গুৱাহাটীত ৰাজ্যৰ অমৰ শ্বহীদসকলক ৰাজ্যপালৰ গভীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীত ৰাজ্যৰ অমৰ শ্বহীদসকলক ৰাজ্যপালৰ গভীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ স্বাৰ্থত নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা অসমৰ অমৰ শ্বহীদসকলক দেওবাৰে গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত ‘শ্বহীদ শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত

গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়

দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ স্বাৰ্থত নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা অসমৰ অমৰ শ্বহীদসকলক দেওবাৰে গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত ‘শ্বহীদ শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যখনৰ বীৰ সন্তানসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া অসমৰ বীৰ সৈনিক আৰু শ্বহীদসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল । উক্ত অনুষ্ঠানত সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু শ্বহীদ পৰিয়ালসমূহে অংশগ্ৰহণ কৰি যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।

শ্বহীদ পৰিয়ালৰ ওচৰত দেশ চিৰকৃতজ্ঞ : ৰাজ্যপাল

সমবেত ৰাইজ তথা সামৰিক-অসামৰিক বিষয়াসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ৰাজ্যপাল আচাৰ্যই শ্বহীদসকলৰ মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ কয় :

“বীৰ শ্বহীদসকলে দেশৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিলে।  তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওচৰত সমগ্ৰ দেশবাসী সদায় কৃতজ্ঞতাৰ ধাৰেৰে ঋণী হৈ থাকিব । আজি যুদ্ধ স্মাৰকত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ । আমি তেওঁলোকৰ সাহসিকতাক চেলুট জনাইছোঁ আৰু আন্তৰিক শলাগ লৈছোঁ ।”

উল্লেখযোগ্য যে, সৈনিক কল্যাণ সঞ্চালকালয়ে কৰ্তব্যৰত আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মীৰ লগতে অসমৰ শ্বহীদসকলৰ অৱদান আৰু ত্যাগক সমাজত জীয়াই ৰাখিবলৈ নিয়মিতভাৱে এনেধৰণৰ স্মৰণীয় কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক : অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

শেহতীয়া প্ৰৱন্ধসমূহ