ভাৰত

‘ভাৰতৰ সৈতে ডাঙৰ চুক্তি কৰিবলৈ ওলাইছো’; ড’নাল্ড ট্ৰাম্পে দিলে ডাঙৰ ইংগিত

ভাৰতৰ সৈতে ডাঙৰ চুক্তিৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিগ বিউটিফুল বিল অনুষ্ঠানত এটা ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে, আমেৰিকাই ভাৰতৰ সৈতে বহুত ডাঙৰ চুক্তি কৰিবলৈ ওলাইছে। হোয়াইট হাউছত অনুষ্ঠিত এই অনুষ্ঠানত ট্ৰাম্পে চীনৰ সৈতে চুক্তি কৰা হৈছে বুলিও কয়। ২ এপ্ৰিলত আমেৰিকাই দেশখনৰ

ভাৰতৰ সৈতে ডাঙৰ চুক্তিৰ ইংগিত

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিগ বিউটিফুল বিল অনুষ্ঠানত এটা ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে, আমেৰিকাই ভাৰতৰ সৈতে বহুত ডাঙৰ চুক্তি কৰিবলৈ ওলাইছে।

হোয়াইট হাউছত অনুষ্ঠিত এই অনুষ্ঠানত ট্ৰাম্পে চীনৰ সৈতে চুক্তি কৰা হৈছে বুলিও কয়। ২ এপ্ৰিলত আমেৰিকাই দেশখনৰ পৰা অহা কিছুমান সামগ্ৰীৰ ওপৰত ২৬ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে ৯০ দিনৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছে। এতিয়া এই কৰ ৯ জুলাইৰ পিছত পুনৰ কাৰ্যকৰী হ’ব পাৰে, কিন্তু তাৰ আগতে ট্ৰাম্পে এটা চুক্তিৰ কথা কৈ ডাঙৰ ইংগিত দিছে।

আমাৰ দেশে এই অতিৰিক্ত কৰৰ পৰা সম্পূৰ্ণ ৰেহাই বিচাৰে। আনহাতে, আমেৰিকাই বিচাৰে ভাৰতে ইয়াক কিছুমান নিৰ্দিষ্ট সামগ্ৰীৰ ওপৰত কৰ ৰেহাই দিয়ক।

কি ক’লে ট্ৰাম্পে

বাণিজ্যিক চুক্তিখনৰ কথা উল্লেখ কৰি ডনাল্ড ট্ৰাম্পে কয় যে সকলোৱে এটা চুক্তি কৰিব বিচাৰে আৰু ইয়াৰ অংশ হ’ব বিচাৰে।

‘আমি মাত্ৰ কালি চীনৰ সৈতে চুক্তিবদ্ধ হ’লোঁ৷ আমি কিছুমান ডাঙৰ ডাঙৰ চুক্তি কৰি আছো।আমাৰ আৰু এটা চুক্তি আহি আছে, সম্ভৱতঃ ভাৰতৰ সৈতে। বৰ ডাঙৰ’।

‘আমি ভাৰতক খুলিবলৈ গৈ আছো, আনহাতে চীনৰ চুক্তিত আমি চীনক মুকলি কৰিবলৈ আৰম্ভ কৰিছো।’

‘অন্য দেশৰ সৈতে কোনো চুক্তি নহ’ব’

এই সময়ছোৱাত ট্ৰাম্পে জোৰ দি কয় যে আন প্ৰতিখন দেশৰ সৈতে চুক্তি কৰা নহ’ব। তেওঁ কয়, আমি সকলোৰে সৈতে চুক্তি কৰিবলৈ যোৱা নাই।

কিছুমান মানুহলৈ আমি মাত্ৰ এখন চিঠি পঠাম আৰু ক’ম বহুত বহুত ধন্যবাদ। ২৫, ৩৫, ৪৫ শতাংশ দিব লাগিব, সেয়াই সহজ উপায়।

লগতে পঢ়ক: ‘আমেৰিকাই ৰঙাচকু দেখুৱালেই পৰিণাম ভয়ংকৰ হ’ব’; পুনৰ ডনাল্ড ট্ৰাম্পক ধমক খামেইনীৰ

শেহতীয়া প্ৰৱন্ধসমূহ