মাজ আকাশতে লাগিল অথন্তৰ! আধা বাটৰ পৰাই উভতিল ডনাল্ড ট্ৰাম্পৰ বিমান

আধা বাটৰ পৰাই ঘূৰিল ডনাল্ড ট্ৰাম্পৰ বিমান । ছুইডাৰলেণ্ড ভ্ৰমণলৈ গৈ থকা অৱস্থাতে নিৰাপত্তাজনিত কাৰণত ঘূৰাই অনা হ’ল এয়াৰ ফৰ্চ ওৱান ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ চৰকাৰী বিমান এয়াৰ ফৰ্চ ৱানে সামান্য কাৰিকৰী সমস্যাৰ বাবে উৰণৰ পিছতে জইণ্ট বেছ এণ্ড্ৰুজলৈ উভতি আহিবলগীয়া হয় । সোমবাৰে নিশা হোৱাইট হাউছৰ এজন জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰে যে বিমানখনৰ উৰণৰ কিছু সময়ৰ পিছতে বিমানখনৰ এটা বৈদ্যুতিক ব্যৱস্থাত অস্বাভাৱিকতা ধৰা পৰে । সমস্যা জৰুৰীকালীন নহ’লেও নিৰাপত্তাজনিত কাৰণত বিমানখন ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয় ।

হোৱাইট হাউছৰ এক বিবৃতিত কোৱা হৈছে যে এয়াৰ ফৰ্চ ৱান নিৰাপদে ঘাটিলৈ উভতি আহিছে আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পকে ধৰি বিমানখনত থকা সকলো সম্পূৰ্ণ নিৰাপদে আছে । পৰিস্থিতি সংকটজনক নাছিল আৰু আতংকৰ কোনো কাৰণ নাই ।

এই ঘটনাৰ পিছতো ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ চুইজাৰলেণ্ড ভ্ৰমণ বাতিল কৰা হোৱা নাই । তেওঁৰ যাত্ৰাৰ বাবে সুকীয়া বিমানৰ ব্যৱস্থা কৰা হয় । বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰপতি আৰু তেওঁৰ দলটোৱে শীঘ্ৰেই আন এখন বিমানত উঠি পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰিব ।

উল্লেখ্য যে, এয়াৰ ফৰ্চ ৱানক বিশ্বৰ অন্যতম নিৰাপদ বিমান বুলি গণ্য কৰা হয় আৰু ইয়াৰ কাৰিকৰী আৰু সুৰক্ষাৰ মানদণ্ড কঠোৰভাৱে পালন কৰা হয় । গতিকে সৰু সৰু কাৰিকৰী বিষয়বোৰকো সহজভাৱে লোৱা নহয় আৰু তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত উত্তেজনা; কূটনৈতিক বিষয়াৰ পৰিয়ালক লৈ ভাৰতে ল’লে ডাঙৰ সিদ্ধান্ত

ডনাল্ড ট্ৰাম্পৰ দাবীৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ; প্ৰেৰণ কৰিলে কঠোৰ বাৰ্তা !

ডনাল্ড ট্ৰাম্পৰ দাবীৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰে যে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে । ট্ৰাম্পৰ এই দাবীৰ প্ৰতি এতিয়া মস্কোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয় যে ভাৰতৰ অৰ্থনীতিত ৰাছিয়াৰ তেলৰ প্ৰয়োজন । তেওঁ ভাৰতক ৰাছিয়াৰ নিৰ্ভৰযোগ্য অংশীদাৰ বুলিও অভিহিত কৰে । ভাৰতৰ ওপৰত ক্ষুন্ন হৈ ৫০ শতাংশ শুল্কক আৰোপ কৰা ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বিচৰা নাই ।

