গুৱাহাটীত ৰাজ্যৰ অমৰ শ্বহীদসকলক ৰাজ্যপালৰ গভীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়

দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ স্বাৰ্থত নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা অসমৰ অমৰ শ্বহীদসকলক দেওবাৰে গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত ‘শ্বহীদ শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যখনৰ বীৰ সন্তানসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া অসমৰ বীৰ সৈনিক আৰু শ্বহীদসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল । উক্ত অনুষ্ঠানত সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু শ্বহীদ পৰিয়ালসমূহে অংশগ্ৰহণ কৰি যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।

শ্বহীদ পৰিয়ালৰ ওচৰত দেশ চিৰকৃতজ্ঞ : ৰাজ্যপাল

সমবেত ৰাইজ তথা সামৰিক-অসামৰিক বিষয়াসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ৰাজ্যপাল আচাৰ্যই শ্বহীদসকলৰ মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ কয় :

“বীৰ শ্বহীদসকলে দেশৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিলে।  তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওচৰত সমগ্ৰ দেশবাসী সদায় কৃতজ্ঞতাৰ ধাৰেৰে ঋণী হৈ থাকিব । আজি যুদ্ধ স্মাৰকত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ । আমি তেওঁলোকৰ সাহসিকতাক চেলুট জনাইছোঁ আৰু আন্তৰিক শলাগ লৈছোঁ ।”

উল্লেখযোগ্য যে, সৈনিক কল্যাণ সঞ্চালকালয়ে কৰ্তব্যৰত আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মীৰ লগতে অসমৰ শ্বহীদসকলৰ অৱদান আৰু ত্যাগক সমাজত জীয়াই ৰাখিবলৈ নিয়মিতভাৱে এনেধৰণৰ স্মৰণীয় কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক : অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে

অসমৰ ৰাজনৈতিক আকাশত পুনৰ উৰিল এন ডি এৰ বিজয়ধ্বজা । ৰাজ্যত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে গঠন হ’ব বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ । দেওবাৰে বিজেপি তথা এন ডি এ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে ।

নাড্ডাৰ উপস্থিতিত সৰ্বসন্মত নিৰ্বাচন-

আজি পুৱা গুৱাহাটীত অনুষ্ঠিত এন ডি এৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ড০ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী আৰু অজন্তা নেওগকে ধৰি আঠগৰাকী নেতাই ড০ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে, যাক মিত্ৰদল অগপ আৰু বিপিএফেও পূৰ্ণ সমৰ্থন জনায় ।

প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা আৰু লক্ষ্য-

নেতা নিৰ্বাচিত হোৱাৰ পিছত এক আবেগিক ভাষণত ড° শৰ্মাই কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজৰ মৰমৰ বাবেই আমি এই ঐতিহাসিক জয় লাভ কৰিছোঁ । আমাৰ লক্ষ্য অসমক দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলা ।” তেওঁ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে ।

১২ মে’ত শপত গ্ৰহণ সমাৰোহ-

আগন্তুক ১২ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন চৰকাৰৰ মন্ত্ৰী পৰিষদে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত এন ডি এ-য়ে মুঠ ১০২ খন আসন লাভ কৰি বিৰোধীক ধূলিসাৎ কৰিছে । বিজেপিয়ে অকলেই ৮২ খন আসন লাভ কৰাৰ বিপৰীতে অগপ আৰু বিপিএফে ১০ খনকৈ আসন লাভ কৰিছে। আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট মাত্ৰ ১৯ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হৈছে ।

লগতে পঢ়ক : পুনৰ দিছপুৰৰ সিংহাসনত হিমন্ত বিশ্ব শৰ্মা, দ্বিতীয়বাৰৰ বাবে ল’ব মুখ্যমন্ত্ৰীৰ শপত

পাঁচ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি…মণিপুৰত অজয় ​​ভল্লা; ৰঘুবৰ দাসৰ পদত্যাগ গ্ৰহণ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ কেইবাখনো ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিছে । ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা অধিসূচনা অনুসৰি মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কাম্ভমপতিক ওড়িশাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ওড়িশাৰ বৰ্তমানৰ ৰাজ্যপাল ৰঘুবৰ দাসৰ পদত্যাগ গ্ৰহণ কৰিছে ।

বিহাৰ, কেৰালা, মিজোৰাম, মণিপুৰত নতুন ৰাজ্যপাল-

কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক বিহাৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । বিহাৰৰ বৰ্তমানৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক কেৰালাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে প্ৰাক্তন সেনা প্ৰধান বিজয় কুমাৰ সিঙক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লাক মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । এই সকলো নিযুক্তি এই নতুন ৰাজ্যপালসকলে নিজৰ নিজৰ কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব ।

কোন ক’ৰ ৰাজ্যপাল হ’ল ?

বিহাৰ- আৰিফ মহম্মদ খান

কেৰালা- ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ

ওড়িশা- ড° হৰি বাবু কাম্ভমপতি

মিজোৰাম – ড° বিজয় কুমাৰ সিং

মণিপুৰ- অজয় ​​কুমাৰ ভল্লা

মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব-

প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লাক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । এই সন্দৰ্ভত ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰিছে এক অধিসূচনা । অজয় কুমাৰ ভল্লা ১৯৮৪ চনৰ বেচৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া । ২০১৯ চনৰ ২২ আগষ্টত অজয় ​​কুমাৰ ভল্লাক কেন্দ্ৰীয় গৃহ সচিব হিচাপে নিযুক্তি দিয়া হৈছিল । ২০২৪ চনৰ ২২ আগষ্টলৈকে তেওঁ প্ৰায় পাঁচ বছৰ ধৰি ভাৰতৰ গৃহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।