ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে অসমৰ ৰাজনৈতিক আকাশত পুনৰ উৰিল এন ডি এৰ বিজয়ধ্বজা । ৰাজ্যত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে গঠন হ’ব বিজেপি নেতৃত্বাধীন এন ডি এ

বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে

অসমৰ ৰাজনৈতিক আকাশত পুনৰ উৰিল এন ডি এৰ বিজয়ধ্বজা । ৰাজ্যত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে গঠন হ’ব বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ । দেওবাৰে বিজেপি তথা এন ডি এ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী উত্থাপন কৰে ।

নাড্ডাৰ উপস্থিতিত সৰ্বসন্মত নিৰ্বাচন-

আজি পুৱা গুৱাহাটীত অনুষ্ঠিত এন ডি এৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ড০ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী আৰু অজন্তা নেওগকে ধৰি আঠগৰাকী নেতাই ড০ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে, যাক মিত্ৰদল অগপ আৰু বিপিএফেও পূৰ্ণ সমৰ্থন জনায় ।

প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা আৰু লক্ষ্য-

নেতা নিৰ্বাচিত হোৱাৰ পিছত এক আবেগিক ভাষণত ড° শৰ্মাই কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজৰ মৰমৰ বাবেই আমি এই ঐতিহাসিক জয় লাভ কৰিছোঁ । আমাৰ লক্ষ্য অসমক দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলা ।” তেওঁ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে ।

১২ মে’ত শপত গ্ৰহণ সমাৰোহ-

আগন্তুক ১২ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন চৰকাৰৰ মন্ত্ৰী পৰিষদে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত এন ডি এ-য়ে মুঠ ১০২ খন আসন লাভ কৰি বিৰোধীক ধূলিসাৎ কৰিছে । বিজেপিয়ে অকলেই ৮২ খন আসন লাভ কৰাৰ বিপৰীতে অগপ আৰু বিপিএফে ১০ খনকৈ আসন লাভ কৰিছে। আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট মাত্ৰ ১৯ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হৈছে ।

লগতে পঢ়ক : পুনৰ দিছপুৰৰ সিংহাসনত হিমন্ত বিশ্ব শৰ্মা, দ্বিতীয়বাৰৰ বাবে ল’ব মুখ্যমন্ত্ৰীৰ শপত

শেহতীয়া প্ৰৱন্ধসমূহ