ৰাছিয়াৰ ৰাষ্ট্ৰদূত আলিপভে কয়, “ভাৰতৰ মুঠ খাৰুৱা তেল আমদানিৰ এক তৃতীয়াংশ ৰাছিয়াৰ পৰা আহে । আমি ভাৰতৰ বাবে ব্যয়বহুল বিকল্প হৈ আহিছো । ৰাছিয়া আৰু ভাৰতৰ মাজত থকা কৌশলগত অংশীদাৰিত্বক বিশ্বত এক সুস্থিৰ শক্তি হিচাপে দেখা যায় । এই সম্পৰ্ক বিশ্বাসৰ ওপৰত নিৰ্মিত । আমি ভাৰতৰ প্ৰধান বাণিজ্যিক অংশীদাৰ আৰু শক্তি খণ্ডত ইয়াৰ আটাইতকৈ নিৰ্ভৰযোগ্য অংশীদাৰ ।”

ৰাছিয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ প্ৰেৰণ কৰে এক কঠোৰ বাৰ্তা । ৰাছিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, “গ্ল’বেল নৰ্থে শুল্ক আৰু বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে । ইয়াৰ দ্বাৰা বহুধা বিভক্ত বিশ্বক গ্ৰহণ কৰিবলৈ তেওঁলোকৰ অনিচ্ছা প্ৰকাশ পাইছে । ইয়াৰ ফলত বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰত বিলম্ব হ’ব, যিবোৰ অতি প্ৰয়োজনীয় ।”

ইফালে ট্ৰাম্পৰ এই দাবীৰ পিছতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, “ভাৰত তেল আৰু গেছৰ উল্লেখযোগ্য আমদানিকাৰক । অস্থিৰ শক্তিৰ পৰিৱেশত ভাৰতীয় গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাটো আমাৰ বাবে এক ধাৰাবাহিক অগ্ৰাধিকাৰ হৈ আহিছে ।” তেওঁ কয় যে ভাৰতে নিজৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ ড’নাল্ড ট্ৰাম্পৰ দাবীক ভাৰতৰ প্ৰত্যুত্তৰ

‘যদি হামাছে ক্ষমতা এৰিবলৈ অস্বীকাৰ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম’;ড’নাল্ড ট্ৰাম্প

হামাছে ক্ষমতা এৰিবলৈ অস্বীকাৰ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হামাছক সকীয়াই দি কয় যে যদি হামাছে গাজাত ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে, আৰু যদি শান্তিৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব।

দৰাচলতে,ৰাষ্ট্ৰপতি ট্ৰাম্পে হামাছক দেওবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত (আমেৰিকাৰ সময় অনুসৰি) গাজা শান্তি পৰিকল্পনা গ্ৰহণ কৰিবলৈ চূড়ান্ত আদেশ দিছিল।

শনিবাৰে এটা সাক্ষাৎকাৰত ট্ৰাম্পক সুধিছিল যে,ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত বোমা বিস্ফোৰণ বন্ধ কৰা আৰু আমেৰিকাৰ শান্তি পৰিকল্পনাক সমৰ্থন কৰেনে, তেতিয়া ড’নাল্ড ট্ৰাম্পে হয় বুলি উত্তৰ দিলে।

ইয়াৰ বাবে বিবি (ইজৰাইলৰ পিএম)সাজু হৈছে ।দেওবাৰে সম্প্ৰচাৰিত হোৱা এই সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে হামাছ সঁচাকৈয়ে শান্তিৰ প্ৰতি দায়বদ্ধ নে নহয় সেয়া অতি সোনকালে গম পাব।

হামাছক ট্ৰাম্পে কয় যে দেওবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত (আমেৰিকাৰ সময় অনুসৰি) যদি কোনো চুক্তিত উপনীত নহয়, তেন্তে তেওঁলোকৰ ওপৰত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এইটো আছিল এক কঠোৰ আলটিমেটাম। ট্ৰাম্পে নিজৰ ২০ দফীয়া শান্তি প্ৰস্তাৱত এতিয়াৰ বাবে যুদ্ধবিৰতিৰ লগতে গাজাৰ যুদ্ধৰ পিছৰ প্ৰশাসনৰ গাঁথনিও অন্তৰ্ভুক্ত কৰা হৈছে।

