ঘিউৰ পৰা বনৌষধি চাহলৈকে…প্ৰদূষণৰ পৰা হাত সাৰিবলৈ বেগত ৰাখক এইবোৰ; কম হ’ব প্ৰদূষণৰ প্ৰভাৱ

ঘিউৰ পৰা বনৌষধি চাহলৈকে…প্ৰদূষণৰ পৰা হাত সাৰিবলৈ বেগত ৰাখক এইবোৰ; কম হ’ব প্ৰদূষণৰ প্ৰভাৱ

দিল্লী এনচিআৰত প্ৰদূষণৰ ফলত তাত বাস কৰা লোক সকলৰ হাহাকাৰ অৱস্থা হৈছে।ঘৰৰ পৰা ওলাই অহাৰ লগে লগে ডিঙিৰ বিষ, কাহ, চকুত জ্বলা-পোৰা আৰু উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

শৰীৰৰ এনে কোনো অংশ নাই যিটো প্ৰদূষণৰ প্ৰভাৱত নপৰে।বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৭০০ অতিক্ৰম কৰাৰ পিছত নতুন দিল্লীয়ে জৰুৰীকালীন অৱস্থাত উপনীত হৈছে।প্ৰদূষণৰ পৰা হাত সাৰিবলৈ ব্যক্তিগত ব্যৱস্থাও ল’ব লাগিব।

দিল্লীৰ দৰে প্ৰদূষণৰ পৰা হাত সাৰি থাকিবলৈ বেগত এনেকুৱা কিছুমান বস্তু অন্তৰ্ভুক্ত কৰক যিবোৰে আপোনাৰ উশাহ ল’বলৈ সহজ কৰি তুলিব পাৰে।ইয়াৰ ফলত আপোনাৰ ছাল, চকু আৰু ডিঙিত বিষ কমিব।

N95 মাস্ক-প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাৰ প্ৰথম পদক্ষেপ হ’ল ঘৰৰ পৰা ওলাই আহিলে N95 মাস্ক পৰিধান কৰা। এই মাস্কবোৰে বায়ুত থকা কমেও ৯৫% কণা ফিল্টাৰ কৰি উলিয়াই দিয়ে।যিয়ে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ক্ষতি কৰা সৰু সৰু কণিকাৰ পৰা ৰক্ষা কৰে।

ভিটামিন চি আৰু এন এ চি-প্ৰদূষিত পৰিৱেশত পুষ্টিকৰ উপাদান গ্ৰহণ কৰাটোও অতি গুৰুত্বপূৰ্ণ।ইয়াৰ বাবে ভিটামিন চি সমৃদ্ধ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব।আনহাতে N-acetylcysteine ​​(NAC) এ শক্তিশালী এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে।ই প্ৰদূষক পদাৰ্থৰ ফলত হোৱা অক্সিডেটিভ চাপ কমায় আৰু সমগ্ৰ শৰীৰত প্ৰদাহ হ্ৰাস কৰে।

বিশুদ্ধ ঘিউ- নিশা বিচনালৈ যোৱাৰ পূৰ্বে বা দিনত ১-২ টোপাল বিশুদ্ধ ঘিউ নাকত দিলে মলি আৰু প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাত সহায়ক হ’ব।নিশা শোৱাৰ সময়ত শিশুৰ নাকত এটোপাল বিশুদ্ধ ঘিউ লগালে প্ৰদূষণৰ প্ৰভাৱ কমোৱাত সহায়ক হ’ব পাৰে।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: সফলতা আৰু স্বাস্থ্যৰ বাবে অপৰিহাৰ্য ডিজিটেল উপবাস…

বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষ দহত ৰাজধানী দিল্লী; চৌদিশে কেৱল বিষাক্ত ধোঁৱা

প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ দহত ৰাজধানী দিল্লী

দীপাৱলীৰ পিছতে আকৌ এবাৰ ধোঁৱা আৰু ধূলিৰৰে আবৃত হৈ পৰিছে ৰাজধানী দিল্লী । চুইজাৰলেণ্ডৰ বায়ু গুণগত মানৰ প্ৰতিষ্ঠান IQAirৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত হৈছে । এই তালিকাত ভাৰতৰ মুম্বাই (৫ম) আৰু কলকাতা (৮ম)কোঅন্তৰ্ভুক্ত কৰা হৈছে । পাকিস্তানৰ লাহোৰ আৰু কৰাচী, কুৱেইট, তাছকেণ্ড আৰু ডোহা, অষ্ট্ৰেলিয়াৰ কেনবেৰা, ইণ্ডোনেছিয়াৰ জাকাৰ্টাও শীৰ্ষ দহটা স্থানত আছে ।

খবৰ অনুসৰি দীপাৱলীৰ পিছত ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণৰ তীব্র অৱনতি ঘটিছে । ফটকা, বাহনৰ নিৰ্গমন, নিৰ্মাণ কাৰ্যৰ ধোঁৱাই বতাহত বিষাক্ত কণা নিৰ্গত কৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা দিল্লীৰ AQI ৩৫০ত ৰেকৰ্ড কৰা হৈছে, যিটো “অতি বেয়া” শ্ৰেণীত পৰে । কিছুমান অঞ্চলত, যেনে বাৱানা, জাহাংগীৰপুৰী, ৱাজিৰপুৰ, আলিপুৰ আৰু বুৰাৰী ক্ৰছিঙত AQI য়ে ৪০১ অতিক্ৰম কৰিছে, যিটো “গুৰুতৰ” শ্ৰেণীত পৰে ।

