হিনা খান

বাস্তৱ জীৱনত কইনা হ’ল অভিনেত্ৰী হিনা খান;  প্ৰেমিক ৰকিৰ সৈতে গোপনে কৰালে বিয়া

কইনা হ’ল অভিনেত্ৰী হিনা খান কৰ্কট ৰোগৰ সৈতে যুঁজি থকা হিনা খানে বাস্তৱ জীৱনত বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছৱালৰ সৈতে আদালতৰ বিবাহ হয় অভিনেত্ৰীগৰাকীৰ। হিনা আৰু ৰকীৰ বিয়া খুব গোপনে অনুষ্ঠিত হয়।তাৰ পিছতে দুয়োৰে বিয়াৰ ফটো অভিনেত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এই

কইনা হ’ল অভিনেত্ৰী হিনা খান

কৰ্কট ৰোগৰ সৈতে যুঁজি থকা হিনা খানে বাস্তৱ জীৱনত বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছৱালৰ সৈতে আদালতৰ বিবাহ হয় অভিনেত্ৰীগৰাকীৰ।

হিনা আৰু ৰকীৰ বিয়া খুব গোপনে অনুষ্ঠিত হয়।তাৰ পিছতে দুয়োৰে বিয়াৰ ফটো অভিনেত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এই ফটোসমূহ ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।

এই ফটোসমূহ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে তেওঁলোক দুয়োকে বৈবাহিক জীৱনৰ অভিনন্দন জনাইছে।

হিনাক তেওঁৰ বিশেষ দিনটোত এখন পাতল ৰঙৰ শাৰী পিন্ধা দেখা গৈছিল। মূৰত দুপাট্টা আৰু হাতত ৰকিৰ নাম লিখা মেহেন্দী লৈ অভিনেত্ৰীগৰাকী চিৰদিনৰ বাবে ৰকিৰ কইনা হৈ পৰিল।

ইফালে ৰকিয়ে অভিনেত্ৰীগৰাকীৰ সৈতে মিল থকা পাতল ৰঙৰ কুৰ্তা পায়জামা পিন্ধিছিল। এই ছবিবোৰ চাই এনে লাগে যেন হিনা আৰু ৰকীৰ বিয়া ঘৰতে অনুষ্ঠিত হৈছিল।

হিনা খান মুছলমান ধৰ্মৰ হোৱাৰ বিপৰীতে ৰকি জয়ছৱাল হিন্দু। গতিকে সোনাক্ষী সিনহাৰ দৰে দুয়োজনে বিশেষ হিচাপে ঘৰতে আদালতৰ বিবাহ কৰিছিল।

ভাইৰেল হোৱা ফটোসমূহত দুয়োজনে বিয়াৰ কাগজত চহী কৰি থকা দেখিবলৈ পোৱা গৈছে।বিবাহৰ দিনটোত হিনা খানক অতি সাধাৰণ ৰূপত দেখিবলৈ পোৱা গৈছে।

লগতে পঢ়ক: RCB ৰ বিজয় পেৰেডত ভয়ংকৰ ঘটনা; পদপৃষ্ট হৈ ১০জনৰ মৃত্যু

শেহতীয়া প্ৰৱন্ধসমূহ