প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে দিল্লী ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ গৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । উল্লেখ্য যে চিপি ৰাধাকৃষ্ণনে চাৰি দশকৰো অধিক সময় ৰাজনৈতিক, সামাজিক আৰু

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে দিল্লী ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ গৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । উল্লেখ্য যে চিপি ৰাধাকৃষ্ণনে চাৰি দশকৰো অধিক সময় ৰাজনৈতিক, সামাজিক আৰু সাংবিধানিক জীৱনত সক্ৰিয় হৈ আছে ।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত ফটো শ্বেয়াৰ কৰি লিখিছে, ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ বাবে অভিনন্দন জনাওঁ ।

অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰিব-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, তেওঁৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰাত সহায় কৰিব । তেওঁ সদায় যি নিষ্ঠা আৰু দৃঢ়তাৰে ৰাষ্ট্ৰৰ সেৱা কৰি যাওক ।

বিজেপিৰ সভাপতি জে পি নাড্ডাই ঘোষণা কৰিছিল প্ৰাৰ্থীত্ব-

উল্লেখ্য যে দেওবাৰে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অনুষ্ঠিত এন ডি এৰ বৈঠকৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডাই চিপি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । তামিলনাডুৰ চি পি ৰাধাকৃষ্ণন লোকসভাৰ সাংসদো হৈ আহিছে । ২০২৪ চনৰ জুলাই মাহত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হোৱা ৰাধাকৃষ্ণনৰ বিৰুদ্ধে বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই । নিৰ্বাচনৰ বাবে ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : চূড়ান্ত হ’ল NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম; জে পি নাড্ডাই কৰিলে ঘোষণা