‘তেওঁলোকে কথা ভালকৈ পাতে কিন্তু নিশাৰ আন্ধাৰত বোনা নিক্ষেপ কৰে’; ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক্ষুব্ধ ট্ৰাম্প

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক্ষুব্ধ ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত সকলো ভালে চলি থকা নাই।পুটিনক তীব্ৰ সমালোচনা কৰি পুনৰবাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ট্ৰাম্পে।

ফিফা বিশ্বকাপৰ ফাইনেলৰ পৰা উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ট্ৰাম্পে কয় যে ৰাষ্ট্ৰপতি পুটিনক লৈ মই অতি হতাশ হৈছো।

তেওঁ বৰ ভালকৈ কথা কয়। কথা কোৱাৰ বিশেষজ্ঞ যদিও ৰাতিৰ আন্ধাৰত মানুহৰ ওপৰত বোমা নিক্ষেপ কৰে।

শেহতীয়াকৈ চলি থকা এই যুদ্ধৰ মাজতে পুটিনৰ সৈতে হোৱা বাৰ্তালাপৰ প্ৰেক্ষাপটত ট্ৰাম্পে এই মন্তব্য কৰে।

দৰাচলতে কাৰ্যকালৰ আৰম্ভণিৰে পৰাই ট্ৰাম্পে এই যুদ্ধৰ অন্ত পেলাব বিচাৰিছিল।কিন্তু ৰাছিয়াই যোৱা কেইদিনমানৰ পৰা ইউক্ৰেইনত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ গতি বৃদ্ধি কৰি ট্ৰাম্পক ক্ষুব্ধ কৰি তুলিছে।

২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে স্পষ্ট কৰি দিছিল যে চলি থকা যুদ্ধ ৰোধ কৰাটোৱেই তেওঁৰ অগ্ৰাধিকাৰ।

কিন্তু মাৰ্চ মাহৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।ট্ৰাম্পে এই আক্ৰমণসমূহক পুটিনৰ দ্বৈত মানদণ্ডৰ সৈতে জড়িত কৰি তুলিছে, য’ত তেওঁ দিনত শান্তিৰ কথা কয় কিন্তু ৰাতি আক্ৰমণ কৰে।

শেহতীয়াকৈ ট্ৰাম্পে পুটিনৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছে, য’ত তেওঁ এই যুদ্ধৰ অন্ত পেলাবলৈ শান্তি আলোচনা অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছিল।

ইয়াৰ পূৰ্বে ট্ৰাম্পে পুটিনৰ সৈতে ভাল সম্পৰ্ক থকা বুলি দাবী কৰিছিল যদিও আক্ৰমণ আৰু শান্তি আলোচনাত পুটিনৰ অসহযোগী মনোভাৱক লৈ বাৰে বাৰে হতাশা প্ৰকাশ কৰিছিল।

ট্ৰাম্পে ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিবলৈ আমেৰিকা আৰু ইউৰোপীয় মিত্ৰ দেশসমূহক হেঁচা দিছিল।

লগতে পঢ়ক: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; উৰণৰ পিছতেই দাউ দাউ কৈ জ্বলি উঠিল বিমান

কানাডাৰ ওপৰত ৩৫% শুল্ক আৰোপ কৰিব ড’নাল্ড ট্ৰাম্পে; সকলো বস্তুতে হ’ব প্ৰযোজ্য

ড’নাল্ড ট্ৰাম্পে কানাডাৰ ওপৰত শুল্ক আৰোপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্তই জোকাৰি গৈছে কানাডা।দৰাচলতে বৃহস্পতিবাৰে ট্ৰাম্পে ঘোষণা কৰে যে তেওঁৰ প্ৰশাসনে অহা মাহৰ পৰা কানাডাৰ সকলো সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ শুল্ক আৰোপ কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে য’ত তেওঁ আগন্তুক শুল্কৰ ৰূপৰেখা দাঙি ধৰিছিল।

