ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ ড’নাল্ড ট্ৰাম্পৰ দাবীক ভাৰতৰ প্ৰত্যুত্তৰ

ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ ড’নাল্ড ট্ৰাম্পৰ দাবীক ভাৰতৰ প্ৰত্যুত্তৰ

ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ ট্ৰাম্পৰ দাবীক ভাৰতৰ প্ৰত্যুত্তৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি কৰা দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে, “ভাৰত তেল আৰু গেছৰ

ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাৰ ট্ৰাম্পৰ দাবীক ভাৰতৰ প্ৰত্যুত্তৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি কৰা দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে, “ভাৰত তেল আৰু গেছৰ প্ৰধান আমদানিকাৰক । অস্থিৰ বিশ্ব শক্তিৰ পৰিৱেশত ভাৰতৰ ধাৰাবাহিক অগ্ৰাধিকাৰ হৈছে ভাৰতীয় গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা । আমাৰ আমদানি নীতি সম্পূৰ্ণৰূপে এই উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে ।”

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, “স্থিতিশীল মূল্য আৰু নিৰাপদ যোগান নিশ্চিত কৰাটো আমাৰ শক্তি নীতিৰ দ্বৈত লক্ষ্য হৈ আহিছে । ইয়াৰ ভিতৰত আমাৰ শক্তিৰ উৎসৰ ভিত্তি বহল কৰা আৰু বজাৰৰ পৰিস্থিতিৰ লগত খাপ খুৱাই ইয়াক বৈচিত্ৰ্যময় কৰাও অন্তৰ্ভুক্ত আছে । আমেৰিকাৰ কথা ক’বলৈ গ’লে আমি কেইবাবছৰ ধৰি শক্তি ক্ৰয়ৰ সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰি আহিছো । ইয়াৰ ফলত বিগত দশকত অবিৰত অগ্ৰগতি হৈছে । বৰ্তমানৰ প্ৰশাসনে শক্তিৰ সহযোগিতা গভীৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । এই সন্দৰ্ভত আলোচনা অব্যাহত আছে ।”

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি আশ্বাস দিছে । ট্ৰাম্পে এই সিদ্ধান্তক ৰাছিয়াক অকলশৰীয়া কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে । ট্ৰাম্পে ভাৰতক এখন মহান দেশ আৰু প্ৰধানমন্ত্ৰী মোদীক ভাল বন্ধু বুলি অভিহিত কৰে । জুলাই মাহত আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল । তাৰ পিছত আগষ্ট মাহত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে জৰিমনা হিচাপে ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে আমেৰিকাই ।

লগতে পঢ়ক : ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ ট্ৰাম্পৰ দাবী