদ্ধত আমেৰিকাই পোনপটীয়াকৈ প্ৰৱেশ কৰিছে আৰু ইৰাণৰ “পবিত্ৰ ভূমি” উলংঘা কৰিছিল।

তেওঁ কয় যে এতিয়া আমেৰিকাই অত্যন্ত “শক্তিশালী আৰু লক্ষ্য নিৰ্ধাৰিত অভিযান”ৰ জৰিয়তে “গুৰুতৰ, দুখজনক আৰু অভাৱনীয় পৰিণতি”ৰ সন্মুখীন হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিক ইংৰাজী ভাষাত পোনপটীয়াকৈ কথা পাতি জোলফেগ্ৰীয়ে কয় “মিষ্টাৰ ট্ৰাম্প, জুৱাৰী! আপুনি এই যুদ্ধ আৰম্ভ কৰিছে-কিন্তু ইয়াৰ অন্ত আমিয়েই কৰিম!”

লগতে পঢ়ক: ‘মেক ইৰাণ গ্ৰেট এগেইন’; খামেনীইক ক্ষমতাৰ পৰা আঁতৰোৱাৰ ইংগিত ডনাল্ড ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