এই সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰায় ২০খন দেশলৈ পত্ৰ লিখি ১ আগষ্টৰ পৰা তেওঁলোকৰ আমদানিৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে যুক্তি দিছিল যে কানাডাই আমেৰিকালৈ ফেণ্টানিলৰ প্ৰবাহ বন্ধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে কাম কৰা নাই, আনহাতে দক্ষিণ সীমান্তৰ তুলনাত প্ৰতি বছৰে উত্তৰ সীমান্তৰ পৰা তুলনামূলকভাৱে কম ফেণ্টানাইল পাৰ হয়।

কাৰ্নিলৈ লিখা চিঠিখনত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে যদি কানাডাই মোৰ সৈতে কাম কৰি ফেণ্টানিলৰ প্ৰবাহ বন্ধ কৰে, তেন্তে আমি হয়তো এই চিঠিখন সলনি কৰাৰ কথা চিন্তা কৰিম।আপোনাৰ দেশৰ সৈতে আমাৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি এই শুল্ক বৃদ্ধি বা হ্ৰাস হ’ব পাৰে।

ইয়াৰ পূৰ্বে আমেৰিকাই কানাডাৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল।পিছত ট্ৰাম্পে ২০২০ চনত আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ অধীনত সামৰি লোৱা সামগ্ৰীসমূহ ৰেহাই দিয়ে।অৱশ্যে ভৱিষ্যতেও এই ৰেহাই চলি থাকিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

দীৰ্ঘদিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাৰ বিৰুদ্ধে মাত মাতি আহিছে, য’ত তেওঁলোকে দাবী কৰি আহিছে যে আমেৰিকাত কানাডাৰ সামগ্ৰীৰ কোনো প্ৰয়োজন নাই আৰু কানাডাক ৫১ সংখ্যক ৰাজ্য হিচাপে সংযুক্ত কৰাৰ কথা ভাবিছে।

লগতে পঢ়ক: ট্ৰাম্পে পুনৰ বিস্ফোৰণ কৰিলে শুল্ক বোমা; ইৰাকৰ ওপৰত ৩০,ফিলিপাইনছৰ ওপৰত লগালে ২৫ শতাংশ কৰ 

ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ খুঁত; ৰাষ্ট্ৰপতিৰ গলফ খেলপথাৰৰ ওপৰত অসামৰিক বিমানক বাধা

ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ খুঁত

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডীয়ে যেতিয়া সপ্তাহৰ শেষৰ ফালে নিউ জাৰ্ছিৰ বেডমিনিষ্টাৰত থকা ব্যক্তিগত গলফ খেলপথাৰত উপস্থিত আছিল, সেই সময়তে তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ বিসংগতিৰ বাবে আলোড়নৰ সৃষ্টি হয়।

৫ জুলাই শনিবাৰে এখন অসামৰিক বিমানে অস্থায়ী বিমান নিষেধাজ্ঞা উলংঘা কৰে, তাৰ পিছত উত্তৰ আমেৰিকাৰ এৰোস্পেচ ডিফেন্স কমাণ্ডে যুদ্ধ বিমানখনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি সেই বিমানখনক বাধা দি ৰখাই দিয়ে।

জানিব পৰা মতে ড’নাল্ড ট্ৰাম্পৰ লগত এই ঘটনাটো শনিবাৰে দুপৰীয়া প্ৰায় ২.৩৯ বজাত এই ঘটনাটো সংঘটিত হয়।

NORAD যুঁজাৰু বিমানখনে “হেডবাট” কৌশল ব্যৱহাৰ কৰি পাইলটৰ দৃষ্টি আকৰ্ষণ কৰে আৰু বিমানখন নিষিদ্ধ এলেকাৰ পৰা নিৰাপদে উলিয়াই অনা হ’ল।

এটা বিবৃতিত কোৱা হৈছে যে দিনটোত এইটোৱেই আছিল পঞ্চমটো টি এফ আৰ উলংঘা।ইয়াৰ পূৰ্বে আৰু তিনিটা উলংঘা সংঘটিত হৈছিল, যিয়ে নিৰাপত্তা সংস্থাসমূহৰ উদ্বেগ আৰু অধিক বৃদ্ধি কৰিছিল।