হোয়াইট হাউছে এই পৰিকল্পনাক অঞ্চলটোৰ সংঘাত আৰু ভৱিষ্যতৰ শাসন ব্যৱস্থাৰ অন্ত পেলোৱাৰ ব্লুপ্ৰিণ্ট বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: এলন মাস্কৰ অভিলেখ ; সম্পত্তিৰ পৰিমাণে স্পৰ্শ কৰিলে ৫০০ বিলিয়ন ডলাৰ

‘শুনিছোঁ ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে, ভাল কথা’; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তি আৰু শুল্কক লৈ চৌদিশে হাহাকাৰ হৈছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সেই প্ৰতিবেদনসমূহক আদৰণি জনাইছে,য’ত কোৱা হৈছে যে ভাৰতে সম্ভৱতঃ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিব পাৰে।

যেতিয়া ট্ৰাম্পক সোধা হৈছিল যে তেওঁ ভাৰতৰ ওপৰত কোনো ধৰণৰ জৰিমনা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিবৰ বাবে কিবা পৰিকল্পনা কৰিছে নেকি? ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে মই শুনিছো যে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, “মোৰ লাগিছে যে ভাৰতে এতিয়া আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে।মই এইটোৱে শুনিছো, মই নাজানো যে এইটো শুদ্ধ নে ভুল। এইটো ভাল পদক্ষেপ। আমি চাম কি হয়”।

ট্ৰাম্পৰ এই মন্তব্য সেই সময়ত আহিছে যেতিয়া আমেৰিকাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াৰ পৰা তেল বিক্ৰীৰ পৰা হোৱা আয়ক সীমিত কৰিবলৈ বিশ্বব্যাপী হেঁচা প্ৰয়োগ কৰিছে।

উল্লেখ্য যে, ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক হয় আৰু পশ্চিমীয়া নিষেধাজ্ঞাৰ পিছত ভাৰতে ২০২২ চনৰ পৰা ৰাছিয়াৰ পৰা ৰেহাই মূল্যত তেল ক্ৰয় কৰি আহিছে।

জানিব পৰা মতে, ভাৰত চৰকাৰৰ তেল কোম্পানীসমূহে বৰ্তমান ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে।ইয়াৰ কাৰণ হ’ল ৰাছিয়াই দিয়া ৰেহাই হ্ৰাস আৰু পঠিওৱাৰ সমস্যা। অৱশ্যে ভাৰত চৰকাৰে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

লগতে পঢ়ক: ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত JDS নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না …

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ; ৰাছিয়াৰ সৈতে বাণিজ্যৰ বাবেও জৰিমনা

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

বুধবাৰে আমেৰিকাই ভাৰতৰ বাবে নতুন শুল্ক হাৰ ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰী আৰু সেৱাৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি ভাৰতৰ বাবে নতুন শুল্ক হাৰ ঘোষণা কৰে।ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাৰ বাবে ভাৰতক সুকীয়াকৈ শাস্তি দিয়াৰ কথাও ঘোষণা কৰিছে ।

অৱশ্যে এই শাস্তি কিমান হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো ঘোষণা কৰা হোৱা নাই।আমেৰিকাই ২০২৫ চনৰ ১ আগষ্টৰ পৰা সকলো দেশৰ ওপৰত নতুন শুল্ক হাৰ আৰোপ কৰিবলৈ ওলাইছে।

ড’নাল্ড ট্ৰাম্পে নিজৰ ট্ৰুথ একাউণ্টত লিখিছে, “মনত ৰাখিবা, ভাৰত আমাৰ বন্ধুটো হয়, কিন্তু যোৱা কেইবছৰমানৰ পৰা আমি ভাৰতৰ সৈতে তুলনামূলকভাৱে কম ব্যৱসায় কৰিছো কাৰণ ভাৰতৰ শুল্ক পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি”।

“আন যিকোনো দেশৰ তুলনাত ভাৰতত আটাইতকৈ কঠোৰ আৰু অপ্ৰিয় অমুদ্ৰা বাণিজ্যিক বাধা আছে। তদুপৰি ভাৰতে সদায় নিজৰ সামৰিক সঁজুলিৰ বৃহৎ অংশ ৰাছিয়াৰ পৰা ক্ৰয় কৰি আহিছে”।

“চীনৰ লগতে ভাৰত, ৰাছিয়া হৈছে সৰ্বাধিক শক্তি ক্ৰেতা, আৰু সেইটোও সেই সময়ত যেতিয়া সকলোৱে বিচাৰে ৰাছিয়াই ইউক্ৰেইনত হত্যা কৰা বন্ধ কৰক – সকলো ঠিক নহয়!

