ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ ট্ৰাম্পৰ দাবী

ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ ট্ৰাম্পৰ দাবী

ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়টোক লৈ বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক জটিল হৈ পৰিছে । ইফালে ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে । মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে, ভাৰতে শীঘ্ৰেই ৰাছিয়াৰ পৰা তেল

ৰাছিয়াৰ পৰা শীঘ্ৰেই তেল ক্ৰয় বন্ধ কৰিব ভাৰতে

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়টোক লৈ বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক জটিল হৈ পৰিছে । ইফালে ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে । মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে, ভাৰতে শীঘ্ৰেই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব । লগতে তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ব্যক্তিগতভাৱে এই বিষয়ে আশ্বাস দিছে । তেওঁ ইয়াক ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ বুলি অভিহিত কৰে । ট্ৰাম্পে কয় যে ৰাছিয়াক অকলশৰীয়া কৰাৰ একমাত্ৰ উপায় এইটোৱেই ।

অ’ভেল অফিচত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ভাল বন্ধু আৰু দুয়োৰে মাজত এক ভাল সম্পৰ্ক আছে । তেওঁ আৰু কয় যে ভাৰতে অতি শীঘ্ৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব । লগতে তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ব্যক্তিগতভাৱে এই বিষয়ে আশ্বাস দিছে । ট্ৰাম্পে কয় যে ভাৰতৰ এয়া এটা ডাঙৰ পদক্ষেপ । এতিয়া আমি চীনকো একে কাম কৰিবলৈ ক’ব লাগিব ।

ইয়াৰ মাজতে শেহতীয়াকৈ ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত হোৱা বৈঠকক লৈয়ো ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, “মই ভাবো প্ৰধানমন্ত্ৰী মোদী এজন আচৰিত আৰু মহান ব্যক্তি । চাৰ্জিঅ’ই মোক কৈছিল যে মোদীয়ে মোক পছন্দ কৰে । মই বছৰ বছৰ ধৰি ভাৰত চাই আহিছো । ইয়াৰ পূৰ্বে প্ৰতি বছৰে এজন নতুন নেতা আহিছিল, কেইমাহমান, কেইবছৰমান আছিল । কিন্তু এতিয়া মোৰ বন্ধুজন বহুদিনৰ পৰা ক্ষমতাত আছে আৰু তেওঁ মোক আশ্বাস দিছে যে তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে ।” ইয়াৰ উপৰিও ট্ৰাম্পে লগতে কয় যে এই পৰিৱৰ্তন লগে লগে কাৰ্যকৰী নহয়, কিন্তু ইয়াৰ প্ৰভাৱ কিছু সময়ৰ পিছত দেখা যাব ।

অৱশ্যে ট্ৰাম্পৰ এই দাবীৰ আনুষ্ঠানিক নিশ্চয়তা ভাৰত চৰকাৰৰ পৰা পোৱা নাই । ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসে প্ৰধানমন্ত্ৰী মোদীয়ে এনেধৰণৰ বক্তব্য দিছে নেকি সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক : ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; নেতানিয়াহুক লৈয়ো কৰিলে বিশেষ মন্তব্য