দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন… পৰাস্ত বিৰোধী প্ৰাৰ্থী সুদৰ্শন ৰেড্ডী

দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন

এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে । মঙলবাৰে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত চি পি ৰাধাকৃষ্ণনে মুঠ ৪৫২ টা ভোট লাভ কৰে । আনহাতে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে । ৰাধাকৃষ্ণনে ১৫২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । উল্লেখ্য যে, দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈছে চি পি ৰাধাকৃষ্ণন ।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৯৮ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে । সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ এঘণ্টা পিছত সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হয় । ভোটগণনা শেষ হোৱাৰ পিছত আজি সন্ধিয়া ফলাফল ঘোষণা কৰা হয় । য’ত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে মুঠ ৪৫২টা ভোট । আনহাতে বিৰোধী প্ৰাৰ্থীয়ে লাভ কৰে ৩০০ ভোট ।

প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

এই নিৰ্বাচনত প্ৰথমে ভোটদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং আৰু এল মুৰুগানৰ সৈতে সংসদ ভৱনৰ বসুধাৰ ১০১ নং কোঠাত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত মোদীয়ে ভোটদান কৰে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিবংশ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱগৌড়া, সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু চৈয়দ নাছিৰ হুছেইনে পুৱাই ভোট কৰে ।

লগতে পঢ়ক : উপ ৰাষ্ট্ৰপতি নিৰ্বাচন : ভোটগ্ৰহণৰ পিছত আৰম্ভ ভোটগণনা, কিছু সময় পিছতে ঘোষণা হ’ব ফলাফল

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ… সংগ দিলে খাৰ্গে-ছোনিয়াই

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ

বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে বৃহস্পতিবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতা মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰেড্ডীয়ে ৰাজ্যসভাৰ মহাসচিব (যি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া)ৰ সন্মুখত মনোনয়ন পত্ৰ দাখিল কৰে ।

মনোনয়নৰ বাবে উপস্থিত থকা বিৰোধী নেতাসকলৰ ভিতৰত এন চি পি (এছ পি)ৰ মুৰব্বী শাৰদ পাৱাৰ, এছ পি নেতা ৰামগোপাল যাদৱ, ডি এম কেৰ তিৰুচি শিৱ, তৃণমূল কংগ্ৰেছৰ শতাব্দী ৰায়, শিৱসেনাৰ (ইউ বি টি)ৰ সঞ্জয় ৰাউত, চি পি আই (এম)ৰ জন ব্ৰিটাছ আদিও আছিল । প্ৰায় ১৬০ জন সাংসদে প্ৰস্তাৱক আৰু সমৰ্থনকাৰী হিচাপে স্বাক্ষৰ কৰিছে । ৰিটাৰ্ণিং অফিচাৰে মনোনয়ন নথি-পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ৰেড্ডীৰ হাতত স্বীকৃতি পত্ৰ প্ৰদান কৰে ।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয় লোকসভা আৰু ৰাজ্যসভাৰ সদস্যই গঠিত । ৰাজ্যসভাৰ মনোনীত সদস্যসকলেও ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে । নিৰ্বাচনী মহাবিদ্যালয়খনৰ কাৰ্যকৰী সংখ্যা ৭৮১ আৰু সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৩৯১ । শাসকীয় এন ডি এয়ে এই পদত চি পি ৰাধাকৃষ্ণনক প্ৰক্ষেপ কৰিছে । শাসকীয় দলটোত কমেও ৪২২ জন সদস্যৰ সমৰ্থন আছে । ৱাই এছ আৰ চি পিৰ দৰে বিৰোধী মিত্ৰজোঁটৰ বাহিৰেও আন দলসমূহে ইতিমধ্যে ৰাধাকৃষ্ণনক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে ।

ইয়াৰ পূৰ্বে বুধবাৰে খাৰ্গেই তেওঁক মিত্ৰ দলসমূহৰ নেতাৰ সৈতে চিনাকি কৰাই দিয়ে । সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত খাৰ্গেৰ সৈতে উপস্থিত হোৱা সুদৰ্শনক ৰেড্ডীক কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীকে ধৰি অন্যান্য বিৰোধী দলৰ নেতাসকলে আদৰণি জনাই । তেওঁৰ সৈতে হোৱা বৈঠকত মিত্ৰজোঁটৰ সকলো মিত্ৰ দলে নিজৰ মতামত দাঙি ধৰে ।