“সেই কাৰণে, ভাৰতে ১ আগষ্টৰ পৰা ৰাছিয়াৰ সৈতে ব্যৱসায়ৰ বাবে ২৫% শুল্ক আৰু জৰিমনা ভৰিব লাগিব।এই বিষয়টো মোৰ দৃষ্টিগোচৰ কৰাৰ বাবে ধন্যবাদ।”

অৱশ্যে এই সন্দৰ্ভত ভাৰতৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই।প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তি সন্দৰ্ভত পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাৰ বাবে অহা মাহত আমেৰিকাৰ এটা দল ভাৰত ভ্ৰমণ কৰাৰ কথা।

ভাৰতৰ পূৰ্বে আন বহু দেশৰ বাবে ট্ৰাম্পে নতুন শুল্ক হাৰ ঘোষণা কৰিছে।ইয়াৰ পূৰ্বে ট্ৰাম্পে কানাডাৰ ওপৰত ৩৫ শতাংশ, আলজেৰিয়াৰ ওপৰত ৩০ শতাংশ, ব্ৰুনাইৰ ওপৰত ২৫ শতাংশ, শ্ৰীলংকাৰ ওপৰত ৩০ শতাংশ, ইৰাকৰ ওপৰত ৩০ শতাংশ, লিবিয়াৰ ওপৰত ৩০ শতাংশ, ফিলিপাইনছৰ ওপৰত ২০ শতাংশ আৰু মলদোভাৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

লগতে পঢ়ক: যুদ্ধ বন্ধ কৰক অন্যথা… কম্বোডিয়া আৰু থাইলেণ্ডক সকীয়নি ট্ৰাম্পৰ

‘ইলন মাস্ক আৰু সকলোৱে আগবাঢ়ি যাওক’; ট্ৰাম্পৰ ইউ টাৰ্ণ, বিতৰ্কৰ অন্ত

ইলন মাস্ক আৰু সকলোৱে আগবাঢ়ি যাওক

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ বক্তব্য প্ৰদান কৰে।তেওঁ মাস্কৰ সৈতে হোৱা সকলো বিবাদ অস্বীকাৰ কৰি সেই বাতৰিসমূহ খণ্ডন কৰিছে, য’ত কোৱা হৈছিল যে তেওঁ ইলন মাস্কৰ কোম্পানীবোৰ ধ্বংস কৰিব বিচাৰে।

তেওঁ কয় যে তেওঁ বিচাৰে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) গৰাকী “পূৰ্বৰ দৰেই সমৃদ্ধিশালী হওক”। এটা পোষ্টত ট্ৰাম্পে কয় যে তেওঁ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানেই উন্নতি বিচাৰে কাৰণ ইয়াৰ ফলত অৱশেষত দেশখনক উপকৃত হ’ব।

ট্ৰাম্পে কৈছিল যে, “সকলোৱে কৈছে যে মই এলেনৰ কোম্পানীসমূহে আমেৰিকা চৰকাৰৰ পৰা পোৱা বৃহৎ ৰাজসাহায্যৰ কিছুমান, যদি সম্পূৰ্ণ নহয়, তেন্তে কাঢ়ি লৈ ধ্বংস কৰিম।তেনেকুৱা নহয়!”

তেওঁ আৰু কয় যে, “মই বিচাৰো যে এলেন আৰু আমাৰ দেশৰ সকলো ব্যৱসায়, আগৰ তুলনাত অধিক লাভৱান হওক!”

“তেওঁলোকে যিমানেই ভাল কৰিব সিমানেই আমেৰিকাই ভাল কাম কৰিব আৰু এইটো আমাৰ সকলোৰে বাবে ভাল।আমি প্ৰতিদিনে ৰেকৰ্ড বনাই আছো, আৰু মই তেনেকৈয়ে ৰাখিব বিচাৰো!”