আমেৰিকাৰ বায়ুসেনাই সকলো পাইলটক এফ এ এৰ দ্বাৰা জাৰি কৰা NOTAM (Notice to Air Missions) পঢ়িবলৈ আৰু মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিছে।

বায়ুসেনাই সতৰ্কবাণীমূলক সুৰত কয়, “যদি আপুনি বেডমিনিষ্টাৰ, এনজেৰ চাৰিওফালে উৰণৰ পৰিকল্পনা কৰিছে, তেতিয়াহলে NOTAMs 1353, 1358, 2246, আৰু 2247 ত গুৰুত্ব দিয়ক। এইবোৰ নিৰাপত্তাৰ বাবে, কোনো অজুহাত নাই! সাৱধান হওক আৰু নিষিদ্ধ আকাশমাৰ্গৰ বাহিৰত থাকক।”

লগতে পঢ়ক: নতুন ৰাজনৈতিক দল গঠন ইলন মাস্কৰ;ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষ প্ৰত্যাহ্বান

ডনাল্ড ট্ৰাম্পৰ বৃহৎ জয়; আমেৰিকাৰ সংসদত গৃহীত Big Beautiful Bill

Big Beautiful Bill গৃহীত

বৃহস্পতিবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৱান Big Beautiful Billগৃহীত হয়।ই প্ৰতিনিধি সদনত ২১৮-২১৪ৰ ব্যৱধানত গৃহীত হৈছে। যিটোক ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালৰ ডাঙৰ কৃতিত্ব বুলি অভিহিত কৰা হৈছে।

ছিনেট আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দ্বাৰা বিধেয়কখন গৃহীত হোৱাৰ পিছত এতিয়া ৰাষ্ট্ৰপতিলৈ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হৈছে।

প্ৰায় ৯০০ পৃষ্ঠাৰ এই বিধেয়কখনত কৰ ৰেহাই, খৰচ কৰ্তন, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু বিতাড়ন, শক্তি উৎপাদনৰ ব্যয় বৃদ্ধিৰ লগতে স্বাস্থ্য আৰু পুষ্টি কাৰ্যসূচীত প্ৰধান বিধানসমূহ আছে, ইয়াক গৃহীত কৰিবলৈ ড’নাল্ড ট্ৰাম্পে বহুত কষ্ট কৰিবলগীয়া হৈছিল।

ৱান Big Beautiful Bill গৃহীত হোৱাৰ পিছত হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে শুকুৰবাৰে সন্ধিয়া ৫ বজাত তেওঁৰ বৃহৎ কৰ ৰেহাই আৰু খৰচ কৰ্তনৰ বিলত স্বাক্ষৰ কৰাৰ পৰিকল্পনা কৰিছে।

৪ জুলাইত এই সন্দৰ্ভত স্বাক্ষৰ অনুষ্ঠানো অনুষ্ঠিত হ’ব।৮০০ পৃষ্ঠাৰো অধিক এই বিলখন গৃহীত কৰিবলৈ ড’নাল্ড ট্ৰাম্পে কঠোৰ পৰিশ্ৰম কৰিছে।

কি হয় Big Beautiful Bill

যদি সহজ ভাষাত ক’বলৈ গ’লে বহু চৰ্চিত ‘ৱান বিগ বিউটিফুল বিল’খন গুৰুত্বপূৰ্ণ কাৰণ ইয়াত প্ৰায় ৪.৫ ট্ৰিলিয়ন ডলাৰৰ কৰ কৰ্তন অন্তৰ্ভুক্ত কৰা হৈছে।

২০১৭ চনত কৰা কৰ কৰ্তনক স্থায়ী কৰি তুলিবলৈ এই নতুন বিধেয়কখন অনা হৈছে। এই বিধেয়কখন অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াত প্ৰায় ৪.৫ ট্ৰিলিয়ন ডলাৰৰ কৰ কৰ্তন অন্তৰ্ভুক্ত কৰা হৈছে।