গ্ৰীণ ক্ৰেকাৰ্ছৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে-

দেৱালীৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত কেৱল সেউজীয়া ক্ৰেকাৰ জ্বলোৱাৰ অনুমতি দিছিল আৰু সময়সূচী নিৰ্ধাৰণ কৰিছিল : ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ, সন্ধিয়া ৬ৰ পৰা ৭ বজাৰ ভিতৰত আৰু ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত । কিন্তু বহু অঞ্চলত গভীৰ নিশালৈকে একাংশই ফটকা ফুটাই দিল্লীৰ বতাহ আৰু অধিক প্ৰদূষিত কৰি তোলে ।

ইফালে পৰিৱেশ বিশেষজ্ঞসকলে সকীয়াই দিছে যে যদিহে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এই শীতকালত প্ৰদূষণ আৰু অধিক ভয়াৱহ হ’ব পাৰে ।

লগতে পঢ়ক : দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু; একিউআইয়ে অতিক্ৰম কৰিলে ৩০০

বৰ্ণিহাটৰ পৰা দিল্লীলৈ… বিষাক্ত হৈ পৰিছে ভাৰতৰ এই ১৩খন চহৰৰ বায়ু

ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণে ভাৰতৰ বহু চহৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পৰিস্থিতি এনেকুৱা হৈছে যে ২০২৪ চনত ভাৰতৰ ১৩খন চহৰ বিশ্বৰ ২০খন প্ৰদূষিত চহৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । এই দাবী ছুইজাৰলেণ্ডৰ এয়াৰ কোৱালিটি টেকনলজি কোম্পানী ‘আই কিউ এয়াৰ’ৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট ২০২৪ত কৰা হৈছে । এই প্ৰতিবেদন অনুসৰি মেঘালয়ৰ বৰ্ণিহাট আটাইতকৈ প্ৰদূষিত চহৰ । ইয়াৰ লগতে দিল্লী বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈয়েই আছে । ২০২৩ চনত ৩য় স্থানৰ তুলনাত ২০২৪ চনত ভাৰত বিশ্বৰ ৫ম প্ৰদূষিত দেশ হিচাপে পৰিগণিত হৈছে ।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত, ২০২৪ চনত পি এম ২.৫ (২.৫ মাইক্ৰনতকৈ সৰু প্ৰদূষণ কণা)ৰ ঘনত্ব ৭ শতাংশ হ্ৰাস পাইছে, যি ২০২৩ চনত প্ৰতি ঘন মিটাৰত ৫৪.৫ মাইক্ৰ’গ্ৰামৰ পৰা প্ৰতি ঘন মিটাৰত ৫০.৬ মাইক্ৰ’গ্ৰামলৈ হ্ৰাস পাইছে । ইয়াৰ পিছতো দেশৰ ৩৫ শতাংশ চহৰত পি এম ২.৫ৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ সীমা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰামতকৈ ১০গুণ বেছি । দিল্লীত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে, য’ত ২০২৩ চনত বাৰ্ষিক গড় পি এম ২.৫ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত ১০২.৪ মাইক্ৰ’গ্ৰামৰ পৰা ২০২৪ চনত প্ৰতি ঘনমিটাৰত ১০৮.৩ মাইক্ৰ’গ্ৰামলৈ বৃদ্ধি হৈছে ।

ভাৰতৰ প্ৰদূষিত চহৰৰ তালিকা-

ভাৰতৰ পৰা সৰ্বাধিক প্ৰদূষিত শীৰ্ষ ২০ খন চহৰৰ ভিতৰত বৰ্ণিহাট (মেঘালয়), দিল্লী, মুলনপুৰ (পাঞ্জাব), ফৰিদাবাদ, গুৰুগ্ৰাম (হাৰিয়ানা), লনী, নয়ডা, গ্ৰেটাৰ নয়ডা, মুজাফৰনগৰ (উত্তৰ প্ৰদেশ), গংগানগৰ, ভীৱাদী, আৰু হনুমানগড় (ৰাজস্থান) অন্যতম । বৰ্ণিহাটৰ উচ্চ মাত্ৰাৰ প্ৰদূষণৰ কাৰণ হৈছে স্থানীয় কাৰখানা, যেনে সুৰা উৎপাদন, লোহা আৰু তীখা উদ্যোগৰ পৰা নিৰ্গমন । চুবুৰীয়া দেশ পাকিস্তানৰ চাৰিখন চহৰ আৰু চীনৰ এখন চহৰো এই তালিকাত আছে ।

এই প্ৰতিবেদন ভাৰতৰ বাবে এক সতৰ্কবাণী যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে । বিশেষজ্ঞসকলৰ মতে ঔদ্যোগিক নিৰ্গমন, যান-বাহনৰ ধোঁৱাৰ দৰে উৎসৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ অবিহনে পৰিস্থিতি উন্নত কৰাটো কঠিন ।

বছৰটোৰ ভিতৰতে দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ-

দিল্লীৰ বায়ু প্ৰদূষণ সমগ্ৰ বছৰটো এক গুৰুতৰ সমস্যা হৈয়েই আছে, যিটো শীতকালত আৰু অধিক বিপদজনক হৈ পৰে । প্ৰতিকূল বতৰ, যান-বাহনৰ ধোঁৱা, ধানৰ নৰা জ্বলোৱা, ফটকা আৰু অন্যান্য স্থানীয় উৎসৰ ধোঁৱাই বায়ুৰ গুণাগুণৰ অৱনতি ঘটায় । বিশেষজ্ঞসকলে কয় যে পি এম ২.৫ কণা হাওঁফাওঁ আৰু ৰক্তবাহী নলীত প্ৰৱেশ কৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদৰোগ আৰু কেন্সাৰ আদিৰ সৃষ্টি কৰিব পাৰে ।