কানাডা

‘যেতিয়ালৈকে কানাডাই কৰ আঁতৰ নকৰে, তেতিয়ালৈকে কোনো আলোচনা নহ’ব’; ট্ৰাম্পৰ ডাঙৰ ঘোষণা

কানাডাই কৰ আঁতৰ নকৰিলে নহ’ব চুক্তি এটা সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাক লৈ ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে আমেৰিকা আৰু কানাডাৰ মাজত চলি থকা বাণিজ্যিক আলোচনা তেতিয়ালৈকে আগনাবাঢ়ে যেতিয়ালৈকে দেশখনে কিছুমান কৰ নিৰ্মূল নকৰে। তেওঁ দেশকনক “বেয়া আচৰণ কৰা” দেশ বুলি অভিহিত কৰিছে।

কানাডাই কৰ আঁতৰ নকৰিলে নহ’ব চুক্তি

এটা সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাক লৈ ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে আমেৰিকা আৰু কানাডাৰ মাজত চলি থকা বাণিজ্যিক আলোচনা তেতিয়ালৈকে আগনাবাঢ়ে যেতিয়ালৈকে দেশখনে কিছুমান কৰ নিৰ্মূল নকৰে। তেওঁ দেশকনক “বেয়া আচৰণ কৰা” দেশ বুলি অভিহিত কৰিছে।

তেওঁ কৈছে যে,তেওঁ কিছুমান বিশেষ কৰ বিশেষকৈ ডিজিটেল সেৱা কৰ (ডি এছ টি) আঁতৰোৱাৰ দাবী জনাইছে, যিটো সোমবাৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া আছিল আৰু আমেৰিকাৰ টেক কোম্পানী যেনে আমাজন, গুগল আৰু মেটাত প্ৰভাৱ পেলাব।

সাক্ষাৎকাৰটোত ট্ৰাম্পে এইটোও প্ৰকাশ কৰিছিল যে,টিকটকৰ বাবে তেওঁ এজন ক্ৰেতা বিচাৰি পাইছে, যিটো “অতি ধনী মানুহৰ এটা গোট” হয়।প্ৰায় দুসপ্তাহৰ পিছত এই গোটৰ নাম ৰাজহুৱা কৰিব।

কানাডালৈ সতৰ্কবাণী

ইয়াৰ পূৰ্বে শুকুৰবাৰে ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথতো ডিজিটেল সেৱা কৰক ‘আমেৰিকাৰ ওপৰত প্ৰত্যক্ষ আৰু স্পষ্ট আক্ৰমণ’ চুক্তি স্বাক্ষৰ কৰি তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো বাণিজ্যিক আলোচনাৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰিছিল।

তেওঁ লগতে সকীয়াই দিয়ে যে অহা ৭ দিনৰ ভিতৰত দেশখনৰ সামগ্ৰীৰ ওপৰত নতুন শুল্ক ঘোষণা কৰা হ’ব। প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে এতিয়াও এই সন্দৰ্ভত ৰাজহুৱাভাৱে কোনো সঁহাৰি দিয়া নাই, কিন্তু তেওঁৰ চৰকাৰে ডিজিটেল সেৱা কৰ ৰূপায়ণৰ ৰক্ষা কৰিছে।

লগতে পঢ়ক: বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল কেমেৰাই ল’লে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ফটো…

শেহতীয়া প্ৰৱন্ধসমূহ