অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ সম্ভাৱনা

অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

হাৰ্ভে ডেলফিনৰ নেতৃত্বত ইউৰোপীয় সংঘৰ এটা প্ৰতিনিধি দলে ৰাজ্য চৰকাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে আলোচনাৰ বাবে অসম ভ্ৰমণলৈ আহিছে। অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰা আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত বিনিয়োগৰ সুযোগসমূহ অন্বেষণ কৰাৰ উদ্দেশ্যেৰে হাৰ্ভে ডেলফিনৰ নেতৃত্বত ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল ৮ জুনত দুদিনীয়া ভ্ৰমণসূচীৰে

হাৰ্ভে ডেলফিনৰ নেতৃত্বত ইউৰোপীয় সংঘৰ এটা প্ৰতিনিধি দলে ৰাজ্য চৰকাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে আলোচনাৰ বাবে অসম ভ্ৰমণলৈ আহিছে।

অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰা আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত বিনিয়োগৰ সুযোগসমূহ অন্বেষণ কৰাৰ উদ্দেশ্যেৰে হাৰ্ভে ডেলফিনৰ নেতৃত্বত ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল ৮ জুনত দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ডেলফিনে অসমৰ প্ৰতি প্ৰশংসা ব্যক্ত কৰে আৰু এই ভ্ৰমণকালত হ’বলগীয়া ধাৰাবাহিক কাৰ্যসূচীবোৰৰ বাবে তেওঁ আগ্ৰহী বুলি প্ৰকাশ কৰে। ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, ‘গেটৱে’ টু গুডনেছ’ । মই সঁচাকৈয়ে এই ঠাইখন ভাল পাইছোঁ। মুখ্যমন্ত্ৰীৰ সৈতে হ’বলগীয়া বৈঠকসমূহৰ বাবে মই আশাৰে বাট চাই আছোঁ।”

এই “টিম ইউৰোপ” প্ৰতিনিধি দলটোত ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগতে ইউৰোপৰ ব্যৱসায়িক নেতাসকলোও অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ইউৰোপীয় ইউনিয়ন আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহ ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ মাজত সহযোগিতা বৃদ্ধি কৰা।

ইউৰোপীয় ইউনিয়নৰ মতে, এই ভ্ৰমণৰ সময়ত হ’বলগীয়া আলোচনাসমূহত ইউৰোপ আৰু উত্তৰ-পূবৰ মাজত সহযোগিতাৰ প্ৰবল সম্ভাৱনা থকা খণ্ডসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, যাৰ ভিতৰত আছে নৱীকৰণযোগ্য আৰু সেউজ শক্তি, বহনক্ষম নগৰীয়া আন্তঃগাঁথনি, স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেলচ, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স উৎপাদন, চাহ আৰু কৃষি-খাদ্য সংসাধন, সোৱাদ আৰু সুগন্ধি আৰু আয়ুস।

প্ৰতিনিধি দলটোৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হোৱাৰ বিপৰীতে ‘ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া’ৰ নেতৃত্বত অহা এটা ব্যৱসায়িক প্ৰতিনিধি দলে বাণিজ্য আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি

শেহতীয়া প্ৰৱন্ধসমূহ