জ্যেষ্ঠ নাগৰিকসকলেও ৬ হাজাৰ ডলাৰ পৰ্যন্ত কৰ কৰ্তন লাভৰ যোগ্য। চাইল্ড টেক্স ক্ৰেডিট ২২০০ ডলাৰলৈও বৃদ্ধি কৰিব পাৰি।

ইয়াৰ লগতে আন এক গুৰুত্বপূৰ্ণ কথাও পোহৰলৈ আহিছে। সীমান্ত সুৰক্ষাৰ বাবে তিনিশ পঞ্চাশ বিলিয়ন ডলাৰ খৰচ হ’ব পাৰে।

ৱান বিগ বিউটিফুল বিলত কি অন্তৰ্ভুক্ত কৰা হৈছে

এই বিধেয়কখনৰ প্ৰধান বৈশিষ্ট্য হ’ল চিকিৎসা আৰু খাদ্য সাহায্য হ্ৰাস কৰা বুলি ধাৰণা কৰা হৈছে। ঋণৰ সীমাও ৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰি।

যদিহে ৰাষ্ট্ৰপতি ট্ৰাম্পক বিশ্বাস কৰা হয় তেন্তে বিধেয়কখনৰ ফলত কৰ কৰ্তন, সামৰিক ব্যয় আৰু সীমান্ত সুৰক্ষা আৰু অধিক শক্তিশালী হ’ব পাৰে। ৪ জুলাইত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিধেয়কখনত স্বাক্ষৰ কৰিব।

লগতে পঢ়ক: ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন; ৰাষ্ট্ৰপতিয়ে দিলে অনুমোদন

‘আল্লাহৰ শত্ৰু’;ট্ৰাম্প আৰু নেতান্যাহুৰ বিৰুদ্ধে ইৰাণৰ ছিয়া ধৰ্মগুৰুয়ে জাৰি কৰিলে ফতোৱা

ফতোৱা জাৰি কৰিছে

ইৰাণৰ শীৰ্ষ ছিয়া ধৰ্মগুৰুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে ‘ফতোৱা’ জাৰি কৰিছে।

ইয়াত তেওঁলোকক আল্লাহৰ শত্ৰু বুলি কোৱা হৈছে। গ্ৰেণ্ড আয়াতুল্লাহ নাছেৰ মাকাৰেম শ্বিৰাজীৰ আদেশত সমগ্ৰ বিশ্বৰ মুছলমানসকলক একত্ৰিত হ’বলৈ কোৱা হৈছে।

তেওঁ ইৰাণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আমেৰিকা আৰু ইজৰাইলক শিক্ষা দিবলৈ কোৱা হৈছে।তেওঁ কৈছে যে ‘আল্লাহৰ শত্ৰুক আমি ধ্বংস কৰিম’।ইৰাণৰ পাৰমাণৱিক ঘাটিত কৰা আক্ৰমণ অতি অন্যায় আৰু হিংসাত্মক।

মকৰমে কৈছিল যে, “যদি কোনো ব্যক্তিয়ে মাৰ্জাক ভাবুকি দিয়ে তেন্তে তেওঁক ৱাৰলৰ্ড বা মহৰব বুলি গণ্য কৰা হয়।”

মহৰেব হৈছে সেইজন ব্যক্তি যি আল্লাহৰ বিৰুদ্ধে যুদ্ধ কৰে। ইৰাণৰ আইন অনুসৰি এনে ব্যক্তিক মৃত্যুদণ্ড দিয়া হয়।তেওঁক ফাঁচী দিয়া হয়।

ফতোৱাত আৰু কি কি কথা উল্লেখ আছে

ফতোৱাত এই কথাও উল্লেখ আছে যে,“যদি কোনো মুছলমান বা ইছলামিক ৰাষ্ট্ৰই সেই শত্ৰুসকলক সমৰ্থন কৰে তেন্তে ইয়াক হাৰাম বুলি গণ্য কৰা হ’ব”।

