পাঁচ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি…মণিপুৰত অজয় ​​ভল্লা; ৰঘুবৰ দাসৰ পদত্যাগ গ্ৰহণ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ কেইবাখনো ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিছে । ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা অধিসূচনা অনুসৰি মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কাম্ভমপতিক ওড়িশাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ওড়িশাৰ বৰ্তমানৰ ৰাজ্যপাল ৰঘুবৰ দাসৰ পদত্যাগ গ্ৰহণ কৰিছে । বিহাৰ, কেৰালা,

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ কেইবাখনো ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিছে । ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা অধিসূচনা অনুসৰি মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কাম্ভমপতিক ওড়িশাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ওড়িশাৰ বৰ্তমানৰ ৰাজ্যপাল ৰঘুবৰ দাসৰ পদত্যাগ গ্ৰহণ কৰিছে ।

বিহাৰ, কেৰালা, মিজোৰাম, মণিপুৰত নতুন ৰাজ্যপাল-

কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক বিহাৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । বিহাৰৰ বৰ্তমানৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক কেৰালাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে প্ৰাক্তন সেনা প্ৰধান বিজয় কুমাৰ সিঙক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লাক মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । এই সকলো নিযুক্তি এই নতুন ৰাজ্যপালসকলে নিজৰ নিজৰ কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব ।

কোন ক’ৰ ৰাজ্যপাল হ’ল ?

বিহাৰ- আৰিফ মহম্মদ খান

কেৰালা- ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ

ওড়িশা- ড° হৰি বাবু কাম্ভমপতি

মিজোৰাম – ড° বিজয় কুমাৰ সিং

মণিপুৰ- অজয় ​​কুমাৰ ভল্লা

মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব-

প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লাক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । এই সন্দৰ্ভত ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰিছে এক অধিসূচনা । অজয় কুমাৰ ভল্লা ১৯৮৪ চনৰ বেচৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া । ২০১৯ চনৰ ২২ আগষ্টত অজয় ​​কুমাৰ ভল্লাক কেন্দ্ৰীয় গৃহ সচিব হিচাপে নিযুক্তি দিয়া হৈছিল । ২০২৪ চনৰ ২২ আগষ্টলৈকে তেওঁ প্ৰায় পাঁচ বছৰ ধৰি ভাৰতৰ গৃহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