মহাকাশৰ পৰা আহিল ভাল খবৰ! শীঘ্ৰে পৃথিৱীলৈ ঘূৰি আহিব সুনীতা উইলিয়ামছ

মহাকাশৰ পৰা আহিল ভাল খবৰ! শীঘ্ৰে পৃথিৱীলৈ ঘূৰি আহিব সুনীতা উইলিয়ামছ, নাছাই জনালে তাৰিখ

দীৰ্ঘদিন ধৰি মহাকাশত আবদ্ধ হৈ থকা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুশ্ব উইলম’ৰৰ বিষয়ে এটা ভাল খবৰ আহিছে । তেওঁলোকক নিৰাপদে পৃথিৱীলৈ অনাৰ প্ৰস্তুতিত ব্যস্ত নাছা । যাৰ তাৰিখো প্ৰকাশ কৰা হৈছে । বিগত জুন মাহৰ পৰা মহাকাশত আছে সুনীতা আৰু বুশ্ব

দীৰ্ঘদিন ধৰি মহাকাশত আবদ্ধ হৈ থকা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুশ্ব উইলম’ৰৰ বিষয়ে এটা ভাল খবৰ আহিছে । তেওঁলোকক নিৰাপদে পৃথিৱীলৈ অনাৰ প্ৰস্তুতিত ব্যস্ত নাছা । যাৰ তাৰিখো প্ৰকাশ কৰা হৈছে । বিগত জুন মাহৰ পৰা মহাকাশত আছে সুনীতা আৰু বুশ্ব উইলম’ৰ । যাৰ উভতি অহাৰ তাৰিখ অহৰহ পিছুৱাই থকা হৈছে ।

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি মহাকাশ সংস্থাটোৱে ১৯ মাৰ্চত তেওঁলোকক পুনৰ পৃথিৱীলৈ অনাৰ কথা চিন্তা কৰিছে । তথ্য অনুসৰি পূৰ্বে ঘোষণা কৰা সময়সীমাৰ তুলনাত এই সময়সীমা প্ৰায় দুসপ্তাহ আগত । সুনীতা উইলিয়ামছ আৰু উইলম’ৰৰ উভতি অহাৰ এই পৰিৱৰ্তন স্পেচএক্সৰ ক্ৰু-১০ অভিযানৰ বাবে মহাকাশযান নিযুক্তিৰ পৰিৱৰ্তনৰ সৈতে জড়িত ।

প্ৰথমে ক্ৰু-১০ক নিযুক্ত কৰা ড্ৰেগন কেপচুলটো সলনি কৰি নাছাই আগতীয়াকৈ উৎক্ষেপণৰ পথ মুকলি কৰাৰ লক্ষ্য লৈছে, যাৰ ফলত ক্ৰু-৯ — উইলিয়ামছ আৰু উইলম’ৰৰ সৈতে — আশা কৰাতকৈ সোনকালে ঘৰলৈ উভতি যাব পাৰিব ।

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত থকা কাৰিকৰী বিজুতিৰ বাবে তেওঁলোকৰ উভতি অহাৰ নিৰ্ধাৰিত সময়তকৈ পলম হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (আই এছ এছ) আছে । মহাকাশযানখনৰ প্ৰথমটো ক্ৰু মিছন ষ্টাৰলাইনাৰ ক্ৰু ফ্লাইট টেষ্টৰ অংশ হিচাপে ২০২৪ চনৰ ৫ জুনত দুয়োখনে উৎক্ষেপণ কৰে । উৰণৰ সময়ত হিলিয়াম লিক হোৱাৰ বাবে তেওঁলোকৰ উভতি অহাৰ সময় কেইবাবাৰো পিছুৱাই দিয়া হৈছিল ।

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে ইলন মাস্কৰ স্পেচএক্সক মহাকাশত “আবদ্ধ” বুলি দাবী কৰা দুজন মহাকাশচাৰীক ঘূৰাই আনিবলৈ আহ্বান জনাইছিল । আনহাতে বৰ্তমানৰ পৰিকল্পনা হৈছে স্পেচএক্সে মাৰ্চ মাহত তেওঁলোকক ঘূৰাই আনিব আৰু নাছাই নিশ্চিত কৰিছে যে তেওঁলোক আবদ্ধ হৈ থকা নাই । ট্ৰাম্পে কৈছিল যে তেওঁ মাস্ক আৰু স্পেচএক্সক “বাইডেন প্ৰশাসনে মহাকাশত প্ৰায় পৰিত্যক্ত কৰি পেলোৱা দুজন সাহসী মহাকাশচাৰীক উদ্ধাৰ কৰিবলৈ” কৈছিল । লগতে তেওঁ ইলন মাস্কক শুভেচ্ছা জনাইছে ।

শেহতীয়া প্ৰৱন্ধসমূহ