“বিশ্বৰ সকলো মুছলমানৰ বাবে এইটো প্ৰয়োজনীয় যে এই শত্ৰুক নিজৰ কথাৰ বাবে অনুশোচনা কৰাটো গুৰুত্বপূৰ্ণ।”

ইয়াত লগতে এইটোও লিখা আছে যে যদি কোনো “এজন মুছলমান যিয়ে নিজৰ মুছলমান কৰ্তব্য পালন কৰে আৰু যিকোনো অসুবিধা বা ক্ষতিৰ সন্মুখীন হয়, তেতিয়া তেওঁ আল্লাহৰ পথত যোদ্ধা হিচাপে পৰিচিত হ’ব”।

আৰু কোৱা হৈছে যে যিকোনো ব্যক্তি বা চৰকাৰ যিয়ে বিশ্বৰ ইছলামিক সম্প্ৰদায়ৰ নেতৃত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।

তেওঁলোকক উপযুক্ত উত্তৰ দিয়া হ’ব।ইৰাণৰ উচ্চতম নেতাক ভাবুকি দিয়া বা হত্যাৰ চেষ্টা কৰাসকলক আল্লাহৰ ক্ৰোধৰ সন্মুখীন হ’ব লাগিব।

এনে কাৰ্যক আল্লাহৰ অপমান হিচাপে গণ্য কৰা হ’ব আৰু ইয়াক আল্লাহৰ বিৰুদ্ধে যুদ্ধ হিচাপে ধৰা হ’ব।বিশ্বৰ সকলো মুছলমানে এই শত্ৰুবোৰক চিনাক্ত কৰি বলপূৰ্বকভাৱে প্ৰতিশোধ লোৱাটো গুৰুত্বপূৰ্ণ।

যদি তেওঁলোকক কঠোৰ শাস্তি দিয়া নহয় তেন্তে জেহাদী প্ৰতিশোধৰ পুৰস্কাৰ আল্লাহৰ ওচৰত আছে। ইছলামিক উম্মাহৰ নেতৃত্ব আৰু ঐক্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ব্যক্তিক আল্লাহৰ অবাধ্য বুলি গণ্য কৰা হ’ব।আল্লাহে পৰম নেতাক ৰক্ষা কৰক। ভগৱানে তেওঁক আশীৰ্বাদ কৰক।

ইজৰাইলে ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছিল।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণেও ইজৰাইলৰ বহু ক্ষতিসাধন কৰে।ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধত আমেৰিকাও প্ৰৱেশ কৰিছিল।

তেওঁ ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছল। ইৰাণেও আমেৰিকাৰ প্ৰতি সঁহাৰি জনায়।কিন্তু ইয়াৰ পিছত যুদ্ধবিৰতিৰ ক্ষেত্ৰত এক চুক্তিত উপনীত হয়।

লগতে পঢ়ক: ‘যেতিয়ালৈকে কানাডাই কৰ আঁতৰ নকৰে, তেতিয়ালৈকে কোনো আলোচনা নহ’ব’; ট্ৰাম্পৰ ডাঙৰ ঘোষণা

‘যেতিয়ালৈকে কানাডাই কৰ আঁতৰ নকৰে, তেতিয়ালৈকে কোনো আলোচনা নহ’ব’; ট্ৰাম্পৰ ডাঙৰ ঘোষণা

কানাডাই কৰ আঁতৰ নকৰিলে নহ’ব চুক্তি

এটা সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাক লৈ ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে আমেৰিকা আৰু কানাডাৰ মাজত চলি থকা বাণিজ্যিক আলোচনা তেতিয়ালৈকে আগনাবাঢ়ে যেতিয়ালৈকে দেশখনে কিছুমান কৰ নিৰ্মূল নকৰে। তেওঁ দেশকনক “বেয়া আচৰণ কৰা” দেশ বুলি অভিহিত কৰিছে।

