আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে; ১৫২টা ভোটৰ ব্যৱধানত জয়লাভ

আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব চি পি ৰাধাকৃষ্ণনে

দেশৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চি পি ৰাধাকৃষ্ণনক ৰাতিপুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰাব।

মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি ৰাধাকৃষ্ণনে জয়লাভ কৰে।মঙলবাৰে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণন।

ৰাজ্যসভাৰ মহাসচিব তথা ৰিটাৰ্নিং অফিচাৰ পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে, ৭৮১ জন সাংসদৰ ভিতৰত ৭৬৭ জন সাংসদে ভোটদান কৰিছে,যাৰ ৯৮.২ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে।

লগতে পঢ়ক: ‘হাইড্ৰজেন বোমা আহিব, সকলো মচি পেলোৱা হ’ব’; ৰায়বৰেলীত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে দিল্লী ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ গৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । উল্লেখ্য যে চিপি ৰাধাকৃষ্ণনে চাৰি দশকৰো অধিক সময় ৰাজনৈতিক, সামাজিক আৰু সাংবিধানিক জীৱনত সক্ৰিয় হৈ আছে ।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত ফটো শ্বেয়াৰ কৰি লিখিছে, ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ বাবে অভিনন্দন জনাওঁ ।

অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰিব-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, তেওঁৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰাত সহায় কৰিব । তেওঁ সদায় যি নিষ্ঠা আৰু দৃঢ়তাৰে ৰাষ্ট্ৰৰ সেৱা কৰি যাওক ।

বিজেপিৰ সভাপতি জে পি নাড্ডাই ঘোষণা কৰিছিল প্ৰাৰ্থীত্ব-

উল্লেখ্য যে দেওবাৰে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অনুষ্ঠিত এন ডি এৰ বৈঠকৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডাই চিপি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । তামিলনাডুৰ চি পি ৰাধাকৃষ্ণন লোকসভাৰ সাংসদো হৈ আহিছে । ২০২৪ চনৰ জুলাই মাহত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হোৱা ৰাধাকৃষ্ণনৰ বিৰুদ্ধে বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই । নিৰ্বাচনৰ বাবে ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : চূড়ান্ত হ’ল NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম; জে পি নাড্ডাই কৰিলে ঘোষণা