মনোনয়নৰ পূৰ্বে খাৰ্গেই কৈছিল যে বি সুদৰ্শন ৰেড্ডী উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধী প্ৰাৰ্থী । উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কেৱল পদৰ প্ৰতিদ্বন্দ্বিতা নহয় । ই আমাৰ ৰাষ্ট্ৰৰ আত্মাৰ বাবে এক মতাদৰ্শগত যুদ্ধ । শাসকীয় দলে আৰ এছ এছৰ মতাদৰ্শ বাছি লৈছে যদিও আমি সংবিধান আৰু ইয়াৰ মূল্যবোধক আমাৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰোঁ ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল চি পি ৰাধাকৃষ্ণনৰ… সংগ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল চি পি ৰাধাকৃষ্ণনৰ

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে বুধবাৰে মনোনয়ন দাখিল কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝীৰ লগতে বিজেপি আৰু এন ডি এৰ বহু নেতা উপস্থিত থাকে ।

কোন হয় চি পি ৰাধাকৃষ্ণন ?

তামিলনাডুত জন্মগ্ৰহণ কৰা চি পি ৰাধাকৃষ্ণন গৌণ্ডাৰ-কংগু ভেলালাৰ অৰ্থাৎ অ বি চি সম্প্ৰদায়ৰ । তেওঁ তামিলনাডুৰ পৰা উপ-ৰাষ্ট্ৰপতি হোৱা তৃতীয়জন নেতা হ’বলৈ গৈ আছে । ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হোৱাৰ পিছত ২০২৩ চনত ঝাৰখণ্ডৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হয় । ৬৭ বছৰীয়া চি পি ৰাধাকৃষ্ণন বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজ্যপাল । ঝাৰখণ্ডৰ দায়িত্ব চম্ভালি থকাৰ সময়তে ৰাধাকৃষ্ণনে তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ অতিৰিক্ত দায়িত্বও গ্ৰহণ কৰিছিল । চি পি ৰাধাকৃষ্ণনে বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিছে ।

মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি-

মনোনয়ন দাখিলৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী, কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, ধৰ্মেন্দ্ৰ প্ৰধান, ৰামমোহন নাইডু কিঞ্জাৰাপুৰ এল মুৰুগান আৰু বিজেপি নেতা বিনোদ টাউড়েৰ উপস্থিতিত সংসদ চৌহদত চি পি ৰাধাকৃষ্ণনে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ফুল অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন-

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেইদিনাই ভোটগণনাও হ’ব । মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট, আনহাতে প্ৰাৰ্থীয়ে ২৫ আগষ্টলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব । উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সাংসদ, ৰাজ্যসভাৰ ১২ জন মনোনীত সাংসদ আৰু লোকসভাৰ ৫৪৩ জন সাংসদে ভোটদান কৰিব পাৰিব । মুঠ ৭৮৮ গৰাকী এনে লোকে ভোটদান কৰিব পাৰে ।

১৭ আগষ্টত বিজেপিয়ে ঘোষণা কৰিছিল প্ৰাৰ্থীৰ নাম-

এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডাই উপ-ৰাষ্ট্ৰপতি পদৰ বাবে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা কৰিছিল । জগদীপ ধনখড়ে হঠাতে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছৰে পৰা এই পদটো খালী হৈ আছে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণত ২১ জুলাইত জগদীপ ধনখড়ে পদত্যাগ কৰিছিল ।

লগতে পঢ়ক : শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ… আই এছ এছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় মহাকাশচাৰী

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব সুদৰ্শন ৰেড্ডী; ৰাধাকৃষ্ণনক জনাব প্ৰত্যাহ্বান