তেওঁ কৈছে যে,তেওঁ কিছুমান বিশেষ কৰ বিশেষকৈ ডিজিটেল সেৱা কৰ (ডি এছ টি) আঁতৰোৱাৰ দাবী জনাইছে, যিটো সোমবাৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া আছিল আৰু আমেৰিকাৰ টেক কোম্পানী যেনে আমাজন, গুগল আৰু মেটাত প্ৰভাৱ পেলাব।

সাক্ষাৎকাৰটোত ট্ৰাম্পে এইটোও প্ৰকাশ কৰিছিল যে,টিকটকৰ বাবে তেওঁ এজন ক্ৰেতা বিচাৰি পাইছে, যিটো “অতি ধনী মানুহৰ এটা গোট” হয়।প্ৰায় দুসপ্তাহৰ পিছত এই গোটৰ নাম ৰাজহুৱা কৰিব।

কানাডালৈ সতৰ্কবাণী

ইয়াৰ পূৰ্বে শুকুৰবাৰে ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথতো ডিজিটেল সেৱা কৰক ‘আমেৰিকাৰ ওপৰত প্ৰত্যক্ষ আৰু স্পষ্ট আক্ৰমণ’ চুক্তি স্বাক্ষৰ কৰি তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো বাণিজ্যিক আলোচনাৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰিছিল।

তেওঁ লগতে সকীয়াই দিয়ে যে অহা ৭ দিনৰ ভিতৰত দেশখনৰ সামগ্ৰীৰ ওপৰত নতুন শুল্ক ঘোষণা কৰা হ’ব। প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে এতিয়াও এই সন্দৰ্ভত ৰাজহুৱাভাৱে কোনো সঁহাৰি দিয়া নাই, কিন্তু তেওঁৰ চৰকাৰে ডিজিটেল সেৱা কৰ ৰূপায়ণৰ ৰক্ষা কৰিছে।

লগতে পঢ়ক: বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল কেমেৰাই ল’লে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ফটো…

‘ভাৰতৰ সৈতে ডাঙৰ চুক্তি কৰিবলৈ ওলাইছো’; ড’নাল্ড ট্ৰাম্পে দিলে ডাঙৰ ইংগিত

ভাৰতৰ সৈতে ডাঙৰ চুক্তিৰ ইংগিত

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিগ বিউটিফুল বিল অনুষ্ঠানত এটা ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে, আমেৰিকাই ভাৰতৰ সৈতে বহুত ডাঙৰ চুক্তি কৰিবলৈ ওলাইছে।

হোয়াইট হাউছত অনুষ্ঠিত এই অনুষ্ঠানত ট্ৰাম্পে চীনৰ সৈতে চুক্তি কৰা হৈছে বুলিও কয়। ২ এপ্ৰিলত আমেৰিকাই দেশখনৰ পৰা অহা কিছুমান সামগ্ৰীৰ ওপৰত ২৬ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে ৯০ দিনৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছে। এতিয়া এই কৰ ৯ জুলাইৰ পিছত পুনৰ কাৰ্যকৰী হ’ব পাৰে, কিন্তু তাৰ আগতে ট্ৰাম্পে এটা চুক্তিৰ কথা কৈ ডাঙৰ ইংগিত দিছে।

আমাৰ দেশে এই অতিৰিক্ত কৰৰ পৰা সম্পূৰ্ণ ৰেহাই বিচাৰে। আনহাতে, আমেৰিকাই বিচাৰে ভাৰতে ইয়াক কিছুমান নিৰ্দিষ্ট সামগ্ৰীৰ ওপৰত কৰ ৰেহাই দিয়ক।

কি ক’লে ট্ৰাম্পে

বাণিজ্যিক চুক্তিখনৰ কথা উল্লেখ কৰি ডনাল্ড ট্ৰাম্পে কয় যে সকলোৱে এটা চুক্তি কৰিব বিচাৰে আৰু ইয়াৰ অংশ হ’ব বিচাৰে।