স্পেচএক্সৰ প্ৰতিষ্ঠাপকে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ‘ৱান বিগ বিউটিফুল বিল’ক সমালোচনা কৰাৰ পিছত ট্ৰাম্প আৰু মাস্কৰ মাজত মতানৈক্য আৰম্ভ হৈছিল।

ইয়াত স্বাস্থ্যসেৱা আৰু খাদ্য কাৰ্যসূচী কৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছিল।এই বিধেয়কখনক সমালোচনা কৰি মাস্কে কৈছিল যে ইয়াৰ দ্বাৰা আমেৰিকাত লাখ লাখ চাকৰি নাইকিয়া হ’ব আৰু ইয়াৰ ফলত উপকাৰতকৈ অধিক ক্ষতি হ’ব।

লগতে পঢ়ক: WWE ৰ কিংবদন্তি হাল্ক হোগানৰ মৃত্যু; ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

“বেইজিং ভ্ৰমণ এতিয়া বহু দূৰত নহয়”; আমেৰিকা আৰু চীনৰ মাজত আৰম্ভ বন্ধুত্ব!

“বেইজিং ভ্ৰমণ এতিয়া বহু দূৰত নহয়”

আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক এতিয়া পুনৰ ভাললৈ আহিছে।ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ ইংগিত দিছে।

ড’নাল্ড ট্ৰাম্পে মঙলবাৰে ইংগিত দিছিল যে হয়টো অতি সোনকালেই তেওঁৰ চীন ভ্ৰমণ হ’ব পাৰে, যিয়ে এইটো দেখুৱাইছে যে বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতি আমেৰিকা আৰু চীনে পাৰস্পৰিক বাণিজ্যিক উত্তেজনা লাঘৱ কৰাৰ পিছত সম্পৰ্কটোক পুনৰ শুদ্ধ পথলৈ অনাৰ দিশত আগবাঢ়িছে।ইফালে, ট্ৰাম্পে উল্লেখ কৰিছে যে “বেইজিং ভ্ৰমণ বহু দূৰত নহয়”।

ট্ৰাম্পে হয়তো চীনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ইংগিত দিছে।কিন্তু ট্ৰাম্পৰ মেজাজ কেতিয়া সলনি হ’য়, সেই বিষয়ে একো ক’ব নোৱাৰি।বৰ্তমান চীনৰ সৈতে বাণিজ্যিক চুক্তি কৰাৰ পিছত ট্ৰাম্পে বন্ধুত্বৰ কথা আৰম্ভ কৰিছে।

ট্ৰাম্পে এই মন্তব্য হোৱাইট হাউছত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰৰ সৈতে হোৱা বৈঠকত কৰিছিল।

তেওঁ কৈছিল যে, “বেইজিং ভ্ৰমণ এতিয়া হয়তো বেছি দূৰত নহয়। আমি চীনৰ সৈতে বহুত ভাল সমন্বয় স্থাপন কৰি আছো।আমাৰ সম্পৰ্ক সঁচাকৈয়ে ভাল।”

এই মন্তব্যটো এনে সময়ত আহিছে যি সময়ত আমেৰিকাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ মাজত ভাৰসাম্য ৰক্ষাৰ ৰণনীতিত কাম কৰি আছে, আৰু ফিলিপাইনছৰ দৰে অংশীদাৰ দেশসমূহৰ সৈতে সামৰিক সহযোগিতা শক্তিশালী কৰা। ফিলিপাইনছৰ সৈতে হোৱা “কল্পনাতীত সামৰিক সম্পৰ্ক”কো ট্ৰাম্পে প্ৰশংসা কৰে।

যোৱা কেইবছৰমানৰ পৰা আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধ চলি আহিছে, য’ত দুয়োখন দেশে ইজনে সিজনৰ সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিছিল।

কিন্তু শেহতীয়াকৈ জেনেভা আৰু লণ্ডনত অনুষ্ঠিত হোৱা দুখন উচ্চ পৰ্যায়ৰ আলোচনাৰ পিছত দুয়োপক্ষই শুল্ক শিথিল আৰু বাণিজ্যিক বাধা হ্ৰাসৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে।