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব সুদৰ্শন ৰেড্ডী

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন ন্যায়াধীশ জাষ্টিছ বি সুদৰ্শন ৰেড্ডী । কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই বিৰোধীৰ প্ৰাৰ্থী হিচাবে ৰেড্ডীৰ নাম ঘোষণা কৰে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীৰ নাম সন্দৰ্ভত বিৰোধী সৰ্বসন্মতিক্ৰমে একমত হোৱা বুলিও কয় খাৰ্গেই । ইয়াৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ নেতাসকলৰ ১০ ৰাজাজী মাৰ্গৰ বৈঠকত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম নিৰ্ণয় আৰু ঘোষণা কৰা হৈছিল । বৈঠকৰ অন্তত বিৰোধীয়ে তেওঁৰ নাম ঘোষণা কৰে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জাষ্টিছ বি সুদৰ্শন ৰেড্ডীয়ে ২১ আগষ্টত মনোনয়ন দাখিল কৰিব ।

মল্লিকাৰ্জুন খাৰ্গেই কয়, ‘বি. সুদৰ্শন ৰেড্ডী ভাৰতৰ অন্যতম বিশিষ্ট আৰু প্ৰগতিশীল ন্যায়িক । তেওঁৰ আইনী জীৱন দীৰ্ঘদিনীয়া আৰু বিশিষ্ট । অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । তেওঁ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ ধাৰাবাহিক আৰু সাহসী সমৰ্থক হিচাপে কাম কৰি আহিছে । তেওঁ এজন গৰীৱ হিতৈষী ব্যক্তি । তেওঁৰ বহু ৰায় পঢ়িলে গম পাব যে তেওঁ কেনেকৈ দুখীয়াৰ পক্ষ লৈ সংবিধান আৰু মৌলিক অধিকাৰ সুৰক্ষিত কৰিছিল ।’

এন ডি এৰ চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা-

নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে । বিজেপি নেতৃত্বাধীন এন ডি এয়ে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে তামিলনাডুৰ প্ৰবীণ বিজেপি নেতা চি পি ৰাধাকৃষ্ণনক । বিৰোধী মিত্ৰজোঁটে তেওঁৰ নাম ঘোষণা কৰাৰ পিছত তেওঁ কয় যে মই সকলো দলকে সমৰ্থনৰ বাবে আবেদন জনাইছো । তৃণমূল কংগ্ৰেছ নেতা ডেৰেক অ’ব্ৰাইনৰ মতে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টিয়েও ৰেড্ডীক সমৰ্থন কৰিছে ।

কোন হয় ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী ?

১৯৪৬ চনৰ ৮ জুলাইত ৰংগাৰেড্ডী (অন্ধ্ৰপ্ৰদেশ)ৰ পূৰ্বৰ ইব্ৰাহিমপট্টনম তালুকা আকুলা মাইলাৰাম গাঁৱত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ জন্ম হয় । বৰ্তমান কান্দুকুৰ ৰাজহ বিভাগৰ অধীনত থকা গাঁওখনৰ কৃষক পৰিয়ালত জন্ম তেওঁৰ । হায়দৰাবাদত অধ্যয়ন কৰি ১৯৭১ চনত হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে । ১৯৭১ চনত অধিবক্তা হিচাপে পৰিচয় গঢ়ি তোলে । ইয়াৰ পিছত তেওঁ জ্যেষ্ঠ অধিবক্তা কে প্ৰতাপ ৰেড্ডীৰ চেম্বাৰত যোগদান কৰে ।

তেওঁ হায়দৰাবাদৰ নগৰ দেৱানী আদালতৰ লগতে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়তো বহু গোচৰ নিষ্পত্তি কৰে । ১৯৮৮ চনৰ ৮ আগষ্টত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি ৰাজহ বিভাগৰ দায়িত্ব লৈ ১৯৯০ চনৰ ৮ জানুৱাৰীলৈকে এই পদত থাকে । ইয়াৰ পিছত কিছুদিন কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী অধিবক্তা হিচাপেও নিযুক্তি লাভ কৰে তেওঁ ।

ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী এভি এডুকেচন ছ’চাইটিৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ সচিব আৰু সংবাদদাতাও আছিল । ১৯৯৩-৯৪ চনৰ বাবে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি নিৰ্বাচিত হয় । ১৯৯৩ চনৰ ৮ জানুৱাৰীত হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ আইন উপদেষ্টা আৰু স্থায়ী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰা তেখেতে ১৯৯৫ চনৰ ২ মে’ৰ পৰা অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ২০০৫ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰ তেওঁ । ২০১১ চনত অৱসৰ গ্ৰহণ কৰে ৰেড্ডীয়ে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে দিল্লী ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ গৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । উল্লেখ্য যে চিপি ৰাধাকৃষ্ণনে চাৰি দশকৰো অধিক সময় ৰাজনৈতিক, সামাজিক আৰু সাংবিধানিক জীৱনত সক্ৰিয় হৈ আছে ।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত ফটো শ্বেয়াৰ কৰি লিখিছে, ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ বাবে অভিনন্দন জনাওঁ ।

অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰিব-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, তেওঁৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰাত সহায় কৰিব । তেওঁ সদায় যি নিষ্ঠা আৰু দৃঢ়তাৰে ৰাষ্ট্ৰৰ সেৱা কৰি যাওক ।

বিজেপিৰ সভাপতি জে পি নাড্ডাই ঘোষণা কৰিছিল প্ৰাৰ্থীত্ব-

উল্লেখ্য যে দেওবাৰে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অনুষ্ঠিত এন ডি এৰ বৈঠকৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডাই চিপি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । তামিলনাডুৰ চি পি ৰাধাকৃষ্ণন লোকসভাৰ সাংসদো হৈ আহিছে । ২০২৪ চনৰ জুলাই মাহত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হোৱা ৰাধাকৃষ্ণনৰ বিৰুদ্ধে বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই । নিৰ্বাচনৰ বাবে ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : চূড়ান্ত হ’ল NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম; জে পি নাড্ডাই কৰিলে ঘোষণা

ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ; সুস্বাস্থ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ

জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো । প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত কয়, “শ্ৰী জগদীপ ধনখড় জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে । তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।”

ধনখড়ৰ পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ-

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিছে জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ধনখড়ে কয় যে তেওঁ ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ’ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদ এৰিব । ধনখড়ে ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত কয়, ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসাৰ পৰামৰ্শ মানি চলিবলৈ, সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি, মই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো ।’ ২০২২ চনৰ আগষ্ট মাহত ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল ।

উপাধ্যক্ষই কৰিলে সদনৰ কাম-কাজৰ অধ্যক্ষতা-

স্বাস্থ্যজনিত কাৰণত সোমবাৰে সন্ধিয়া ধনখড়ে পদৰ পৰা পদত্যাগ কৰে । উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে মঙলবাৰে সদনৰ পুৱাৰ কাৰ্যসূচীৰ অধ্যক্ষতা কৰে ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশে ।

উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহত ধনখৰে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যসভাৰ অধ্যক্ষ ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰে ।

লগতে পঢ়ক : ‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ; ৰাষ্ট্ৰপতি মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ

দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা পদত্যাগ কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত স্বাস্থ্যজনিত কাৰণ আৰু চিকিৎসাৰ পৰামৰ্শৰ কথা উল্লেখ কৰি সংবিধানৰ ৬৭ (ক) অনুচ্ছেদৰ অধীনত পদত্যাগ কৰাৰ কথা ঘোষণা কৰে তেওঁ । ৰাষ্ট্ৰপতি মুৰ্মুলৈ প্ৰেৰণ কৰা পত্ৰত জগদীপ ধনখড়ে লিখিছে, ‘স্বাস্থ্যক অগ্ৰাধিকাৰ দি আৰু চিকিৎসকৰ পৰামৰ্শ পালন কৰি মই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো ।’ তেখেতে ৰাষ্ট্ৰপতিৰ সহযোগিতা আৰু আন্তৰিক সম্পৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক সহযোগিতা আৰু পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