‘আমি মাত্ৰ কালি চীনৰ সৈতে চুক্তিবদ্ধ হ’লোঁ৷ আমি কিছুমান ডাঙৰ ডাঙৰ চুক্তি কৰি আছো।আমাৰ আৰু এটা চুক্তি আহি আছে, সম্ভৱতঃ ভাৰতৰ সৈতে। বৰ ডাঙৰ’।

‘আমি ভাৰতক খুলিবলৈ গৈ আছো, আনহাতে চীনৰ চুক্তিত আমি চীনক মুকলি কৰিবলৈ আৰম্ভ কৰিছো।’

‘অন্য দেশৰ সৈতে কোনো চুক্তি নহ’ব’

এই সময়ছোৱাত ট্ৰাম্পে জোৰ দি কয় যে আন প্ৰতিখন দেশৰ সৈতে চুক্তি কৰা নহ’ব। তেওঁ কয়, আমি সকলোৰে সৈতে চুক্তি কৰিবলৈ যোৱা নাই।

কিছুমান মানুহলৈ আমি মাত্ৰ এখন চিঠি পঠাম আৰু ক’ম বহুত বহুত ধন্যবাদ। ২৫, ৩৫, ৪৫ শতাংশ দিব লাগিব, সেয়াই সহজ উপায়।

লগতে পঢ়ক: ‘আমেৰিকাই ৰঙাচকু দেখুৱালেই পৰিণাম ভয়ংকৰ হ’ব’; পুনৰ ডনাল্ড ট্ৰাম্পক ধমক খামেইনীৰ

‘যুদ্ধ আৰম্ভ কৰিছিল আপুনি,শেষ কৰিম আমি’; ডনাল্ড ট্ৰাম্পক সকিয়নী IRGC ৰ

IRGC এ ডনাল্ড ট্ৰাম্পক দিলে সকিয়নী

দেওবাৰেও আমেৰিকাই ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত পোনপটীয়াকৈ অংশ লয় আৰু ইৰাণৰ তিনিটা পাৰমাণৱিক ইউনিট আক্ৰমণ কৰে।

ইয়াৰ পিছত কোৱা হৈছে যে এই যুদ্ধই নতুন ৰূপ ল’ব পাৰে কাৰণ ৰাছিয়া আৰু চীনেও আমেৰিকাৰ আক্ৰমণক ভুল বুলি অভিহিত কৰিছে আৰু ইয়াক তীব্ৰ নিন্দা কৰিছে।

ইফালে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (IRGC)আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ‘জুৱাৰী’ বুলি অভিহিত কৰি আমেৰিকাক ‘লক্ষ্যভিত্তিক অভিযান’ৰ ভাবুকি প্ৰদান কৰিছে।

IRGC এ সকিয়নী দিছে, য’ত কোৱা হৈছে যে আমেৰিকাই সপ্তাহৰ শেষৰ ফালে নিজৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাব লাগিব।

ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ মুখপাত্ৰ ইব্ৰাহিম জোলফাঘৰীয়ে এইদৰে কয় যে, ইৰাণ আৰু ইজৰাইলৰ এই যুদ্ধত আমেৰিকাই পোনপটীয়াকৈ প্ৰৱেশ কৰিছে আৰু ইৰাণৰ “পবিত্ৰ ভূমি” উলংঘা কৰিছিল।

তেওঁ কয় যে এতিয়া আমেৰিকাই অত্যন্ত “শক্তিশালী আৰু লক্ষ্য নিৰ্ধাৰিত অভিযান”ৰ জৰিয়তে “গুৰুতৰ, দুখজনক আৰু অভাৱনীয় পৰিণতি”ৰ সন্মুখীন হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিক ইংৰাজী ভাষাত পোনপটীয়াকৈ কথা পাতি জোলফেগ্ৰীয়ে কয় “মিষ্টাৰ ট্ৰাম্প, জুৱাৰী! আপুনি এই যুদ্ধ আৰম্ভ কৰিছে-কিন্তু ইয়াৰ অন্ত আমিয়েই কৰিম!”