ট্ৰাম্পে কৈছিল যে, চীনে এতিয়া পুনৰ আমেৰিকাক আপুৰুগীয়া মাটিৰ ধাতুৰে নিৰ্মিত চুম্বক যোগান ধৰিবলৈ আৰম্ভ কৰিছে, যিবোৰ আইফোন, বৈদ্যুতিক বাহন, ৰবট আৰু সামৰিক সঁজুলিত ব্যৱহাৰ কৰা হয়।

ট্ৰাম্পে হোয়াইট হাউছলৈ ঘূৰি অহাৰ পিছৰে পৰা শীঘ্ৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক লগ পাব পাৰে বুলি জল্পনা-কল্পনা বাঢ়িছে।সাময়িকভাৱে হ’লেও এই সন্মিলনে দুয়োখন দেশৰ মাজত আস্থা ঘূৰাই অনাত সহায় কৰিব পাৰে।

লগতে পঢ়ক: চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে আজি ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী; কিং চাৰ্লছ আৰু ষ্টাৰমাৰক কৰিব সাক্ষাৎ

BRICS ক ধমকি ডনাল্ড ট্ৰাম্পৰ; ‘জিনিয়াছ এক্ট’ সন্দৰ্ভত ডাঙৰ মন্তব্য

BRICS ক ধমকি ডনাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শুকুৰবাৰে এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি, ‘আমেৰিকাৰ ষ্টেবলকইনৰ বাবে ৰাষ্ট্ৰীয় উদ্ভাৱনক গাইডিং আৰু প্ৰতিষ্ঠা কৰা’ অৰ্থাৎ ‘জিনিয়াছ এক্ট’ত স্বাক্ষৰ কৰি ইয়াক আইনলৈ ৰূপান্তৰিত কৰিলে।

এই আইনখনৰ উদ্দেশ্য হৈছে আমেৰিকাক ডিজিটেল মুদ্ৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলা আৰু বিশ্বৰ বিত্তীয় ব্যৱস্থাত আমেৰিকান ডলাৰৰ আধিপত্য আৰু অধিক শক্তিশালী কৰা।

ট্ৰাম্পে ধেমালিতে কয় যে, ‘এই এক্টৰ নামটো মোৰ নামেৰে ৰখা হৈছে। এইখন সঁচাকৈয়ে এখন আচৰিত আইন!’ এই উপলক্ষে তেওঁ BRICSৰ দেশসমূহক (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) কঠোৰভাৱে সকীয়াই দিছিল যে ডলাৰৰ শক্তিক প্ৰত্যাহ্বান জনোৱাৰ যিকোনো প্ৰচেষ্টা অসাৰ হ’ব।

GENIUS আইনত স্বাক্ষৰ কৰাৰ সময়ত ট্ৰাম্পে BRICS ৰ দেশসমূহক তীক্ষ্ণ সমালোচনা কৰি কয় যে, ‘ব্ৰিকছ নামৰ এটা সৰু গোট আছে, যিটো দ্ৰুতগতিত দুৰ্বল হৈ আহিছে’।

‘এই দেশসমূহে ডলাৰৰ শক্তি আৰু আধিপত্যক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছিল। মই স্পষ্টকৈ ক’লোঁ যে আমি যিকোনো ব্ৰিকছ দেশৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিম।ইয়াৰ পিছত পিছদিনা তেওঁলোকৰ সভালৈ প্ৰায় কোনো নাহিল।’

ট্ৰাম্পে আকৌ এবাৰ সেই কথাৰ ভাবুকি দি কয় যে, যদি ব্ৰিকছে ডলাৰ দুৰ্বল কৰাৰ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ মিত্ৰতা অতি সোনকালে শেষ হ’ব।

তেওঁ সকীয়াই দিলে যে, ‘যদি আমি ডলাৰৰ বিশ্বব্যাপী সংৰক্ষিত মুদ্ৰা হিচাপে মৰ্যাদা হেৰুৱাওঁ, তেন্তে বিশ্বযুদ্ধত পৰাস্ত হোৱাৰ দৰে হ’ব।আৰু আমি কেতিয়াও এনেকুৱা হ’বলৈ নিদিওঁ।’

জিনিয়াছ আইনখনৰ লক্ষ্য হৈছে ডলাৰ-পেগ কৰা ষ্টেবলকইনৰ বাবে এক স্পষ্ট আৰু সহজ নিয়ন্ত্ৰণ ফ্ৰেম সৃষ্টি কৰা।ট্ৰাম্পে ইয়াক ইণ্টাৰনেটৰ জন্মৰ পিছত বিত্তীয় প্ৰযুক্তিৰ আটাইতকৈ ডাঙৰ বিপ্লৱ বুলি অভিহিত কৰে।

তেওঁ কয় যে, ‘এই আইনখনে আমেৰিকাক ক্ৰিপ্টো আৰু ডিজিটেল মুদ্ৰাৰ জগতৰ ৰজা কৰি তুলিব।আমি প্ৰতিশ্ৰুতি দিছিলো যে আমেৰিকা ক্ৰিপ্টো ৰাজধানী হ’ব,আৰু আজি আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ’।

লগতে পঢ়ক: কাইলৈ অনলাইনত হ’ব INDIA মিত্ৰজোঁটৰ অনলাইন বৈঠক; কোন কোন দলে কৰিব অংশগ্ৰহণ

‘৫০ দিনত ইউক্ৰেইনৰ পৰা যুদ্ধ শেষ কৰক, অন্যথা কৰা হ’ব ১০০% শুল্ক আৰোপ’; ৰাছিয়াক ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াক ভাবুকি ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুটিনক ৫০ দিনৰ ভিতৰত ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ কৈছে। ট্ৰাম্পে ভাবুকি দি কৈছে যে যদি যুদ্ধ বন্ধ নকৰে তেতিয়াহলে  ৰাছিয়াৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব।

ইউক্ৰেইনলৈ অধিক অস্ত্ৰ প্ৰেৰণৰ বাবেও নাটোৰ মিত্ৰ দেশসমূহৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

সোমবাৰে অভাল অফিচত নাটোৰ মহাসচিব মাৰ্ক ৰুটেৰ সৈতে হোৱা বৈঠকৰ সময়ত, এই যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিৰ দিশত অগ্ৰগতি লাভ নকৰাৰ বাবে ৰাছিয়াক লৈ অসন্তুষ্ট বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

আমেৰিকাই ইউক্ৰেইনক দিব অধিক অস্ত্ৰ

ভাৰত আৰু পাকিস্তান, ৰুৱাণ্ডা আৰু কংগো গণতান্ত্ৰিক গণৰাজ্যৰ মাজত সংঘাতৰ উদ্ধৃতি দি, ট্ৰাম্পে দাবী কৰে যে আমি বাণিজ্যৰ জৰিয়তে যুদ্ধ সমাধান কৰাত অতি সফল হৈছো।

সোমবাৰে হোয়াইট হাউছত এখন বৈঠকৰ সময়ত, ট্ৰাম্পে ইউক্ৰেইনক পেট্ৰিয়াট মিছাইল চিষ্টেমকে ধৰি অস্ত্ৰ প্ৰেৰণৰ পৰিকল্পনাও নিশ্চিত কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাটোৰ মিত্ৰ দেশসমূহে আমেৰিকাৰ পৰা কোটি কোটি টকাৰ সামৰিক সঁজুলি ক্ৰয় কৰি ইউক্ৰেইনলৈ প্ৰেৰণ কৰিব।

ট্ৰাম্পে কয় যে, “মই জাৰ্মানী আৰু নাটোৰ বেছিভাগ ডাঙৰ দেশৰ সৈতে কথা পাতিছো আৰু তেওঁলোক ইয়াক লৈ অতিশয় উৎসাহিত”।

লগতে পঢ়ক: ‘তেওঁলোকে কথা ভালকৈ পাতে কিন্তু নিশাৰ আন্ধাৰত বোনা নিক্ষেপ কৰে’; ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক্ষুব্ধ ট্ৰাম্প