বৰ্ণিহাটৰ পৰা দিল্লীলৈ... বিষাক্ত হৈ পৰিছে ভাৰতৰ এই ১৩খন চহৰৰ বায়ু

বৰ্ণিহাটৰ পৰা দিল্লীলৈ… বিষাক্ত হৈ পৰিছে ভাৰতৰ এই ১৩খন চহৰৰ বায়ু

ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণে ভাৰতৰ বহু চহৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পৰিস্থিতি এনেকুৱা হৈছে যে ২০২৪ চনত ভাৰতৰ ১৩খন চহৰ বিশ্বৰ ২০খন প্ৰদূষিত চহৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । এই দাবী ছুইজাৰলেণ্ডৰ এয়াৰ কোৱালিটি টেকনলজি কোম্পানী ‘আই কিউ এয়াৰ’ৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট ২০২৪ত কৰা

ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণে ভাৰতৰ বহু চহৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পৰিস্থিতি এনেকুৱা হৈছে যে ২০২৪ চনত ভাৰতৰ ১৩খন চহৰ বিশ্বৰ ২০খন প্ৰদূষিত চহৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । এই দাবী ছুইজাৰলেণ্ডৰ এয়াৰ কোৱালিটি টেকনলজি কোম্পানী ‘আই কিউ এয়াৰ’ৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট ২০২৪ত কৰা হৈছে । এই প্ৰতিবেদন অনুসৰি মেঘালয়ৰ বৰ্ণিহাট আটাইতকৈ প্ৰদূষিত চহৰ । ইয়াৰ লগতে দিল্লী বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈয়েই আছে । ২০২৩ চনত ৩য় স্থানৰ তুলনাত ২০২৪ চনত ভাৰত বিশ্বৰ ৫ম প্ৰদূষিত দেশ হিচাপে পৰিগণিত হৈছে ।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত, ২০২৪ চনত পি এম ২.৫ (২.৫ মাইক্ৰনতকৈ সৰু প্ৰদূষণ কণা)ৰ ঘনত্ব ৭ শতাংশ হ্ৰাস পাইছে, যি ২০২৩ চনত প্ৰতি ঘন মিটাৰত ৫৪.৫ মাইক্ৰ’গ্ৰামৰ পৰা প্ৰতি ঘন মিটাৰত ৫০.৬ মাইক্ৰ’গ্ৰামলৈ হ্ৰাস পাইছে । ইয়াৰ পিছতো দেশৰ ৩৫ শতাংশ চহৰত পি এম ২.৫ৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ সীমা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰামতকৈ ১০গুণ বেছি । দিল্লীত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে, য’ত ২০২৩ চনত বাৰ্ষিক গড় পি এম ২.৫ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত ১০২.৪ মাইক্ৰ’গ্ৰামৰ পৰা ২০২৪ চনত প্ৰতি ঘনমিটাৰত ১০৮.৩ মাইক্ৰ’গ্ৰামলৈ বৃদ্ধি হৈছে ।

ভাৰতৰ প্ৰদূষিত চহৰৰ তালিকা-

ভাৰতৰ পৰা সৰ্বাধিক প্ৰদূষিত শীৰ্ষ ২০ খন চহৰৰ ভিতৰত বৰ্ণিহাট (মেঘালয়), দিল্লী, মুলনপুৰ (পাঞ্জাব), ফৰিদাবাদ, গুৰুগ্ৰাম (হাৰিয়ানা), লনী, নয়ডা, গ্ৰেটাৰ নয়ডা, মুজাফৰনগৰ (উত্তৰ প্ৰদেশ), গংগানগৰ, ভীৱাদী, আৰু হনুমানগড় (ৰাজস্থান) অন্যতম । বৰ্ণিহাটৰ উচ্চ মাত্ৰাৰ প্ৰদূষণৰ কাৰণ হৈছে স্থানীয় কাৰখানা, যেনে সুৰা উৎপাদন, লোহা আৰু তীখা উদ্যোগৰ পৰা নিৰ্গমন । চুবুৰীয়া দেশ পাকিস্তানৰ চাৰিখন চহৰ আৰু চীনৰ এখন চহৰো এই তালিকাত আছে ।

এই প্ৰতিবেদন ভাৰতৰ বাবে এক সতৰ্কবাণী যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে । বিশেষজ্ঞসকলৰ মতে ঔদ্যোগিক নিৰ্গমন, যান-বাহনৰ ধোঁৱাৰ দৰে উৎসৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ অবিহনে পৰিস্থিতি উন্নত কৰাটো কঠিন ।

বছৰটোৰ ভিতৰতে দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ-

দিল্লীৰ বায়ু প্ৰদূষণ সমগ্ৰ বছৰটো এক গুৰুতৰ সমস্যা হৈয়েই আছে, যিটো শীতকালত আৰু অধিক বিপদজনক হৈ পৰে । প্ৰতিকূল বতৰ, যান-বাহনৰ ধোঁৱা, ধানৰ নৰা জ্বলোৱা, ফটকা আৰু অন্যান্য স্থানীয় উৎসৰ ধোঁৱাই বায়ুৰ গুণাগুণৰ অৱনতি ঘটায় । বিশেষজ্ঞসকলে কয় যে পি এম ২.৫ কণা হাওঁফাওঁ আৰু ৰক্তবাহী নলীত প্ৰৱেশ কৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদৰোগ আৰু কেন্সাৰ আদিৰ সৃষ্টি কৰিব পাৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