লগতে পঢ়ক: ‘মেক ইৰাণ গ্ৰেট এগেইন’; খামেনীইক ক্ষমতাৰ পৰা আঁতৰোৱাৰ ইংগিত ডনাল্ড ট্ৰাম্পৰ

‘মেক ইৰাণ গ্ৰেট এগেইন’; খামেনীইক ক্ষমতাৰ পৰা আঁতৰোৱাৰ ইংগিত ডনাল্ড ট্ৰাম্পৰ

ডনাল্ড ট্ৰাম্পৰ ইংগিত

আমেৰিকাই ইৰাণৰ ‘পাৰমাণৱিক স্থান’ত আক্ৰমণ কৰিছে। আক্ৰমণৰ কেইঘণ্টামান পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বেঞ্জামিন নেতান্যাহু আৰু ইজৰাইলৰ সেনাবাহিনীক আমেৰিকাৰ সৈতে কাম কৰাৰ বাবে ধন্যবাদ জনায়।

এতিয়া ইৰাণৰ ক্ষমতা পৰিৱৰ্তন সন্দৰ্ভত ডনাল্ড ট্ৰাম্পে এটা চাঞ্চল্যকৰ বক্তব্য দিছে।তেওঁ খামেনীইক ক্ষমতাৰ পৰা উৎখাত কৰাৰ ইংগিত দিছে।

ডনাল্ড ট্ৰাম্পে ইৰাণৰ শাসন ব্যৱস্থা পৰিৱৰ্তনৰ বিষয়ে কয় যে, “শাসন ব্যৱস্থা পৰিৱৰ্তন শব্দটো ব্যৱহাৰ কৰাটো ৰাজনৈতিকভাৱে শুদ্ধ নহয়, কিন্তু যদি বৰ্তমানৰ ইৰাণৰ শাসন ব্যৱস্থাই ইৰাণক পুনৰ মহান কৰি তুলিব নোৱাৰে, তেন্তে শাসন ব্যৱস্থা সলনি কিয় নহ’ব? MIGA!

আমেৰিকাই ইৰাণক কৰিলে আক্ৰমণ

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত জপিয়াই পৰিছে আমেৰিকা।আমেৰিকাই ইৰাণৰ ওপৰত B2 বোমাৰে আক্ৰমণ কৰিছে।

ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ সেনাবাহিনীক প্ৰশংসা কৰে।আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানত আক্ৰমণ কৰে, যাৰ উদ্দেশ্য আছিল ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ৰোধ কৰাৰ।

ইৰাণৰ পাৰমাণৱিক স্থানত প্ৰথমে আক্ৰমণ

ইৰাণ আৰু ইজৰাইলৰ এই সংঘাত ১৩ জুনৰ পৰা আৰম্ভ হৈছিল।ইজৰাইলে ইৰাণৰ ওপৰত হঠাতে আক্ৰমণ চলাইছিল।

ইজৰাইলৰ বিষয়াসকলে দাবী কৰিছিল যে তেহৰানে পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছে।

এই সংঘাতৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে, যিটো ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ দীৰ্ঘদিনীয়া যুদ্ধৰ পিছত ইতিমধ্যে শিখৰত উপনীত হৈছে।

ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণেও প্ৰতিশোধ ল’লে।ই টেল আভিভৰ কেইবাটাও স্থানত আক্ৰমণ কৰে। ইৰাণে ইজৰাইলৰ এখন বৃহৎ চিকিৎসালয়কো লক্ষ্য কৰি লৈছিল।

ইয়াৰ পিছত আমেৰিকাই যুদ্ধত অংশ ল’ব নে নল’ব সেই বিষয়ে বিবেচনা কৰিব বুলি ক’লে যদিও হঠাতে আক্ৰমণ কৰিলে।

লগতে পঢ়ক: আমেৰিকাৰ আক্ৰমণত ক্ষতি হোৱা নাই কোনো পাৰমাণৱিক ঘাটীৰ; ইৰাণৰ দাবী