বংগভৱনত

‘মোক গুলীয়াই বংগভৱনত সমাধিস্থ কৰক…; শ্বেখ হাছিনাৰ বিস্ফোৰক মন্তব্য

মোক গুলীয়াই বংগভৱনত সমাধিস্থ কৰক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবে ২০২৪ বৰ্ষটো একেবাৰে ভাল নাছিল। দেশত তীব্ৰ প্ৰতিবাদৰ হোৱাত তেওঁ পদত্যাগ কৰিবলগীয়া হয়। বিষয়টো ইমানেই ভয়ংকৰ হৈ পৰিল যে তেওঁ দেশ এৰি যোৱাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল, কিন্তু এতিয়া বাংলাদেশৰ ৰাজনীতিত অভ্যুত্থানৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ

মোক গুলীয়াই বংগভৱনত সমাধিস্থ কৰক

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবে ২০২৪ বৰ্ষটো একেবাৰে ভাল নাছিল। দেশত তীব্ৰ প্ৰতিবাদৰ হোৱাত তেওঁ পদত্যাগ কৰিবলগীয়া হয়।

বিষয়টো ইমানেই ভয়ংকৰ হৈ পৰিল যে তেওঁ দেশ এৰি যোৱাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল, কিন্তু এতিয়া বাংলাদেশৰ ৰাজনীতিত অভ্যুত্থানৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ অধিবক্তা মহম্মদ তাজুল ইছলামে আদালতত শুনানিৰ সময়ত শ্বেখ হাছিনাৰ সৈতে জড়িত ঘটনা সন্দৰ্ভত মন্তব্য দিছে।

তেওঁ কৈছিল যে, ২০২৪ চনৰ ৫ আগষ্টত যেতিয়া অভ্যুত্থানৰ সময়ত সেনা বিষয়াই শ্বেখ হাছিনাক পদত্যাগ কৰিবলৈ কয় তেতিয়া শ্বেখ হাছিনাৰ কৈছিল যে ‘মোৰ গুলীয়াই দিয়া আৰু বংগভৱনত সমাধিস্থ কৰি দিয়া’।

এইটো শ্বেখ হাছিনাই পদ এৰাৰ পূৰ্বে শেষৰটো বাক্য আছিল। ইয়াৰ পিছতে তেওঁ ভাৰতত শৰনাপন্ন হৈছিল।

২০২৪ চনত ৫ আগষ্টত বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে অভ্যুত্থান ঘটিছিল।তেওঁৰ পিছত মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী নিযুক্তি দিয়া হয়।

কিছু মাহৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হৈ পৰে।বাংলাদেশত ছাত্ৰ-ছাত্ৰীসকলে অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মহম্মদ ইউনুছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

যোৱা বছৰ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত সেনাই দায়িত্ব ল’লে।এনে পৰিস্থিতিত এতিয়া সেনাই বিচাৰিছে যে দেশত অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত হওক, যাতে সেনাই নিজৰ বেৰেকলৈ উভতি যাব পাৰে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা; ‘সংখ্যালঘু অধ্যুষিত খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ’

শেহতীয়া প্ৰৱন্ধসমূহ