জগদীপ ধনখড়ে পদত্যাগ পত্ৰত লিখিছে, ‘সংসদৰ সকলো সন্মানীয় সদস্যৰ পৰা যি মৰম, বিশ্বাস আৰু সন্মান লাভ কৰিলোঁ, সেয়া আজীৱন মোৰ হৃদয়ত থাকিব ।’ উপ-ৰাষ্ট্ৰপতি হিচাপে নিজৰ কাৰ্যকাল স্মৰণ কৰি তেওঁ কয়, ‘এই মহান গণতন্ত্ৰত উপ-ৰাষ্ট্ৰপতি হিচাপে মই যি অভিজ্ঞতা আৰু দৃষ্টিভংগী লাভ কৰিছো তাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ । ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু অভূতপূৰ্ব পৰিৱৰ্তনশীল পৰ্যায়ৰ সাক্ষী হোৱাটো মোৰ বাবে সৌভাগ্য আৰু সন্তুষ্টিৰ বিষয় হৈ পৰিছে ।’ ভাৰতৰ গোলকীয় উত্থান আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতি অদম্য বিশ্বাস প্ৰকাশ কৰি তেওঁ পদত্যাগ পত্ৰৰ অন্ত পেলায় ।

২০২২ চনত ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জগদীপ ধনখড়ে ২০২২ চনৰ ৬ আগষ্টত অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিছিল । মুঠ ৭২৫ টা ভোটৰ ভিতৰত ধনখড়ে ৫২৮ টা ভোট লাভ কৰাৰ বিপৰীতে মাৰ্গাৰেট আলভাই ১৮২ টা ভোট লাভ কৰিছিল । উপ-ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ পশ্চিম বংগৰ ৰাজ্যপাল আছিল । ১৯৫১ চনৰ ১৮ মে’ত ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগদীপ ধনখড়ে । গাঁৱৰ স্কুলৰ পৰাই তেওঁ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল । ইয়াৰ পিছত বৃত্তি লাভ কৰি চিত্তোৰগড় সৈনিক বিদ্যালয়ত পঢ়িবলৈ যায় । ধনখড় নেশ্যনেল ডিফেন্স একাডেমীলৈ নিৰ্বাচিত হৈছিল যদিও তেওঁ নামভৰ্তি কৰা নাছিল ।

জয়পুৰ মহাৰাজা কলেজৰ পৰা বি এছ চি (অনাৰ্ছ) ডিগ্ৰী লাভ কৰাৰ লগতে ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰে তেওঁ । তাৰ পিছত জয়পুৰত থাকি আইন চৰ্চা আৰম্ভ কৰা ধনখড় ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন সুপৰিচিত অধিবক্তা আছিল । ১৯৭৯ চনত ধনখড় ৰাজস্থান বাৰ কাউন্সিলৰ সদস্য হয় । ১৯৯০ চনৰ ২৭ মাৰ্চত ৰাজস্থান উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হয় তেওঁ । একে সময়তে তেওঁ উচ্চতম ন্যায়ালয়তো প্ৰেকটিছ কৰি আছিল । ১৯৮৭ চনত ৰাজস্থান হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনৰ সভাপতি হিচাপেও নিৰ্বাচিত হয় তেওঁ ।

লগতে পঢ়ক : ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া; প্ৰস্তাৱত স্বাক্ষৰ ২০৮জন সাংসদৰ

হঠাৎ অসুস্থ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়.. এইমছত ভৰ্তি

হঠাৎ অসু্স্থ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় । বুকুৰ বিষৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক এইমছত ভৰ্তি কৰোৱা হৈছে । সংবাদ সংস্থাই জনোৱা মতে, শনিবাৰে নিশা ৭৩ বছৰীয়া ধনখড়ক চিকিৎসালয়লৈ অনা হয় । বৰ্তমান উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা সুস্থিৰ আৰু তেওঁক চিকিৎসৰ পৰ্যবেক্ষণত ৰখা হৈছে ।

জানিব পৰা মতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অস্বস্তি অনুভৱ কৰিছিল আৰু গভীৰ নিশা বুকুৰ বিষ হৈছিল । ইয়াৰ পিছত নিশা ২ বজাত তেওঁক চিকিৎসালয়লৈ অনা হয় । চিকিৎসকে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক ক্ৰিটিকেল কেয়াৰ ইউনিটত পৰ্যবেক্ষণত ৰখা হৈছে বুলি জনাইছে ।

এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ ৰাজীৱ নৰঙৰ তত্বাৱধানত ধনখড়ক ক্ৰিটিকেল কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে, তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে । এদল চিকিৎসকে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে ।