হামাছে

‘যদি হামাছে ক্ষমতা এৰিবলৈ অস্বীকাৰ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম’;ড’নাল্ড ট্ৰাম্প

হামাছে ক্ষমতা এৰিবলৈ অস্বীকাৰ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হামাছক সকীয়াই দি কয় যে যদি হামাছে গাজাত ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে, আৰু যদি শান্তিৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব। দৰাচলতে,ৰাষ্ট্ৰপতি ট্ৰাম্পে হামাছক দেওবাৰে সন্ধিয়া

হামাছে ক্ষমতা এৰিবলৈ অস্বীকাৰ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হামাছক সকীয়াই দি কয় যে যদি হামাছে গাজাত ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে, আৰু যদি শান্তিৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব।

দৰাচলতে,ৰাষ্ট্ৰপতি ট্ৰাম্পে হামাছক দেওবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত (আমেৰিকাৰ সময় অনুসৰি) গাজা শান্তি পৰিকল্পনা গ্ৰহণ কৰিবলৈ চূড়ান্ত আদেশ দিছিল।

শনিবাৰে এটা সাক্ষাৎকাৰত ট্ৰাম্পক সুধিছিল যে,ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত বোমা বিস্ফোৰণ বন্ধ কৰা আৰু আমেৰিকাৰ শান্তি পৰিকল্পনাক সমৰ্থন কৰেনে, তেতিয়া ড’নাল্ড ট্ৰাম্পে হয় বুলি উত্তৰ দিলে।

ইয়াৰ বাবে বিবি (ইজৰাইলৰ পিএম)সাজু হৈছে ।দেওবাৰে সম্প্ৰচাৰিত হোৱা এই সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে হামাছ সঁচাকৈয়ে শান্তিৰ প্ৰতি দায়বদ্ধ নে নহয় সেয়া অতি সোনকালে গম পাব।

হামাছক ট্ৰাম্পে কয় যে দেওবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত (আমেৰিকাৰ সময় অনুসৰি) যদি কোনো চুক্তিত উপনীত নহয়, তেন্তে তেওঁলোকৰ ওপৰত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এইটো আছিল এক কঠোৰ আলটিমেটাম। ট্ৰাম্পে নিজৰ ২০ দফীয়া শান্তি প্ৰস্তাৱত এতিয়াৰ বাবে যুদ্ধবিৰতিৰ লগতে গাজাৰ যুদ্ধৰ পিছৰ প্ৰশাসনৰ গাঁথনিও অন্তৰ্ভুক্ত কৰা হৈছে।

হোয়াইট হাউছে এই পৰিকল্পনাক অঞ্চলটোৰ সংঘাত আৰু ভৱিষ্যতৰ শাসন ব্যৱস্থাৰ অন্ত পেলোৱাৰ ব্লুপ্ৰিণ্ট বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: এলন মাস্কৰ অভিলেখ ; সম্পত্তিৰ পৰিমাণে স্পৰ্শ কৰিলে ৫০০ বিলিয়ন ডলাৰ