মুখ্য ন্যায়াধীশ হিচাবে শপত ল’লে বি আৰ গাভায়ে…

মুখ্য ন্যায়াধীশ ৰূপে শপত ল’লে বি আৰ গাভায়ে… ৱাকফ গোচৰ প্ৰথমটো ডাঙৰ প্ৰত্যাহ্বান

বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে । তেওঁক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই । ন্যায়াধীশ গাভাই এই পদত অধিষ্ঠীত হোৱা প্ৰথমগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী । ড° বি আৰ আম্বেদকাৰৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাসকলৰ

বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে । তেওঁক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই । ন্যায়াধীশ গাভাই এই পদত অধিষ্ঠীত হোৱা প্ৰথমগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী । ড° বি আৰ আম্বেদকাৰৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাসকলৰ ভিতৰত ন্যায়াধীশ গাভাইৰ পিতৃ ৰামকৃষ্ণ সূৰ্য্যভান গাভাইও আছিল ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠীত হোৱা অনুসূচিত জাতিৰ দ্বিতীয়গৰাকী ব্যক্তি ন্যায়াধীশ গাভাই । ২০২৫ চনৰ ২৩ নৱেম্বৰত তেওঁৰ কাৰ্যকাল শেষ হ’ব । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পিছদিনাই তেওঁ ৱাকফ আইনৰ সংশোধনী সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি আৰম্ভ কৰিব লাগিব ।

বৰ্তমানলৈকে উচ্চতম ন্যায়ালয়ত ছবছৰীয়া কাৰ্যকালত ন্যায়াধীশ গাভাই বহু গুৰুত্বপূৰ্ণ বিচাৰপীঠৰ অংশ হৈ আহিছে, সেই বিচাৰপীঠসমূহে গুৰুত্বপূৰ্ণ ৰায়দান দিছে । ইয়াৰ ভিতৰত বুলডজাৰৰ এক্সনক গৰিহণা দিয়া আদেশ আৰু এনে প্ৰৱণতা নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা আদি অন্তৰ্ভুক্ত আছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ শুভেচ্ছা গ্ৰহণ কৰে চি জে আই বি আৰ গাভাইয়ে । মঙলবাৰে অৱসৰ লোৱা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ঠাই লৈছে ন্যায়াধীশ গাভাইয়ে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ ৩০ তাৰিখে ন্যায়াধীশ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছিল । ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